--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ষ্ট্ৰীট ফুড বুলিলে নিসন্দেহে প্ৰথমে মনলৈ আহে বড়া পাৱৰ নাম। অসমত এই খাদ্য বৰ বেছি জনপ্ৰিয় নহ’লেও মুম্বাইৰ দৰে মহানগৰত আছে বড়া পাৱৰ বিপুল সমাদৰ। এতিয়া এই বড়া পাৱৰ জনপ্ৰিয়তাকে এখোজ আগুৱাই দি ডুবাইৰ এখনি ৰেষ্টুৰেণ্টে প্ৰচলন কৰিবলৈ ওলাইছ স্বৰ্ণখচিত বড়া পাৱ। হয় ঠিকেই পঢ়িছে, ডুবাইৰ ওপাও নামৰ ৰেঁস্তোৰা খনে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে পৃথিবীৰ সৰ্বপ্ৰথম ২২ কেৰেট সোণ খচিত বড়া পাৱ।


ৰেষ্টুৰেণ্টখনে নিজৰ অফিছিয়েল ইনষ্টাগ্ৰাম হেণ্ডলৰ জৰিয়তে এই কথা সদৰি কৰিছে। ইনষ্টাগ্ৰামৰ পোষ্টটোত এই খাদ্যবিধৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ বিষয়েও সামান্য আভাস দিছে ওপাও ৰেষ্টুৰেণ্টে।বাটাৰ, চীজ আৰু স্বৰ্ণ সমৃদ্ধ এই বড়া পাৱৰ সোৱাদ ল’বলৈ ইতিমধ্যেই হেতা ওপোৰা লাগিছে ডুবাইৰ সম্পদশালী ব্যক্তিসকলৰ মাজত।

বিলাসিতাৰ বাবে জনাজাত ৰঙীণ মহানগৰ ডুবাইত বিশেষ সমাদৰ লভা এই বড়া পাৱৰ মূল্যহে পিছে অলপ বছি। অলপ বেছি মানে ভালেখিনিয়েই বেছি।শুনি আচৰিত হ’ব, ভাৰতীয় হিচাপত ওপাওৰ এটা বড়া পাৱৰ মূল্য হ’বগৈ প্ৰায় ২০০০ টকা। যি নহওঁক, ৰেষ্টুৰেণ্টখনৰ এই বিশেষ আয়োজনে যদিহে আপোনাকো আকৃষ্ট কৰিছে তেন্তে ইয়াৰ সোৱাদ লোৱাৰ কথা আপুনিও ভাবিব পাৰে। অৱশ্যেই এই জুতি ল’বলৈ হ’লে আপুনি যাব লাগিব ডুবাইলৈ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক