--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বিগ বছ-১৩ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাতৰিৰ পাছতে এতিয়া শোকস্তব্ধ অনুৰাগী৷ কোনো পধ্যেই মানি ল'ব নোখোজা সিদ্ধাৰ্থৰ মৃত্যুৰ বতৰাক লৈ এতিয়া চলিছে নানা বতৰা৷ 'বালিকা বধু'ৰ জৰিয়তে জনপ্ৰিয় হোৱা সিদ্ধাৰ্থ শুক্লাই 'বিগ বছ ছিজন-১৩'ৰ উপৰি 'খতৰো কা খিলাড়ী'ৰ সপ্তম ছিজনতো নাম ৰাখিবলৈ সক্ষম হৈছিল। খবৰ অনুসৰি বুধবাৰে নিশা শোৱাৰ আগত সিদ্ধাৰ্থই এক ঔষধ সেৱন কৰিছিল আৰু তাৰ পাছতেই তেওঁ সাৰ পোৱা নাছিল। ইয়াৰ পাছত তেওঁক আজি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু হোৱা সিদ্ধাৰ্থ শুক্লাই তেওঁৰ মাতৃ আৰু দুগৰাকী ভনীয়েকক এৰি থৈ যায়। স্বাস্থ্যৰ প্ৰতি সদা সচেতন এগৰাকী অভিনেতা হিচাপে জনাজাত আছিল সিদ্ধাৰ্থ । শাৰীৰিক চৰ্চা তেওঁৰ নিয়মীয়া অভ্যাস আছিল৷ সাধাৰণ ঔষধ সেৱন কৰিয়েই কেনেকৈ এনেদৰে এগৰাকী স্বাস্থ্য সচেতন ব্যক্তিৰ মৃত্যু হ'ব পাৰে তাকে লৈয়ো এতিয়া বহুজনৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছে।

উল্লেখ্য যে 'বিগ বছ-১৩'ৰ জৰিয়তে জনপ্ৰিয় হোৱা দেৱলীনা ভট্টাচাৰ্যই যোৱাবছৰৰ এপ্ৰিল মাহত মুম্বাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰখনত তেওঁ আৰু বিগ বছ-১৩ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাই মৃত্যুৰ ভাবুকি পোৱা বুলি আৰক্ষীক অৱগত কৰিছিল। এই ক্ষেত্ৰত মুম্বাই আৰক্ষীৰ সহায় বিচাৰিছিল দেৱলীনাই । কেৱল দেৱলীনা আৰু সিদ্ধাৰ্থকেই মৃত্যুৰ ভাবুকি দিয়া হোৱা নাছিল, ভাবুকি দিয়া হৈছিল বিগ বছ খ্যাত ৰশ্মি দেশাইকো । সেয়ে সিদ্ধাৰ্থৰ আজিৰ মৃত্যুৰ ঘটনাৰ সৈতে এই ভাবুকিৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ