--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গেছ চিলিণ্ডাৰৰ নাটনিৰ সুযোগ গ্রহণ কৰি ক'লা বজাৰত একোটা ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ দাম ৬৫০০ টকা পর্যন্ত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতিয়ে দেশৰ সৰ্ব সাধাৰণলৈ সংকট নমাই আনিছে। ৰন্ধন গেছক লৈয়ে সৃষ্টি হৈছে এই সংকট। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি প্ৰচাৰ চলাই অহাৰ বিপৰীতে সাধাৰণ গ্রাহকে দহোবন কাটি কৰি এজেঞ্চীলৈ ঢাপলি মেলিও এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগাৰ কৰিব পৰা নাই। অনলাইন বুকিং কৰিবলৈ ঘণ্টা ঘণ্টা চেষ্টা কৰিও সফল হ'ব পৰা নাই গ্রাহক। যাৰ বাবে ক'লা বজাৰেই শেষ আশ্ৰয় হৈ পৰিছে বহু নগৰীয়া গ্ৰাহকৰ বাবে। 


ইফালে গেছ চিলিণ্ডাৰৰ নাটনিৰ সুযোগ গ্রহণ কৰি ক'লা বজাৰত একোটা ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ দাম ৬৫০০ টকা পর্যন্ত বৃদ্ধি পাইছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে একোটা ১৪ কিল'গ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ বাবদ ৯০০-১০০০ টকা লোৱা হৈছিল যদিও এতিয়া ক'লা বজাৰত প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ দাম ৪০০০ টকা পর্যন্ত বৃদ্ধি পাইছে। ৰাজস্থানৰ কোটাৰ হোষ্টেল এছ'চিয়েশ্যনৰ সভাপতি নবীন মিটালে প্রকাশ কৰিছে যে শিক্ষার্থীসকলৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক দৈনিক কেইবাশ চিলিণ্ডাৰৰ প্ৰয়োজন হয়। প্রথমে জিলা প্রশাসনে এছ'চিয়েশ্যন কর্তৃপক্ষক চিলিণ্ডাৰৰ নাটনিৰ সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও পাছত তেওঁলোকে ক'লা বজাৰৰ পৰাই ৩৫০০-৪০০০ টকাৰ দৰত চিলিণ্ডাৰ কিনিবলৈ বাধ্য হৈছে। 


উল্লেখযোগ্য যে ভাৰতে তৰলীকৃত পেট্র'লিয়াম গেছৰ ৬০ শতাংশই আমদানি কৰে। ইফালে কেন্দ্ৰীয় পেট্র'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে দেশত ৰন্ধন গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ৰন্ধন গেছ মজুত আছে, সাধাৰণ জনতাই অযথা ভীতিগ্রস্ত হৈ বুকিং অব্যাহত ৰখাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, ৰন্ধন গেছৰ নাটনিৰ ভুৱা খবৰৰ বাবে জনতাই অহর্নিশে গেছৰ বুকিং অব্যাহত ৰখাত সাধাৰণতকৈ গেছৰ বুকিঙৰ পৰিমাণ প্রায় ৬০ শতাংশই বৃদ্ধি হৈছে। জনসাধাৰণক ভুৱা খবৰত বিচলিত নহ'বলৈ কেন্দ্রই আহ্বান জনাইছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু