--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হোৱাইট হাউছত অনুষ্ঠিত হোৱা ৰণকৌশলৰ চূড়ান্ত সত্ৰত গবার্ড আৰু হেগছেথ উপস্থিত নাছিল।

ডিজিটেল ডেস্কঃ ইৰানৰ পাৰমাণৱিক ঘাটিত আক্রমণ কৰাৰ পূৰ্বে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তুলসী গবার্ড আৰু প্ৰতিৰক্ষা সচিব পীট হেগছেথক ইৰানৰ হৈ কৰা মন্তব্যৰ বাবে সমালোচনা কৰে। ইয়াৰ পৰিণতিতেই মার্কিন চোৰাংচোৱা সংস্থাৰ মুৰব্বী তুলসী গবাৰ্ডক ইৰান আক্ৰমণৰ সময়ত 'ছিটুৱেশ্যন কম'ৰ পৰা আঁতৰাই ৰাখে।


ইয়াৰ পৰিৱৰ্তে মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু দেশখনৰ সামৰিক বাহিনীৰ শীর্ষ নেতৃত্বকহে 'ছিটুৱেশ্যন কম'ত স্থান দিয়ে। হোৱাইট হাউছত অনুষ্ঠিত হোৱা ৰণকৌশলৰ চূড়ান্ত সত্ৰত গবার্ড আৰু হেগছেথ উপস্থিত নাছিল। ৰাষ্ট্ৰপতি ট্রাম্পে উপ-ৰাষ্ট্ৰপতি ভেন্স, বিদেশ সচিব মার্ক' কবিঅ', চি আই এৰ সঞ্চালক জন কেটক্লিফ আৰু তেওঁৰ মধ্য প্রাচ্যৰ দূত ষ্টিভ উইটকফৰ সৈতেহে ইৰানৰ বিৰুদ্ধে চূড়ান্ত ৰণকৌশল ৰচনা কৰে।


শুকুৰবাৰে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত গবার্ডে দিয়া সতর্কবাণী নাকচ কৰি ৰাষ্ট্ৰপতি ট্রাম্পে কৈছিল, 'তেওঁৰ ভুল হৈছে'। 'গবার্ডে কি কৈছে মই নামানো, মই এইটোহে জানো যে ইৰানে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী সমাপ্ত কৰাৰ সমীপত উপনীত হৈছে', ট্রাম্পে কৈছিল।


উল্লেখযোগ্য যে মার্কিন চোৰাংচোৱাৰ সঞ্চালক তুলসী গবার্ডে ৰাজহুৱাকৈ কৈছিল যে ইৰানে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰা নাই। তদুপৰি মার্কিন প্ৰতিৰক্ষা সচিব পীট হেগছেথক শেহতীয়াকৈ ট্রাম্প প্রশাসনত দুর্বল ভূমিকা লোৱা দেখা গৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন