--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ লগতে পেট্রল-ডিজেলৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰি আহিছে যদিও মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশলৈ খাৰুৱা তেলৰ আমদানি হ্রাস পাইছে।

ডিজিটেল ডেস্ক: ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়াও সুলভ হোৱা নাই। বৰঞ্চ আজিও ৰাজ্যৰ বিভিন্ন গেছৰ এজেঞ্চিত চিলিণ্ডাৰ বিচাৰি অহা লোকৰ দীঘলীয়া শাৰীহে পৰিলক্ষিত হৈছে।


মহানগৰীৰ লগতে বিভিন্ন স্থানত চিলিণ্ডাৰৰ অভাৱত হোটেল-ৰেস্তোৰাঁ বন্ধ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে আজি ৰাজ্যৰ বিভিন্ন স্থানত পেট্রল ডিপোসমূহত জনতাৰ দীঘলীয়া শাৰী দেখা পোৱা যায়। 


পেট্রল-ডিজেলৰ নাটনি হ'ব বুলি আশংকা প্রকাশ কৰিয়েই গ্রাহকসকলে আগতীয়াকৈ নিজৰ বাহনত তেল ভৰাবলৈ ওলাই অহাত আজি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে ৰাজ্যৰ বহুকেইটা পেট্রল পাম্পত তেলৰ নাটনি ঘটা বুলি জানিব পৰা গৈছে। 


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ লগতে পেট্রল-ডিজেলৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰি আহিছে যদিও মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশলৈ খাৰুৱা তেলৰ আমদানি হ্রাস পাইছে। যাৰ ফলত দেশত মজুত থকা তেলৰ ভাণ্ডাৰো ক্ৰমাৎ টুটি আহিছে। এনে পৰিস্থিতিত অনাগত দিনত ৰন্ধন গেছৰ লগতে পেট্রল-ডিজেলৰ নাটনিয়ে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ