--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেছৰন ঘাটিত নির্দয়ভাৱে ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত কৰা তদন্তত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰিছে।



বেছৰন ঘাটিত নির্দয়ভাৱে ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে।


নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্রমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল। ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল।


আন দুটা পাকিস্তানী হাছিম মুছা আৰু আলী ভাই বুলি চিনাক্ত ২৬জন নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ লগত তিনিজন পাকিস্তানী নাগৰিক জড়িত আছে বুলি দেওবাৰে নিয়াই প্রকাশ কৰিছে। নিয়াৰ মুখপাত্রই কয় যে এই তিনিটা লস্কৰ-এ-তয়বাৰ (এল ই টি) সন্ত্রাসবাদী আৰু নিয়াই প্রথমবাৰৰ বাবে এই হত্যাকাৰীকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্ৰমণটোৰ পাছতেই তিনিটা সন্দেহজনক আক্ৰমণকাৰীৰ ফটো প্ৰচাৰ কৰিছিল। ইয়াত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ এটা স্থানীয় সন্ত্রাসবাদী আদিল হুছেইন টোকাৰো আছিল। আন দুটা পাকিস্তানী হাছিম - মুছা আৰু আলী ভাই বুলি চিনাক্ত কৰা হৈছিল। নিয়াৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে দুজন স্থানীয় সন্ত্রাসবাদীৰে যোগাযোগকাৰীক গ্রেপ্তাৰ কৰিছে।


এই দুয়োটা যোগাযোগকাৰীক জেৰাৰ পাছত সিহঁতে বেছৰন ঘাটিত আক্ৰমণৰ সৈতে তিনিটা পাকিস্তান লস্কৰৰ সন্ত্রাসবাদী জড়িত থকাৰ বিষয়ে প্রকাশ কৰিছে। পূর্বে প্রকাশ কৰা ফটোৰ লগত এই সন্ত্রাসবাদীকেইটাৰ মিল নাই। উল্লেখযোগ্য যে নিয়াই গ্ৰেপ্তাৰ কৰা স্থানীয় সন্ত্রাসবাদী দুটাৰ ঘৰত বেছৰনৰ আক্ৰমণটো সংঘটিত কৰাৰ পাছত পাকিস্তানী সন্ত্রাসবাদীকেইটা আশ্রয় লৈছিল আৰু খাদ্যও গ্রহণ কৰিছিল বুলি নিয়াই প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ