--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গেছ চিলিণ্ডাৰৰ নাটনিৰ সুযোগ গ্রহণ কৰি ক'লা বজাৰত একোটা ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ দাম ৬৫০০ টকা পর্যন্ত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতিয়ে দেশৰ সৰ্ব সাধাৰণলৈ সংকট নমাই আনিছে। ৰন্ধন গেছক লৈয়ে সৃষ্টি হৈছে এই সংকট। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি প্ৰচাৰ চলাই অহাৰ বিপৰীতে সাধাৰণ গ্রাহকে দহোবন কাটি কৰি এজেঞ্চীলৈ ঢাপলি মেলিও এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগাৰ কৰিব পৰা নাই। অনলাইন বুকিং কৰিবলৈ ঘণ্টা ঘণ্টা চেষ্টা কৰিও সফল হ'ব পৰা নাই গ্রাহক। যাৰ বাবে ক'লা বজাৰেই শেষ আশ্ৰয় হৈ পৰিছে বহু নগৰীয়া গ্ৰাহকৰ বাবে। 


ইফালে গেছ চিলিণ্ডাৰৰ নাটনিৰ সুযোগ গ্রহণ কৰি ক'লা বজাৰত একোটা ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ দাম ৬৫০০ টকা পর্যন্ত বৃদ্ধি পাইছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে একোটা ১৪ কিল'গ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ বাবদ ৯০০-১০০০ টকা লোৱা হৈছিল যদিও এতিয়া ক'লা বজাৰত প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ দাম ৪০০০ টকা পর্যন্ত বৃদ্ধি পাইছে। ৰাজস্থানৰ কোটাৰ হোষ্টেল এছ'চিয়েশ্যনৰ সভাপতি নবীন মিটালে প্রকাশ কৰিছে যে শিক্ষার্থীসকলৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক দৈনিক কেইবাশ চিলিণ্ডাৰৰ প্ৰয়োজন হয়। প্রথমে জিলা প্রশাসনে এছ'চিয়েশ্যন কর্তৃপক্ষক চিলিণ্ডাৰৰ নাটনিৰ সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও পাছত তেওঁলোকে ক'লা বজাৰৰ পৰাই ৩৫০০-৪০০০ টকাৰ দৰত চিলিণ্ডাৰ কিনিবলৈ বাধ্য হৈছে। 


উল্লেখযোগ্য যে ভাৰতে তৰলীকৃত পেট্র'লিয়াম গেছৰ ৬০ শতাংশই আমদানি কৰে। ইফালে কেন্দ্ৰীয় পেট্র'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে দেশত ৰন্ধন গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ৰন্ধন গেছ মজুত আছে, সাধাৰণ জনতাই অযথা ভীতিগ্রস্ত হৈ বুকিং অব্যাহত ৰখাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, ৰন্ধন গেছৰ নাটনিৰ ভুৱা খবৰৰ বাবে জনতাই অহর্নিশে গেছৰ বুকিং অব্যাহত ৰখাত সাধাৰণতকৈ গেছৰ বুকিঙৰ পৰিমাণ প্রায় ৬০ শতাংশই বৃদ্ধি হৈছে। জনসাধাৰণক ভুৱা খবৰত বিচলিত নহ'বলৈ কেন্দ্রই আহ্বান জনাইছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ