--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইছৰ'ই দেওবাৰে ইন্টিগ্রেটেড এয়াৰ ড্রপ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে (আই এ ডি টি-০১)

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') গগনযান অভিযানৰ দিশত দেওবাৰে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰে। ইছৰ'ই দেওবাৰে ইন্টিগ্রেটেড এয়াৰ ড্রপ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে (আই এ ডি টি-০১)।


এই পৰীক্ষা কৰা হয় গগনযান অভিযানৰ পেৰাচ্যুট ছিষ্টেমৰ সম্পৰ্কত সঠিক তথ্য লাভৰ কাৰণে। ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহযোগত ইছৰ'ই এই পৰীক্ষা সম্পন্ন কৰে।


কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্র সিঙে গৱেষকসকলক অভিনন্দন জনাই কয় যে গগনযানৰ বাবে হিউমেন ৰেটেডে লান্স ভেহিকল (এইচ এ ভি এম-৩) তৈয়াৰ হৈ আছে।


উল্লেখযোগ্য যে ভাৰতে গগনযানৰ জৰিয়তে মহাকাশত মানৱ অভিযান চলাব। দেওবাৰৰ পৰীক্ষাটোৰ পেৰাঢ্যুট প্ৰণালীৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা হয়, যাতে মহাকাশৰ পৰা ভাৰতীয় মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাৰ সময়ত তেওঁলোকৰ নিৰাপদ অৱতৰণ সুনিশ্চিত কৰিব পাৰি। অন্ধ্র প্রদেশত থকা ভাৰতীয় বায়ু সেনাৰ এটা ঘাটিৰ পৰা এই পৰীক্ষা কৰা হয়। ইছৰ'ই সামাজিক মাধ্যমত প্রকাশ কৰে যে গগনযান অভিযানৰ বাবে পেৰাচ্যুটক ভিত্তি কৰা ডিচিলেৰেশ্যন প্ৰণালীৰ প্ৰথমটো ইন্টিগ্রেটেড এয়াৰ ড্ৰপ পৰীক্ষা সফল হৈছে। কালিৰ পৰীক্ষাটোৰ জৰিয়তে মহাকাশযাত্রী পৃথিৱীলৈ উভতি আহিবলগীয়া কেপছুলৰ পেৰাচ্যুট সময় মতে খোল খায়নে নাখায় সেইটো পৰীক্ষা কৰা হয়। দেওবাৰৰ পৰীক্ষাৰ সময়ত প্রায় ৫টন ওজনৰ ডামী ক্ৰ কেপছুল বায়ু সেনাৰ চিনুক হেলিকপ্টাৰেৰে চাৰি কিল'মিটাৰ ওপৰৰ আকাশৰ পৰা এৰি দিয়া হয়।


কেপছুল তললৈ অহাৰ সময়ত নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে পেৰাচ্যুট খোল খায় আৰু কেপছুলৰ গতি হ্রাস কৰাৰ লগতে সাগৰত সুৰক্ষিত অৱতৰণ কৰাটো নিশ্চিত কৰে। উল্লেখযোগ্য যে গগনযানৰ প্রথমটো মানৱবিহীন অভিযান (জি-১) চলিত বছৰৰ ডিচেম্বৰত চলোৱা হ'ব। এই অভিযানত হাফ-হিউমেনাইড ৰবট ব্যুমিত্ৰই মহাকাশ যাত্রা কৰিব। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্রকাশ কৰি কয় যে গগনযান অভিযানৰ প্ৰায় ৮০% কাম সম্পূর্ণ হৈছে। এতিয়ালৈকে প্রায় ৭,৭০০ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে। বাকী ২,৩০০ টা পৰীক্ষণ অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। উল্লেখযোগ্য যে ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজা মহাকাশ আস্থান স্থাপন আৰু ২০৪০ চনৰ ভিতৰত চন্দ্ৰত প্রথমটো মানৱ অভিযান চলোৱাৰ লক্ষ্য লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ