--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বিগ বছ-১৩ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাতৰিৰ পাছতে এতিয়া শোকস্তব্ধ অনুৰাগী৷ কোনো পধ্যেই মানি ল'ব নোখোজা সিদ্ধাৰ্থৰ মৃত্যুৰ বতৰাক লৈ এতিয়া চলিছে নানা বতৰা৷ 'বালিকা বধু'ৰ জৰিয়তে জনপ্ৰিয় হোৱা সিদ্ধাৰ্থ শুক্লাই 'বিগ বছ ছিজন-১৩'ৰ উপৰি 'খতৰো কা খিলাড়ী'ৰ সপ্তম ছিজনতো নাম ৰাখিবলৈ সক্ষম হৈছিল। খবৰ অনুসৰি বুধবাৰে নিশা শোৱাৰ আগত সিদ্ধাৰ্থই এক ঔষধ সেৱন কৰিছিল আৰু তাৰ পাছতেই তেওঁ সাৰ পোৱা নাছিল। ইয়াৰ পাছত তেওঁক আজি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু হোৱা সিদ্ধাৰ্থ শুক্লাই তেওঁৰ মাতৃ আৰু দুগৰাকী ভনীয়েকক এৰি থৈ যায়। স্বাস্থ্যৰ প্ৰতি সদা সচেতন এগৰাকী অভিনেতা হিচাপে জনাজাত আছিল সিদ্ধাৰ্থ । শাৰীৰিক চৰ্চা তেওঁৰ নিয়মীয়া অভ্যাস আছিল৷ সাধাৰণ ঔষধ সেৱন কৰিয়েই কেনেকৈ এনেদৰে এগৰাকী স্বাস্থ্য সচেতন ব্যক্তিৰ মৃত্যু হ'ব পাৰে তাকে লৈয়ো এতিয়া বহুজনৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছে।

উল্লেখ্য যে 'বিগ বছ-১৩'ৰ জৰিয়তে জনপ্ৰিয় হোৱা দেৱলীনা ভট্টাচাৰ্যই যোৱাবছৰৰ এপ্ৰিল মাহত মুম্বাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰখনত তেওঁ আৰু বিগ বছ-১৩ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাই মৃত্যুৰ ভাবুকি পোৱা বুলি আৰক্ষীক অৱগত কৰিছিল। এই ক্ষেত্ৰত মুম্বাই আৰক্ষীৰ সহায় বিচাৰিছিল দেৱলীনাই । কেৱল দেৱলীনা আৰু সিদ্ধাৰ্থকেই মৃত্যুৰ ভাবুকি দিয়া হোৱা নাছিল, ভাবুকি দিয়া হৈছিল বিগ বছ খ্যাত ৰশ্মি দেশাইকো । সেয়ে সিদ্ধাৰ্থৰ আজিৰ মৃত্যুৰ ঘটনাৰ সৈতে এই ভাবুকিৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক