--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্র আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা প্রায় ডেৰ দশক পূর্বে স্বাক্ষৰিত পাৰমাণৱিক চুক্তিৰ ম্যাদ বৃহস্পতিবাৰে অন্ত পৰিল।

ডিজিটেল ডেস্ক : বিশ্বক আৱৰি ধৰিছে পাৰমাণৱিক যুদ্ধৰ কলীয়া ডাৱৰে। ইতিমধ্যে উত্তৰ কোৰিয়া, ইজৰাইল, ইৰান আদি দেশে মাজে-সময়ে শত্রু ৰাষ্ট্ৰক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছিল যদিও বৃহস্পতিবাৰৰ পৰা পাৰমাণৱিক আক্ৰমণৰ আশংকা অধিক বৃদ্ধি পালে। 


বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্র আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা প্রায় ডেৰ দশক পূর্বে স্বাক্ষৰিত পাৰমাণৱিক চুক্তিৰ ম্যাদ বৃহস্পতিবাৰে অন্ত পৰিল। ইয়াৰ লগে লগেই বিশ্বৰ দুই বিপৰীত আদৰ্শৰ ৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক অস্ত্ৰৰ প্রতিযোগিতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে বিভিন্ন দেশে। 


উল্লেখযোগ্য যে ৰুছ-মার্কিন পাৰমাণৱিক চুক্তিত দুয়োখন দেশে নিয়ন্ত্রিত পাৰমাণৱিক অস্ত্র জমা ৰখাৰ সিদ্ধান্ত লৈছিল। ২০১১ চনৰ ফেব্ৰুৱাৰীৰ পৰা বলৱৎ হোৱা চুক্তি অনুসৰি দুয়োখন দেশে নিয়োজিত পাৰমাণৱিক অস্ত্ৰৰ পৰিমাণ ১.৫৫০টাৰ ভিতৰত সীমিত ৰখাৰ সিদ্ধান্ত লোৱাৰ লগতে ৭০০টা নিয়োজিত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল, ছাবমেৰিণৰ পৰা উৎক্ষেপণ কৰিব পৰা বেলিষ্টিক মিছাইল আৰু পাৰমাণৱিক অস্ত্র কঢ়িয়াই নিব পৰা গধুৰ বোম্বাৰ লগত ৰখাৰ সিদ্ধান্ত লৈছিল। তদুপৰি নিয়োজিত আৰু অনিয়োজিত ৮০০ লন্সাৰ লগত ৰখাৰ বাবে দুয়ো দেশে সিদ্ধান্ত লৈছিল। 


এই চুক্তিয়ে আমেৰিকাক ঢুকি পাব পৰা ৰাছিয়াৰ আন্তঃমহাদেশীয় পাৰমাণৱিক অস্ত্র সীমিত কৰি তুলিছিল। কিন্তু এই চুক্তিত চীনক অন্তর্ভুক্ত নকৰাৰ বাবে দীর্ঘদিনে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে সমালোচনা কৰি আহিছিল। কাৰণ চীনে নতুন নতুন পৰীক্ষণেৰে নিজৰ পাৰমাণৱিক অস্ত্র ভাণ্ডাৰ চহকী কৰি গৈ আছে আৰু ২০৩৫ চনৰ ভিতৰত ১,৫০০ পাৰমাণৱিক অস্ত্ৰৰ ঘৰ পাৰ হ'ব। কিন্তু বৃহস্পতিবাৰে বিশ্বৰ দুই পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰৰ চুক্তিৰ সমাপ্তিয়ে বিশ্বলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কাৰণ দুয়োখন দেশেই হৈছে যুদ্ধোন্মাদ। 


ৰাছিয়াই ইউক্রেইনৰে যুদ্ধ চলাই থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰইও শেহতীয়াকৈ ভেনিজুৱেলাত আক্রমণ চলাই বাষ্ট্রপতিক উঠাই লৈ গৈছিল। ইফালে এতিয়া পাৰমাণৱিক অস্ত্ৰৰ নির্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰতো আমেৰিকা আৰু ৰাছিয়াৰ মাজত কোনো প্রতিবন্ধকতা নাই। গতিকে ফিৰিঙতিৰ পাৰ খাণ্ডৱ দাহ হোৱাৰ দৰে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰেবে বৃহৎ যুদ্ধ হোৱাৰো সম্ভাৱনা নুই কৰা নাই বিশ্ব সম্প্রদায়ে। 


ৰাষ্ট্রসংঘৰ সচিব প্রধান এন্টনিঅ' গুটেৰেছে এই সময়ছোৱাক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে গম্ভীৰ ক্ষণ হিচাপে অভিহিত কৰিছে। তেওঁ লগতে দুয়োখন দেশক পুনৰ আন এখন পাৰমাণৱিক চুক্তি কৰাৰ আহ্বান জনাইছে। ইফালে নাটোৰ শীর্ষ বিষয়াবর্গইও চুক্তি অন্ত পৰিলেও পাৰমাণৱিক অস্ত্ৰৰ প্রতিযোগিতাত নানামিবলৈ দুয়ো পক্ষকে আহবান জনাইছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ