--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে এই মন্তব্য কৰে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ বিষয়ত বিতর্ক অব্যাহত থকাৰ সময়ত ৰাহুল গান্ধীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰ্বাচন আয়োগৰ (ই চি আই) বিৰুদ্ধে প্ৰমাণৰ এটা 'এটম বোমা' উদ্ধাৰ কৰিছে কংগ্ৰেছ দলে।


লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে এই মন্তব্য কৰে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ বিষয়ত বিতর্ক অব্যাহত থকাৰ সময়ত ৰাহুল গান্ধীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।


সংসদৰ বাহিৰত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপাত গান্ধীয়ে কয় যে নির্বাচন আয়োগে ব্যাপক হাৰত ভোটাৰ তালিকাৰ হেৰফেৰ কৰা কাৰ্যৰ বাবে স্বতন্ত্র প্রতিষ্ঠানটোৰ বিশ্বাসযোগ্যতা হানি হৈছে। ৰাহুলে কয়-আমি বিষয়টোৰ গভীৰলৈ গৈছোঁ, কিন্তু নির্বাচন আয়োগে আমাক সহায় নকৰে। আমি এতিয়া নির্বাচন আয়োগৰ অনিয়মৰ এটা 'এটম বোমা' উদ্ধাৰ কৰিছোঁ। যেতিয়া এই 'এটম বোমা'ৰ বিস্ফোৰণ হ'ব, তেতিয়া আপোনালোকে ভাৰতৰ নিৰ্বাচন আয়োগক দেখিবলৈ সক্ষম নহ'ব।'


ইফালে, ভাৰতৰ নির্বাচন আয়োগে ৰাহুল গান্ধীৰ এই অভিযোগক প্রত্যাখ্যান কৰি কয় যে ই চিয়ে এনে ধৰণৰ ভিত্তিহীন অভিযোগক সদায় নস্যাৎ কৰি আহিছে। ই চিয়ে কয় যে প্রায় প্রতিদিনে এনেধৰণৰ ভিত্তিহীন অভিযোগ আয়োগৰ বিৰুদ্ধে উত্থাপন কৰি ভাবুকি দি থকা হয়। ইচিয়ে সকলো নির্বাচনী বিষয়াক নিৰপেক্ষ আৰু স্বচ্ছ হিচাপত কাম কৰি যাবলৈ আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু