--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিছপুৰৰ লোকসেৱা ভৱনত আয়েজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰে ২০১৯ চনৰ বাজেটত প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণা ৰাজহুৱা কৰিছিল।

ডিজিটেল ডেস্ক : ২০২৬ চনত অনুষ্ঠিত হ'ব লগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে অৰুণোদয়ৰ পৰা নিযুত মইনা আঁচনিলৈকে কেইবাখনো আঁচনিৰ পৰিসৰ বৃদ্ধিৰে চমক দিবলৈ ওলাইছে। সেই অনুসৰি অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰীৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰা হৈছে।


শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়েজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰে ২০১৯ চনৰ বাজেটত প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণা ৰাজহুৱা কৰিছিল। প্ৰথমতে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ৮৩০ টকাকৈ প্রদান কৰা হৈছিল। ইয়াৰ পাছত ২০২১ চনত নতুন চৰকাৰ গঠনৰ পাছত অৰুণোদয় ২.০ৰ আৰম্ভ হৈছিল।


সেই সময়ত হিতাধিকাৰীৰ সংখ্যা আছিল প্রায় ২৮ লাখ। কিন্তু সেই সময়ত আমি কাৰো পৰা আধাৰ কাৰ্ড বা ৰেছন কাৰ্ডৰ সবিশেষ লোৱা নাছিলোঁ। পাছত সমীক্ষা চলাই দেখা গ'ল যে বহু অযোগ্য লোক হিতাধিকাৰী হৈ আছে। সেয়েহে এতিয়া ৰাজ্য চৰকাৰে সঠিক পৰীক্ষণৰ দ্বাৰা অৰুণোদয় ৩.০ৰ হিতাধিকাৰী নিৰ্বাচন কৰিছে। এই বাছনী প্ৰক্ৰিয়াটোৰ বাবে প্রায় ছমাহ সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া সকলো হিতাধিকাৰী আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন হৈ আছে। অৱশ্যে বি টি এ ডিত প্রক্রিয়াটো সম্পূর্ণ হোৱা নাই। সকলো মিলালে প্রায় ৪০ লাখ পৰিয়ালক আৰুণোদয়ে সামৰি লৈছে।


আনহাতে, জুলাই মাহত অৰুণোদয় ২.০ৰ সমাপ্ত হোৱাৰ পাছত আগষ্ট মাহৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হ'ল বুলি জনাই তেওঁ লগতে কয় যে এই মাহত পঞ্চায়ত প্রতিনিধি বা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে প্রতিজন হিতাধীকাৰীৰ ঘৰলৈ মুখ্যমন্ত্ৰীয়ে দিয়া এখন যোগ্যতাৰ পত্ৰ আৰু কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি একোখনকৈ গ্রন্থ প্রদান কৰিব। এই প্রক্ৰিয়াটোৰ বাবে আগষ্ট মাহত কোনেও অৰুণোদয়ৰ ধন লাভ নকৰিব। ইয়াৰ পাছত প্ৰক্ৰিয়াটো সমাপ্ত হ'লে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ইফালে, অসমৰ ইতিহাসত ৪০ লাখ পৰিয়াল সামৰি এনে কোনো আঁচনি পূর্বে গ্রহণ কৰা হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এইবাৰৰ পৰা প্ৰতিটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। তেওঁ হিতাধিকাৰাৰী কিবা সমস্যা থাকিলে সমাধান কৰিব। ইয়াৰ উপৰি এটা পৰ্টেলো মুকলি কৰা হ'ব।


ইফালে অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালৰ বাবে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই দিয়াৰ উদ্দেশ্যে পৰীক্ষামূলকভাবে এক নতুন আঁচনি আৰম্ভ কৰা হ'ব বুলিও মুখমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়-এই আঁচনিৰ যোগেদি ৰন্ধন গেছ ক্ৰয় কৰাৰ বাবে ২৫০ টকাৰ ৰাজসাহায্য প্রদান কৰা হ'ব। অৰুণোদয়ৰ পৰিয়ালে গেছ ক্ৰয় কৰিলেহে এই ৰাজসাহায্য লাভকৰিব।


অর্থাৎ অৰুণোদয়ৰ ১২৫০ টকাৰ লগতে ৰন্ধন গেছৰ বাবে অতিৰিক্ত ২৫০ টকা লাভ কৰিব। গেছ ক্রয় নকৰিলে এই পুঁজি নাপাব। অৰুণোদয় ০.৩ হিতাধিকাৰীক যিখন মুখ্যমন্ত্ৰীৰ পত্ৰ দিয়া হ'ব তাৰ লগত গেছৰ বাবে এখন ফর্ম দিয়া হ'ব। ইয়াৰ বাবে ৰন্ধন গেছৰ কানেকশান নম্বৰ লাগিব। ইয়াৰ যোগেদি আই অ' চিৰ লগত যোগাযোগ হ'ব। এই আঁচনিখন ভালদৰে চলিলে ভবিষ্যতে স্থায়ী কৰা হ'ব বুলিও কয় ড° শৰ্মাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু