--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইছৰ'ই দেওবাৰে ইন্টিগ্রেটেড এয়াৰ ড্রপ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে (আই এ ডি টি-০১)

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') গগনযান অভিযানৰ দিশত দেওবাৰে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰে। ইছৰ'ই দেওবাৰে ইন্টিগ্রেটেড এয়াৰ ড্রপ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে (আই এ ডি টি-০১)।


এই পৰীক্ষা কৰা হয় গগনযান অভিযানৰ পেৰাচ্যুট ছিষ্টেমৰ সম্পৰ্কত সঠিক তথ্য লাভৰ কাৰণে। ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহযোগত ইছৰ'ই এই পৰীক্ষা সম্পন্ন কৰে।


কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্র সিঙে গৱেষকসকলক অভিনন্দন জনাই কয় যে গগনযানৰ বাবে হিউমেন ৰেটেডে লান্স ভেহিকল (এইচ এ ভি এম-৩) তৈয়াৰ হৈ আছে।


উল্লেখযোগ্য যে ভাৰতে গগনযানৰ জৰিয়তে মহাকাশত মানৱ অভিযান চলাব। দেওবাৰৰ পৰীক্ষাটোৰ পেৰাঢ্যুট প্ৰণালীৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা হয়, যাতে মহাকাশৰ পৰা ভাৰতীয় মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাৰ সময়ত তেওঁলোকৰ নিৰাপদ অৱতৰণ সুনিশ্চিত কৰিব পাৰি। অন্ধ্র প্রদেশত থকা ভাৰতীয় বায়ু সেনাৰ এটা ঘাটিৰ পৰা এই পৰীক্ষা কৰা হয়। ইছৰ'ই সামাজিক মাধ্যমত প্রকাশ কৰে যে গগনযান অভিযানৰ বাবে পেৰাচ্যুটক ভিত্তি কৰা ডিচিলেৰেশ্যন প্ৰণালীৰ প্ৰথমটো ইন্টিগ্রেটেড এয়াৰ ড্ৰপ পৰীক্ষা সফল হৈছে। কালিৰ পৰীক্ষাটোৰ জৰিয়তে মহাকাশযাত্রী পৃথিৱীলৈ উভতি আহিবলগীয়া কেপছুলৰ পেৰাচ্যুট সময় মতে খোল খায়নে নাখায় সেইটো পৰীক্ষা কৰা হয়। দেওবাৰৰ পৰীক্ষাৰ সময়ত প্রায় ৫টন ওজনৰ ডামী ক্ৰ কেপছুল বায়ু সেনাৰ চিনুক হেলিকপ্টাৰেৰে চাৰি কিল'মিটাৰ ওপৰৰ আকাশৰ পৰা এৰি দিয়া হয়।


কেপছুল তললৈ অহাৰ সময়ত নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে পেৰাচ্যুট খোল খায় আৰু কেপছুলৰ গতি হ্রাস কৰাৰ লগতে সাগৰত সুৰক্ষিত অৱতৰণ কৰাটো নিশ্চিত কৰে। উল্লেখযোগ্য যে গগনযানৰ প্রথমটো মানৱবিহীন অভিযান (জি-১) চলিত বছৰৰ ডিচেম্বৰত চলোৱা হ'ব। এই অভিযানত হাফ-হিউমেনাইড ৰবট ব্যুমিত্ৰই মহাকাশ যাত্রা কৰিব। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্রকাশ কৰি কয় যে গগনযান অভিযানৰ প্ৰায় ৮০% কাম সম্পূর্ণ হৈছে। এতিয়ালৈকে প্রায় ৭,৭০০ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে। বাকী ২,৩০০ টা পৰীক্ষণ অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজা মহাকাশ আস্থান স্থাপন আৰু ২০৪০ চনৰ ভিতৰত চন্দ্ৰত প্রথমটো মানৱ অভিযান চলোৱাৰ লক্ষ্য লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু