--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে এই মন্তব্য কৰে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ বিষয়ত বিতর্ক অব্যাহত থকাৰ সময়ত ৰাহুল গান্ধীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰ্বাচন আয়োগৰ (ই চি আই) বিৰুদ্ধে প্ৰমাণৰ এটা 'এটম বোমা' উদ্ধাৰ কৰিছে কংগ্ৰেছ দলে।


লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে এই মন্তব্য কৰে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ বিষয়ত বিতর্ক অব্যাহত থকাৰ সময়ত ৰাহুল গান্ধীৰ এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।


সংসদৰ বাহিৰত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপাত গান্ধীয়ে কয় যে নির্বাচন আয়োগে ব্যাপক হাৰত ভোটাৰ তালিকাৰ হেৰফেৰ কৰা কাৰ্যৰ বাবে স্বতন্ত্র প্রতিষ্ঠানটোৰ বিশ্বাসযোগ্যতা হানি হৈছে। ৰাহুলে কয়-আমি বিষয়টোৰ গভীৰলৈ গৈছোঁ, কিন্তু নির্বাচন আয়োগে আমাক সহায় নকৰে। আমি এতিয়া নির্বাচন আয়োগৰ অনিয়মৰ এটা 'এটম বোমা' উদ্ধাৰ কৰিছোঁ। যেতিয়া এই 'এটম বোমা'ৰ বিস্ফোৰণ হ'ব, তেতিয়া আপোনালোকে ভাৰতৰ নিৰ্বাচন আয়োগক দেখিবলৈ সক্ষম নহ'ব।'


ইফালে, ভাৰতৰ নির্বাচন আয়োগে ৰাহুল গান্ধীৰ এই অভিযোগক প্রত্যাখ্যান কৰি কয় যে ই চিয়ে এনে ধৰণৰ ভিত্তিহীন অভিযোগক সদায় নস্যাৎ কৰি আহিছে। ই চিয়ে কয় যে প্রায় প্রতিদিনে এনেধৰণৰ ভিত্তিহীন অভিযোগ আয়োগৰ বিৰুদ্ধে উত্থাপন কৰি ভাবুকি দি থকা হয়। ইচিয়ে সকলো নির্বাচনী বিষয়াক নিৰপেক্ষ আৰু স্বচ্ছ হিচাপত কাম কৰি যাবলৈ আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ