--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আইৰা ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত আৰু বিতোপন কাশ্যপৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে এই মহোৎসৱত লাভ কৰা বঁটাকেইটা হৈছে— শ্ৰেষ্ঠ কাহিনী চিত্ৰ (আদি শক্তি), শ্ৰেষ্ঠ মূল কাহিনী (ইন্দ্ৰাণী বৰুৱা) আৰু শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (আৰ্শিয়া মহন্ত)।

ডিজিটেল ডেস্ক: অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিছে এক সুখবৰ। নতুন দিল্লীত যুটীয়া আন্তঃৰাষ্ট্ৰীয় চিনেমা সমাৰোহ হিচাপে অনুষ্ঠিত হোৱা ১৮সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF) ২০২৬, ৯ম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ (NDFF) ২০২৬ আৰু গ্ল’বেল চিনে কনফ্লুৱেন্স (GCC)–দিল্লী ফিল্ম কনভেনচন এণ্ড ছামিট-২০২৬ত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে তিনিটাকৈ সন্মানীয় বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। 


যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহ দেশৰ ভিতৰতে অন্যতম বৃহৎ চলচ্চিত্ৰ সমাৰোহ। এই বিশেষ মঞ্চত চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক আৰু সমালোচকসকলৰ মাজত কলাত্মক ভাৱৰ আদান-প্ৰদানে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে।


আইৰা ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত আৰু বিতোপন কাশ্যপৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে এই মহোৎসৱত লাভ কৰা বঁটাকেইটা হৈছে— শ্ৰেষ্ঠ কাহিনী চিত্ৰ (আদি শক্তি), শ্ৰেষ্ঠ মূল কাহিনী (ইন্দ্ৰাণী বৰুৱা) আৰু শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (আৰ্শিয়া মহন্ত)। 


‘আদি শক্তিয়ে’ যুগ যুগ ধৰি চলি অহা পুৰুষতান্ত্ৰিক আধিপত্য নীতি-নিয়ম আৰু পশ্চাদপসৰণশীল পৰম্পৰাক সাহস আৰু দৃঢ়তাৰে প্ৰতিহত কৰা এগৰাকী সাহসী যুৱতীৰ কাহিনী বৰ্ণনা কৰিছে।


ছবিখনত অভিনয় কৰিছে- আৰ্শিয়া মহন্ত(নৱাগতা), মঞ্জুলা বৰুৱা, ৰিনা বৰা, তপন দাস, নিৰুপম শইকীয়া, অপৰ্ণ দত্ত চৌধুৰী, জলী লস্কৰ, অসীম কৃষ্ণ বৰুৱা, অৱতোষ ভূঞা,পল্লৱী বৰা মহন্ত, প্ৰণামী ভাৰতী, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দুৱৰী, প্ৰসন্ত শালৈ, ময়ুখ শৰ্মা, ৰিমলিম ভূঞা, বৰষা দাস আৰু শিশুশিল্পী আয়ুষ মহন্ত।


এইবাৰৰ মহোৎসৱত বিশ্বৰ ৬০খনতকৈও অধিক দেশৰ ৪,০০০তকৈও অধিক চলচ্চিত্ৰৰ ভিতৰত ৬ শতাধিক ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হয়। ভাৰতৰ লগতে ইউ কে, ইটালী, ফ্ৰান্স, জাৰ্মানী, আমেৰিকা, জাপান, পাকিস্তান আৰু ইউ এ ই আদি দেশৰ প্ৰায় ১,০০০ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ১০টা বিভিন্ন শাখাত বঁটাসমূহ প্ৰদান কৰা হয়। ১০টা শাখাত মুঠ ১২খন সৰ্বশ্ৰেষ্ঠ কথাছবি এই সমাৰোহত প্ৰদৰ্শিত হয়। এই সমাৰোহে বিশ্বৰ উদীয়মান তথা অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰি এক অনন্য সাংস্কৃতিক মিলনক্ষেত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু