--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি গোপনে প্ৰেম চলাই থকা বুলি চৰ্চিত এই যুটীটোৰ বিবাহৰ দিন চূড়ান্ত হোৱা বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে। আনকি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ এখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ ভাইৰেল হৈ পৰিছে।

ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত পৰিবলৈ গৈ আছে নেকি? দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানাৰ বিয়াক লৈ এতিয়া সৰ্বত্ৰে গুণগুণনি আৰম্ভ হৈছে।


দীৰ্ঘদিন ধৰি গোপনে প্ৰেম চলাই থকা বুলি চৰ্চিত এই যুটীটোৰ বিবাহৰ দিন চূড়ান্ত হোৱা বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে। আনকি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ এখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ ভাইৰেল হৈ পৰিছে।


ভাইৰেল ‘ৱেডিং কাৰ্ড’ত কি আছে?


ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত বিয়পি পৰা এখন নিমন্ত্ৰণী পত্ৰত বিজয় আৰু ৰশ্মিকাৰ নাম স্পষ্টকৈ উল্লেখ থকা দেখা গৈছে। এই ভাইৰেল কাৰ্ডখনৰ মতে, অতি সোনকালে দুয়োয়ে এক জাকজমকীয়া অনুষ্ঠানৰ মাজত পাণিগ্ৰহণ কৰিব । বিজয় আৰু ৰশ্মিকাই ২৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব। যদিও এই কাৰ্ডখনৰ সত্যতাৰ সন্দৰ্ভত দুয়ো গৰাকী তাৰকাই বৰ্তমানলৈকে মুখ খোলা নাই, তথাপিও অনুৰাগীসকলৰ মাজত এতিয়া আনন্দৰ সীমা নাই।


‘গীতা গোবিন্দম’ৰ পৰা প্ৰেমৰ আৰম্ভণি!


বিজয় আৰু ৰশ্মিকাক পোনপ্ৰথমে ‘গীতা গোবিন্দম’ আৰু পৰৱৰ্তী সময়ত ‘ডিয়াৰ কমৰেড’ ছবিত একেলগে দেখা গৈছিল। পৰ্দাৰ এই কাহিনী বাস্তৱ জীৱনতো অতি সোনকালেই দেখিবলৈ পোৱা গৈছিল। দুয়োকে প্ৰায়েই একেলগে ডিনাৰ ডেটত যোৱা বা বিদেশ ভ্ৰমণ কৰা দেখা যায়। আনকি ৰশ্মিকাক বিজয়ৰ পৰিয়ালৰ সৈতেও কেইবাবাৰো উৎসৱ-পাৰ্বনত দেখা গৈছে।


অনুৰাগীৰ যুটী ‘বিৰশ্মিকা’ (ViRashmika)


অনুৰাগীসকলে মৰমেৰে তেওঁলোকক ‘বিৰশ্মিকা’ বুলি মাতে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে তেওঁলোকৰ বিবাহৰ খবৰক লৈ হেচটেগ ট্ৰেণ্ড হ’বলৈ আৰম্ভ কৰিছে। বহুতে এয়া কেৱল কোনো বিজ্ঞাপনৰ অংশ বুলি সন্দেহ কৰিলেও, একাংশই বিশ্বাস কৰে যে এইবাৰ সঁচাকৈয়ে দুয়োৱে নিজৰ সম্পৰ্কক এক নতুন নাম দিবলৈ আগবাঢ়িছে।


বৰ্তমান ৰশ্মিকা মান্দানা তেওঁৰ আগন্তুক ছবি ‘পুষ্পা ২’ আৰু ‘চাউয়া’ক লৈ ব্যস্ত থকাৰ বিপৰীতে বিজয় দেৱৰাকোণ্ডাও নিজৰ নতুন প্ৰজেক্টত মনোনিবেশ কৰিছে। এতিয়া চাবলগীয়া হ’ব যে এই ভাইৰেল খবৰটোৰ আঁৰৰ সত্যতা কি? এয়া সঁচাকৈয়ে তেওঁলোকৰ বিবাহৰ নিমন্ত্ৰণী নে কোনো বিশেষ ছুপাৰহিট চিনেমাৰ প্ৰচাৰৰ কৌশল?


সকলোৰে চকু এতিয়া এই ‘পাৱাৰ কাপল’ৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ