--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নতুন বছৰৰ প্ৰথম মাহটোত খাদী সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক উৎপাদিত সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : খুচুৰা মুদ্রাস্ফীতিৰ পাছত জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পায়। কেন্দ্রীয় বাণিজ্য মন্ত্রালয়ে কালি প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে জানুৱাৰী মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বিগত দহ মাহৰ ভিতৰত সৰ্বাধিক। 


নতুন বছৰৰ প্ৰথম মাহটোত খাদী সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক উৎপাদিত সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায়। ইয়াৰ প্ৰভাৱ দেখা পোৱা যায় পাইকাৰী মুদ্রাস্ফীতিৰ হাৰত। পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ একেৰাহে তৃতীয় মাহ বৃদ্ধি পায় আৰু জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১.৮১% হয়গৈ। ইয়াৰ আগতে ডিচেম্বৰত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৮৩%। 


 


আনহাতে, যোৱা বছৰ জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ২.৫১% আছিল আৰু এপ্ৰিলত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৮৫%। বাণিজ্য মন্ত্র্যালয়ে প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যোৱা মাহত খাদ্য সামগ্ৰী আৰু বস্ত্ৰৰ লগতে আন সামগ্ৰী তথা নির্মাণ খণ্ডৰ সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায়। 


উদ্যোগ মন্ত্র্যালয়ে প্রকাশ কৰা পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাৰ অন্যতম প্রধান কাৰণ হ'ল মূল ধাতুৰ উৎপাদন, অন্য উৎপাদিত সামগ্ৰী, খাদ্যৰ তালিকাত নপৰা সামগ্ৰী তথা বস্ত্ৰ আদিৰ দাম বৃদ্ধি পোৱাটো। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ডিচেম্বৰৰ ০.২১%ৰ পৰা বৃদ্ধি পাই যোৱা মাহত ২.২১%, খাদ্য সামগ্ৰীৰ -০.৪৩%ৰ পৰা বৃদ্ধি পাই ১.৫৫% হয়গৈ। 



অৱশ্যে এই সময়ছোৱাত ইন্ধন আৰু শক্তিৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ-২.৩১%ৰ পৰা হ্রাস পাই-৪.০১% হয়। কিন্তু ঔদ্যোগিক আৰু নিৰ্মাণখণ্ডৰ সৈতে জড়িত উৎপাদিত সামগ্ৰীৰ দাম ১.৮২%ৰ পৰা বৃদ্ধি পাই ২.৮৬% হয়গৈ। উল্লেখযোগ্য যে যোৱা সপ্তাহত প্রকাশ কৰা তথ্য মতে জানুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আঠ মাহৰ ভিতৰত সৰ্বাধিক হয়। জানুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ২.৭৫%।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু