--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এল পি জি লৈ ভাৰতীয় জাহাজ নন্দা দেৱী গুজৰাটৰ বাডিনাৰ বন্দৰত উপস্থিত হয়। ইয়াত প্রায় ৪৬ হাজাৰ টন এল পি জি আছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধই সমগ্ৰ ভাৰতত ৰন্ধন গেছ আৰু খাৰুৱা তেলৰ বাবে সংকট সৃষ্টি কৰাৰ সময়তে এটা ভাল খবৰ পোৱা গৈছে। ৰন্ধন গেছ (এল পি জি) আৰু খাৰুৱা তেল লৈ অহা দুখন জাহাজ হৰমুজ প্রণালী পাৰ হৈ কালি ভাৰতত উপস্থিত হয়। 


এল পি জি লৈ ভাৰতীয় জাহাজ নন্দা দেৱী গুজৰাটৰ বাডিনাৰ বন্দৰত উপস্থিত হয়। ইয়াত প্রায় ৪৬ হাজাৰ টন এল পি জি আছে। জাহাজখনে যোৱা ১ মাৰ্চত কাটাৰৰ ৰাছ লাফান বন্দৰৰ পৰা পুৱা ৫-১০ বজাত ভাৰত অভিমুখে ৰাওনা হৈছিল। কিন্তু হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াত তাত কেইবাদিনো ৰৈ থাকিব লগীয়া হয়। জাহাজখন ভাৰতত উপস্থিত হোৱাৰ পাছত দেশত ৰন্ধন গেছৰ সমস্যাৰ বহুখিনি শাম কাটিব। 


উল্লেখযোগ্য যে কালি শিৱালিক নামৰ জাহাজখন ভাৰতত উপস্থিত হৈছিল। দুয়োখন জাহাজত প্রায় ৯২,৭০০ টন এল পি জি আছে। দুয়োখন জাহাজ চৰকাৰী খণ্ডৰ শ্বিপিং কর্প'ৰেশ্যন অব্ ইণ্ডিয়াৰ। আনহাতে তেল পৰিবাহী টেংকাৰ জাহাজ জগ লাডলী ভাৰতীয় সামুদ্রিক এলেকাত প্ৰৱেশ কৰে আৰু কিছু সময়ৰ পাছতে গুজৰাটৰ মুন্দ্ৰা বন্দৰত লংগৰ পেলাব। এই জাহাজখনত ৪৫-৪৬ হাজাৰ টন খাৰুৱা তেল আছে। 


উল্লেখযোগ্য যে ইৰানৰ সৈতে হোৱা আলোচনাৰ পাছত দেশখনে ভাৰতীয় জাহাজ হৰমুজ প্রণালীৰে পাৰ হোৱাৰ অনুমতি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু