--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৰাজনৈতিক উপদেষ্টা বানা ছানাউল্লাই লস্কৰৰ মুৰব্বী হাফিজ ছয়ীদৰ পুত্র তালহা ছয়ীদৰ সৈতে ফটো উঠাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে।

ডিজিটেল ডেস্ক : পাকিস্তানত চৰকাৰ আৰু সন্ত্রাসবাদীৰ সম্পৰ্ক পুনৰ উন্মোচিত হৈছে। সন্ত্রাসবাদীৰ সৈতে সম্পর্ক থকাটো পাকিস্তানে বাৰে বাৰে অস্বীকাৰ কৰি অহাৰ পাছতো দেশখনৰ সন্ত্রাসবাদ প্রীতি। 


পুনৰ মুকলি হৈছে শেহতীয়াকৈ সংঘটিত এটা ঘটনাৰ পৰা। পাকিস্তানৰ ৰাজনৈতিক নেতা আৰু নিষিদ্ধ ঘোষিত সন্ত্রাসবাদীৰ সম্পর্ক পুনৰবাৰ উন্মোচন হয় যেতিয়া অলপতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফৰ এজন ঘনিষ্ঠ সহযোগীয়ে লস্কৰ-এ-তৈয়বাৰ (এল ই টি) সন্ত্রাসবাদী হাফিজ তালহা ছয়ীদৰ সৈতে একেখন মঞ্চত উপবিষ্ট হোৱা প্রত্যক্ষ কৰা হৈছিল। 


প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৰাজনৈতিক উপদেষ্টা বানা ছানাউল্লাই লস্কৰৰ মুৰব্বী হাফিজ ছয়ীদৰ পুত্র তালহা ছয়ীদৰ সৈতে ফটো উঠাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে। উল্লেখযোগ্য যে হাফিজ ছয়ীদ ২৬/১১ মুম্বাই সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল। এই হাফিজ ছয়ীদৰ পুত্র তথা দুর্ধর্ষ সন্ত্রাসবাদী তালহা ছয়ীদে ফৈছালাবাদৰ এটা বিবাহৰ অনুষ্ঠানত মঞ্চত একেলগে পাকিস্তান চৰকাৰৰ এজন গুৰুত্বপূর্ণ প্ৰতিনিধিৰ সৈতে ফটো উঠিছিল আৰু তেওঁলোকক যথেষ্ট অন্তৰংগ বাৰ্তালাপ আৰু সৌহার্দ্যপূর্ণ মুহূর্তত প্রত্যক্ষ কৰা হৈছিল। ভাৰতীয় সংবাদ মাধ্যম এন ডি টিভিয়ে এই ফটো লাভ কৰিছে কিন্তু কোন তাৰিখে দুয়োজন বিবাহ অনুষ্ঠানটোত মিলিত হৈছিল, সেইটো স্পষ্ট কৰা নাই। 


কিন্তু এটা হাই-প্রফাইল সামাজিক অনুষ্ঠানত চানাউল্লাহ আৰু তালহা ছয়ীদে মুকলিকৈ বার্তালাপ কৰা আৰু কৰমৰ্দন কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইবেল হৈছে। আনহাতে, পাকিস্তানে সন্ত্রাসবাদীৰ পৃষ্ঠপোষকতা কৰি আছে বুলি ভাৰতে বাৰে বাৰে দাবী কৰি অহাৰ পাছতো দেশখনে এই দাবীক নস্যাৎ কৰি আহিছিল। কিন্তু মুম্বাই আৰু পুলৱামাত সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইও হাফিজ ছয়ীদৰ পুত্ৰৰ সৈতে পাকিস্তানী চৰকাৰৰ এজন গুৰুত্বপূর্ণ প্রতিনিধিৰ ৰাজহুৱা স্থানত মুকলি মিতিৰালিয়ে ভাৰতৰ দাবীক পুনৰবাৰ প্রতিপন্ন কৰিলে। দুয়োজনৰ মাজত এই মুকলি বার্তালাপে পাকিস্তানৰ শাসক পক্ষৰ সৈতে সন্ত্রাসবাদীৰ নেটৱৰ্কৰ সম্পর্ক থকাটো প্রমাণিত হ'ল। 


উল্লেখযোগ্য যে কিছুদিন পূর্বে আমেৰিকাৰ সংসদে এখন প্রতিবেদনত প্রকাশ কৰিছিল যে পাকিস্তানত এতিয়াও ১৫টা সন্ত্রাসবাদীৰ সংগঠন সক্রিয় হৈ আছে। কেইবাটাও সংগঠনে ভাৰতক আক্রমণৰ লক্ষ্য কৰি আছে। পাকিস্তানৰ পৃষ্ঠপোষকতাত এই সন্ত্রাসবাদী সংগঠনকেইটাই দক্ষিণ এছিয়াৰ দেশবোৰত সন্ত্ৰাসৰ কাৰ্য সংঘটিত কৰি আছে বুলি মার্কিন কংগ্রেছে প্রকাশ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ