--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এল পি জি লৈ ভাৰতীয় জাহাজ নন্দা দেৱী গুজৰাটৰ বাডিনাৰ বন্দৰত উপস্থিত হয়। ইয়াত প্রায় ৪৬ হাজাৰ টন এল পি জি আছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধই সমগ্ৰ ভাৰতত ৰন্ধন গেছ আৰু খাৰুৱা তেলৰ বাবে সংকট সৃষ্টি কৰাৰ সময়তে এটা ভাল খবৰ পোৱা গৈছে। ৰন্ধন গেছ (এল পি জি) আৰু খাৰুৱা তেল লৈ অহা দুখন জাহাজ হৰমুজ প্রণালী পাৰ হৈ কালি ভাৰতত উপস্থিত হয়। 


এল পি জি লৈ ভাৰতীয় জাহাজ নন্দা দেৱী গুজৰাটৰ বাডিনাৰ বন্দৰত উপস্থিত হয়। ইয়াত প্রায় ৪৬ হাজাৰ টন এল পি জি আছে। জাহাজখনে যোৱা ১ মাৰ্চত কাটাৰৰ ৰাছ লাফান বন্দৰৰ পৰা পুৱা ৫-১০ বজাত ভাৰত অভিমুখে ৰাওনা হৈছিল। কিন্তু হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াত তাত কেইবাদিনো ৰৈ থাকিব লগীয়া হয়। জাহাজখন ভাৰতত উপস্থিত হোৱাৰ পাছত দেশত ৰন্ধন গেছৰ সমস্যাৰ বহুখিনি শাম কাটিব। 


উল্লেখযোগ্য যে কালি শিৱালিক নামৰ জাহাজখন ভাৰতত উপস্থিত হৈছিল। দুয়োখন জাহাজত প্রায় ৯২,৭০০ টন এল পি জি আছে। দুয়োখন জাহাজ চৰকাৰী খণ্ডৰ শ্বিপিং কর্প'ৰেশ্যন অব্ ইণ্ডিয়াৰ। আনহাতে তেল পৰিবাহী টেংকাৰ জাহাজ জগ লাডলী ভাৰতীয় সামুদ্রিক এলেকাত প্ৰৱেশ কৰে আৰু কিছু সময়ৰ পাছতে গুজৰাটৰ মুন্দ্ৰা বন্দৰত লংগৰ পেলাব। এই জাহাজখনত ৪৫-৪৬ হাজাৰ টন খাৰুৱা তেল আছে। 


উল্লেখযোগ্য যে ইৰানৰ সৈতে হোৱা আলোচনাৰ পাছত দেশখনে ভাৰতীয় জাহাজ হৰমুজ প্রণালীৰে পাৰ হোৱাৰ অনুমতি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ