--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হোৱাইট হাউছত অনুষ্ঠিত হোৱা ৰণকৌশলৰ চূড়ান্ত সত্ৰত গবার্ড আৰু হেগছেথ উপস্থিত নাছিল।

ডিজিটেল ডেস্কঃ ইৰানৰ পাৰমাণৱিক ঘাটিত আক্রমণ কৰাৰ পূৰ্বে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তুলসী গবার্ড আৰু প্ৰতিৰক্ষা সচিব পীট হেগছেথক ইৰানৰ হৈ কৰা মন্তব্যৰ বাবে সমালোচনা কৰে। ইয়াৰ পৰিণতিতেই মার্কিন চোৰাংচোৱা সংস্থাৰ মুৰব্বী তুলসী গবাৰ্ডক ইৰান আক্ৰমণৰ সময়ত 'ছিটুৱেশ্যন কম'ৰ পৰা আঁতৰাই ৰাখে।


ইয়াৰ পৰিৱৰ্তে মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু দেশখনৰ সামৰিক বাহিনীৰ শীর্ষ নেতৃত্বকহে 'ছিটুৱেশ্যন কম'ত স্থান দিয়ে। হোৱাইট হাউছত অনুষ্ঠিত হোৱা ৰণকৌশলৰ চূড়ান্ত সত্ৰত গবার্ড আৰু হেগছেথ উপস্থিত নাছিল। ৰাষ্ট্ৰপতি ট্রাম্পে উপ-ৰাষ্ট্ৰপতি ভেন্স, বিদেশ সচিব মার্ক' কবিঅ', চি আই এৰ সঞ্চালক জন কেটক্লিফ আৰু তেওঁৰ মধ্য প্রাচ্যৰ দূত ষ্টিভ উইটকফৰ সৈতেহে ইৰানৰ বিৰুদ্ধে চূড়ান্ত ৰণকৌশল ৰচনা কৰে।


শুকুৰবাৰে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত গবার্ডে দিয়া সতর্কবাণী নাকচ কৰি ৰাষ্ট্ৰপতি ট্রাম্পে কৈছিল, 'তেওঁৰ ভুল হৈছে'। 'গবার্ডে কি কৈছে মই নামানো, মই এইটোহে জানো যে ইৰানে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী সমাপ্ত কৰাৰ সমীপত উপনীত হৈছে', ট্রাম্পে কৈছিল।


উল্লেখযোগ্য যে মার্কিন চোৰাংচোৱাৰ সঞ্চালক তুলসী গবার্ডে ৰাজহুৱাকৈ কৈছিল যে ইৰানে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰা নাই। তদুপৰি মার্কিন প্ৰতিৰক্ষা সচিব পীট হেগছেথক শেহতীয়াকৈ ট্রাম্প প্রশাসনত দুর্বল ভূমিকা লোৱা দেখা গৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ