--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰৰ শাসনকালত দেশখনত ব্যাপক হিংসা, হত্যা আদি ঘটনা সংঘটিত হৈছিল।

ডিজিটেল ডেস্ক : বহু প্রতীক্ষিত আৰু সমগ্ৰ বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা বাংলাদেশৰ সাধাৰণ নির্বাচন ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হয়। ২০২৪ চনৰ আগষ্ট মাহত প্রবল ছাত্ৰ বিক্ষোভৰ ওচৰত সেও মানি তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনত সংসদীয় নির্বাচন অনুষ্ঠিত হয়। 


হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰৰ শাসনকালত দেশখনত ব্যাপক হিংসা, হত্যা আদি ঘটনা সংঘটিত হৈছিল। 


আনহাতে, আজি অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত দেশখনৰ ৫০ শতাংশ ভোট কেন্দ্ৰই অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। চৰকাৰী বিষয়াসকলে প্রকাশ কৰা মতে, ইয়াৰে ৯০ শতাংশ ভোট কেন্দ্রত চিচি টিভিৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বডি কেমেৰা পৰিধান কৰা আৰক্ষীৰ লোকক ৰাজধানী ঢাকাত মোতায়েন কৰা হৈছে। 


দেশখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ সময়ত এনেধৰণৰ ব্যাপক পৰিসৰত নিৰাপত্তাৰক্ষী মোতায়েন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। দেশখনৰ ৪৩,০০০ ভোট কেন্দ্ৰৰ ভিতৰত ২৪,০০০টা ভোট কেন্দ্রই অতি স্পৰ্শকাতৰ বুলি তেওঁলোকে চিনাক্ত কৰিছে। 


আজি অনুষ্ঠিত হোৱা নির্বাচন মুক্ত, স্বচ্ছ আৰু নিৰপেক্ষ ব্যৱস্থাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰায় ৯,৫৮,০০০ নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে । পুৱা ৭-৩০ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হয় আৰু বিয়লি ৪-৩০ বজাত ভোটদান প্রক্রিয়া অন্ত পৰিব। মুঠ ৪২,৬৫৯টা ভোট কেন্দ্রত ভোট গ্ৰহণ কৰা হব। উল্লেখযোগ্য যে এইবাৰৰ বাংলাদেশৰ নির্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পার্টি (বি এন পি) আৰু জামাত-এ-ইছলামী নেতৃত্বাধীন ১১ দলৰ মিত্ৰজোঁটৰ মাজত মূল প্রতিদ্বন্দ্বিতা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু