--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ মুড়া নামৰ লোকজনৰ আমাচি মুড়া নামৰ প্ৰায় তিনি বছৰীয়া এজনী কন্যা সন্তান যোৱা ২২ ফেব্ৰুৱাৰীত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়।

ডিজিটেল ডেস্ক: টেঙাখাত থানাৰ অন্তৰ্গত চৰাইচুঙী গাঁৱত আজি ৩ বছৰীয়া এটি কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱা এক হৃদয় বিদাৰক ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হয়। 


ঘটনাৰ বিৱৰণী অনুসৰি উক্ত গাঁৱৰ ৰাজ মুড়া নামৰ লোকজনৰ আমাচি মুড়া নামৰ প্ৰায় তিনি বছৰীয়া এজনী কন্যা সন্তান যোৱা ২২ ফেব্ৰুৱাৰীত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়। 


এই সন্দৰ্ভত পৰিয়ালে টেঙাখাত আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে ঘৰৰ ওচৰ-পাজৰৰ আৰু বহু ঠাইত খবৰ-খাতি কৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আজি পুৱাৰ ভাগত ৰাজ মুড়াই নিজৰ বাঁহনিত বাঁহ কাটিবলৈ যোৱাৰ সময়ত হঠাতে এটা গাঁতত সন্দেহজনক কিবা বস্তু দেখিবলৈ পাই আৰু ওচৰত গৈ তেওঁৰে কন্যাৰ মৃতদেহ বুলি চিনাক্ত কৰে। 


পৰৱৰ্তী সময়ত এই বিষয়ে স্থানীয় ৰাইজৰ লগতে গাঁও প্ৰধানক জনাই আৰু গাঁও প্ৰধানৰ জৰিয়তে খবৰটো টেঙাখাত আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে দণ্ডাধীশৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত টেঙাখাত আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ সন্দৰ্ভত টেঙাখাত আৰক্ষীয়ে কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ক্ষীপ্ৰতাৰে অনুসন্ধান অব্যাহত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু