--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি গোপনে প্ৰেম চলাই থকা বুলি চৰ্চিত এই যুটীটোৰ বিবাহৰ দিন চূড়ান্ত হোৱা বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে। আনকি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ এখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ ভাইৰেল হৈ পৰিছে।

ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত পৰিবলৈ গৈ আছে নেকি? দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানাৰ বিয়াক লৈ এতিয়া সৰ্বত্ৰে গুণগুণনি আৰম্ভ হৈছে।


দীৰ্ঘদিন ধৰি গোপনে প্ৰেম চলাই থকা বুলি চৰ্চিত এই যুটীটোৰ বিবাহৰ দিন চূড়ান্ত হোৱা বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে। আনকি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ এখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ ভাইৰেল হৈ পৰিছে।


ভাইৰেল ‘ৱেডিং কাৰ্ড’ত কি আছে?


ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত বিয়পি পৰা এখন নিমন্ত্ৰণী পত্ৰত বিজয় আৰু ৰশ্মিকাৰ নাম স্পষ্টকৈ উল্লেখ থকা দেখা গৈছে। এই ভাইৰেল কাৰ্ডখনৰ মতে, অতি সোনকালে দুয়োয়ে এক জাকজমকীয়া অনুষ্ঠানৰ মাজত পাণিগ্ৰহণ কৰিব । বিজয় আৰু ৰশ্মিকাই ২৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব। যদিও এই কাৰ্ডখনৰ সত্যতাৰ সন্দৰ্ভত দুয়ো গৰাকী তাৰকাই বৰ্তমানলৈকে মুখ খোলা নাই, তথাপিও অনুৰাগীসকলৰ মাজত এতিয়া আনন্দৰ সীমা নাই।


‘গীতা গোবিন্দম’ৰ পৰা প্ৰেমৰ আৰম্ভণি!


বিজয় আৰু ৰশ্মিকাক পোনপ্ৰথমে ‘গীতা গোবিন্দম’ আৰু পৰৱৰ্তী সময়ত ‘ডিয়াৰ কমৰেড’ ছবিত একেলগে দেখা গৈছিল। পৰ্দাৰ এই কাহিনী বাস্তৱ জীৱনতো অতি সোনকালেই দেখিবলৈ পোৱা গৈছিল। দুয়োকে প্ৰায়েই একেলগে ডিনাৰ ডেটত যোৱা বা বিদেশ ভ্ৰমণ কৰা দেখা যায়। আনকি ৰশ্মিকাক বিজয়ৰ পৰিয়ালৰ সৈতেও কেইবাবাৰো উৎসৱ-পাৰ্বনত দেখা গৈছে।


অনুৰাগীৰ যুটী ‘বিৰশ্মিকা’ (ViRashmika)


অনুৰাগীসকলে মৰমেৰে তেওঁলোকক ‘বিৰশ্মিকা’ বুলি মাতে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে তেওঁলোকৰ বিবাহৰ খবৰক লৈ হেচটেগ ট্ৰেণ্ড হ’বলৈ আৰম্ভ কৰিছে। বহুতে এয়া কেৱল কোনো বিজ্ঞাপনৰ অংশ বুলি সন্দেহ কৰিলেও, একাংশই বিশ্বাস কৰে যে এইবাৰ সঁচাকৈয়ে দুয়োৱে নিজৰ সম্পৰ্কক এক নতুন নাম দিবলৈ আগবাঢ়িছে।


বৰ্তমান ৰশ্মিকা মান্দানা তেওঁৰ আগন্তুক ছবি ‘পুষ্পা ২’ আৰু ‘চাউয়া’ক লৈ ব্যস্ত থকাৰ বিপৰীতে বিজয় দেৱৰাকোণ্ডাও নিজৰ নতুন প্ৰজেক্টত মনোনিবেশ কৰিছে। এতিয়া চাবলগীয়া হ’ব যে এই ভাইৰেল খবৰটোৰ আঁৰৰ সত্যতা কি? এয়া সঁচাকৈয়ে তেওঁলোকৰ বিবাহৰ নিমন্ত্ৰণী নে কোনো বিশেষ ছুপাৰহিট চিনেমাৰ প্ৰচাৰৰ কৌশল?


সকলোৰে চকু এতিয়া এই ‘পাৱাৰ কাপল’ৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু