--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৰাজনৈতিক উপদেষ্টা বানা ছানাউল্লাই লস্কৰৰ মুৰব্বী হাফিজ ছয়ীদৰ পুত্র তালহা ছয়ীদৰ সৈতে ফটো উঠাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে।

ডিজিটেল ডেস্ক : পাকিস্তানত চৰকাৰ আৰু সন্ত্রাসবাদীৰ সম্পৰ্ক পুনৰ উন্মোচিত হৈছে। সন্ত্রাসবাদীৰ সৈতে সম্পর্ক থকাটো পাকিস্তানে বাৰে বাৰে অস্বীকাৰ কৰি অহাৰ পাছতো দেশখনৰ সন্ত্রাসবাদ প্রীতি। 


পুনৰ মুকলি হৈছে শেহতীয়াকৈ সংঘটিত এটা ঘটনাৰ পৰা। পাকিস্তানৰ ৰাজনৈতিক নেতা আৰু নিষিদ্ধ ঘোষিত সন্ত্রাসবাদীৰ সম্পর্ক পুনৰবাৰ উন্মোচন হয় যেতিয়া অলপতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফৰ এজন ঘনিষ্ঠ সহযোগীয়ে লস্কৰ-এ-তৈয়বাৰ (এল ই টি) সন্ত্রাসবাদী হাফিজ তালহা ছয়ীদৰ সৈতে একেখন মঞ্চত উপবিষ্ট হোৱা প্রত্যক্ষ কৰা হৈছিল। 


প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৰাজনৈতিক উপদেষ্টা বানা ছানাউল্লাই লস্কৰৰ মুৰব্বী হাফিজ ছয়ীদৰ পুত্র তালহা ছয়ীদৰ সৈতে ফটো উঠাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে। উল্লেখযোগ্য যে হাফিজ ছয়ীদ ২৬/১১ মুম্বাই সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল। এই হাফিজ ছয়ীদৰ পুত্র তথা দুর্ধর্ষ সন্ত্রাসবাদী তালহা ছয়ীদে ফৈছালাবাদৰ এটা বিবাহৰ অনুষ্ঠানত মঞ্চত একেলগে পাকিস্তান চৰকাৰৰ এজন গুৰুত্বপূর্ণ প্ৰতিনিধিৰ সৈতে ফটো উঠিছিল আৰু তেওঁলোকক যথেষ্ট অন্তৰংগ বাৰ্তালাপ আৰু সৌহার্দ্যপূর্ণ মুহূর্তত প্রত্যক্ষ কৰা হৈছিল। ভাৰতীয় সংবাদ মাধ্যম এন ডি টিভিয়ে এই ফটো লাভ কৰিছে কিন্তু কোন তাৰিখে দুয়োজন বিবাহ অনুষ্ঠানটোত মিলিত হৈছিল, সেইটো স্পষ্ট কৰা নাই। 


কিন্তু এটা হাই-প্রফাইল সামাজিক অনুষ্ঠানত চানাউল্লাহ আৰু তালহা ছয়ীদে মুকলিকৈ বার্তালাপ কৰা আৰু কৰমৰ্দন কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইবেল হৈছে। আনহাতে, পাকিস্তানে সন্ত্রাসবাদীৰ পৃষ্ঠপোষকতা কৰি আছে বুলি ভাৰতে বাৰে বাৰে দাবী কৰি অহাৰ পাছতো দেশখনে এই দাবীক নস্যাৎ কৰি আহিছিল। কিন্তু মুম্বাই আৰু পুলৱামাত সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইও হাফিজ ছয়ীদৰ পুত্ৰৰ সৈতে পাকিস্তানী চৰকাৰৰ এজন গুৰুত্বপূর্ণ প্রতিনিধিৰ ৰাজহুৱা স্থানত মুকলি মিতিৰালিয়ে ভাৰতৰ দাবীক পুনৰবাৰ প্রতিপন্ন কৰিলে। দুয়োজনৰ মাজত এই মুকলি বার্তালাপে পাকিস্তানৰ শাসক পক্ষৰ সৈতে সন্ত্রাসবাদীৰ নেটৱৰ্কৰ সম্পর্ক থকাটো প্রমাণিত হ'ল। 


উল্লেখযোগ্য যে কিছুদিন পূর্বে আমেৰিকাৰ সংসদে এখন প্রতিবেদনত প্রকাশ কৰিছিল যে পাকিস্তানত এতিয়াও ১৫টা সন্ত্রাসবাদীৰ সংগঠন সক্রিয় হৈ আছে। কেইবাটাও সংগঠনে ভাৰতক আক্রমণৰ লক্ষ্য কৰি আছে। পাকিস্তানৰ পৃষ্ঠপোষকতাত এই সন্ত্রাসবাদী সংগঠনকেইটাই দক্ষিণ এছিয়াৰ দেশবোৰত সন্ত্ৰাসৰ কাৰ্য সংঘটিত কৰি আছে বুলি মার্কিন কংগ্রেছে প্রকাশ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু