--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ মুড়া নামৰ লোকজনৰ আমাচি মুড়া নামৰ প্ৰায় তিনি বছৰীয়া এজনী কন্যা সন্তান যোৱা ২২ ফেব্ৰুৱাৰীত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়।

ডিজিটেল ডেস্ক: টেঙাখাত থানাৰ অন্তৰ্গত চৰাইচুঙী গাঁৱত আজি ৩ বছৰীয়া এটি কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱা এক হৃদয় বিদাৰক ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হয়। 


ঘটনাৰ বিৱৰণী অনুসৰি উক্ত গাঁৱৰ ৰাজ মুড়া নামৰ লোকজনৰ আমাচি মুড়া নামৰ প্ৰায় তিনি বছৰীয়া এজনী কন্যা সন্তান যোৱা ২২ ফেব্ৰুৱাৰীত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়। 


এই সন্দৰ্ভত পৰিয়ালে টেঙাখাত আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে ঘৰৰ ওচৰ-পাজৰৰ আৰু বহু ঠাইত খবৰ-খাতি কৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আজি পুৱাৰ ভাগত ৰাজ মুড়াই নিজৰ বাঁহনিত বাঁহ কাটিবলৈ যোৱাৰ সময়ত হঠাতে এটা গাঁতত সন্দেহজনক কিবা বস্তু দেখিবলৈ পাই আৰু ওচৰত গৈ তেওঁৰে কন্যাৰ মৃতদেহ বুলি চিনাক্ত কৰে। 


পৰৱৰ্তী সময়ত এই বিষয়ে স্থানীয় ৰাইজৰ লগতে গাঁও প্ৰধানক জনাই আৰু গাঁও প্ৰধানৰ জৰিয়তে খবৰটো টেঙাখাত আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে দণ্ডাধীশৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত টেঙাখাত আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ সন্দৰ্ভত টেঙাখাত আৰক্ষীয়ে কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ক্ষীপ্ৰতাৰে অনুসন্ধান অব্যাহত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ