--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেছৰন ঘাটিত নির্দয়ভাৱে ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত কৰা তদন্তত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰিছে।



বেছৰন ঘাটিত নির্দয়ভাৱে ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে।


নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্রমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল। ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল।


আন দুটা পাকিস্তানী হাছিম মুছা আৰু আলী ভাই বুলি চিনাক্ত ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে। নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্ৰমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল। ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল। আন দুটা পাকিস্তানী হাছিম - মুছা আৰু আলী ভাই বুলি চিনাক্ত কৰা হৈছিল। নিয়াৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে দুজন স্থানীয় সন্ত্রাসবাদীৰে যোগাযোগকাৰীক গ্রেপ্তাৰ কৰিছে।


এই দুয়োটা যোগাযোগকাৰীক জেৰাৰ পাছত সিহঁতে বেছৰন ঘাটিত আক্ৰমণৰ সৈতে তিনিটা পাকিস্তান লস্কৰৰ সন্ত্রাসবাদী জড়িত থকাৰ বিষয়ে প্রকাশ কৰিছে। পূর্বে প্রকাশ কৰা ফটোৰ লগত এই সন্ত্রাসবাদীকেইটাৰ মিল নাই। উল্লেখযোগ্য যে নিয়াই গ্ৰেপ্তাৰ কৰা স্থানীয় সন্ত্রাসবাদী দুটাৰ ঘৰত বেছৰনৰ আক্ৰমণটো সংঘটিত কৰাৰ পাছত পাকিস্তানী সন্ত্রাসবাদীকেইটা আশ্রয় লৈছিল আৰু খাদ্যও গ্রহণ কৰিছিল বুলি নিয়াই প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু