--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰৰ শাসনকালত দেশখনত ব্যাপক হিংসা, হত্যা আদি ঘটনা সংঘটিত হৈছিল।

ডিজিটেল ডেস্ক : বহু প্রতীক্ষিত আৰু সমগ্ৰ বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা বাংলাদেশৰ সাধাৰণ নির্বাচন ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হয়। ২০২৪ চনৰ আগষ্ট মাহত প্রবল ছাত্ৰ বিক্ষোভৰ ওচৰত সেও মানি তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনত সংসদীয় নির্বাচন অনুষ্ঠিত হয়। 


হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰৰ শাসনকালত দেশখনত ব্যাপক হিংসা, হত্যা আদি ঘটনা সংঘটিত হৈছিল। 


আনহাতে, আজি অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত দেশখনৰ ৫০ শতাংশ ভোট কেন্দ্ৰই অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। চৰকাৰী বিষয়াসকলে প্রকাশ কৰা মতে, ইয়াৰে ৯০ শতাংশ ভোট কেন্দ্রত চিচি টিভিৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বডি কেমেৰা পৰিধান কৰা আৰক্ষীৰ লোকক ৰাজধানী ঢাকাত মোতায়েন কৰা হৈছে। 


দেশখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ সময়ত এনেধৰণৰ ব্যাপক পৰিসৰত নিৰাপত্তাৰক্ষী মোতায়েন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। দেশখনৰ ৪৩,০০০ ভোট কেন্দ্ৰৰ ভিতৰত ২৪,০০০টা ভোট কেন্দ্রই অতি স্পৰ্শকাতৰ বুলি তেওঁলোকে চিনাক্ত কৰিছে। 


আজি অনুষ্ঠিত হোৱা নির্বাচন মুক্ত, স্বচ্ছ আৰু নিৰপেক্ষ ব্যৱস্থাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰায় ৯,৫৮,০০০ নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে । পুৱা ৭-৩০ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হয় আৰু বিয়লি ৪-৩০ বজাত ভোটদান প্রক্রিয়া অন্ত পৰিব। মুঠ ৪২,৬৫৯টা ভোট কেন্দ্রত ভোট গ্ৰহণ কৰা হব। উল্লেখযোগ্য যে এইবাৰৰ বাংলাদেশৰ নির্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পার্টি (বি এন পি) আৰু জামাত-এ-ইছলামী নেতৃত্বাধীন ১১ দলৰ মিত্ৰজোঁটৰ মাজত মূল প্রতিদ্বন্দ্বিতা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement