--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ পুনৰ অশান্ত হৈ পৰিছে আফগানিস্তান। আমেৰিকাই আফগান ভূমি ত্যাগ কৰাৰ পাছত তালিবানীৰাজৰ পুনৰুত্থান ঘটিছিল দেশখনত। তালিবানৰ কাৰ্য-কলাপত ভীতি-সন্ত্ৰস্ত হৈ দেশ এৰিছিল আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘনীয়ে। বিগত সময়ছোৱাত গণতান্ত্ৰিক শাসন ব্যৱস্থাক ওফৰাই কাবুলৰ উপৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত আধিপত্য বিস্তাৰ কৰিছে তালিবানে। কিন্তু আফগানিস্তানৰ এটা নিৰ্দ্দিষ্ট অঞ্চলত এতিয়াও থমকি ৰৈছে তালিবান। বাৰে বাৰে যুঁজ দি ব্যৰ্থ হৈছে মৌলবাদী সংগঠনটো। বৰ্তমানেও আফগানিস্তানৰ পঞ্জশীৰ অঞ্চল দখল কৰিব পৰা নাই তালিবানে। আহমদ মাছুদৰ নেতৃত্বাধীন নৰ্দান এলায়েন্স বাহিনীৰ হাতত ধৰাশয়ী হৈছে তালিবান। ক্ষমতা ৰক্ষাৰ স্বাৰ্থত যুঁজ দিছে নৰ্দান এলায়েঞ্চ বাহিনীয়ে। বিপৰীতে একনায়কত্ববাদী শাসনৰ পোষকতা কৰিছে তালিবানে।


বৃহস্পতিবাৰে পুৱা নৰ্দান এলায়েন্স আৰু তালিবানৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। নৰ্দান এলায়েঞ্চেৰে তালিবানৰ তুমুল সংঘৰ্ষত ১৩ জন তালিবান নিহত হোৱাৰ খবৰ আহিছে। ইয়াৰ পূৰ্বেও নৰ্দান এলায়েঞ্চ বাহিনীৰ সৈতে যুঁজ দি মৃত্যু হৈছিল একাংশ তালিবানী নেতাৰ। তালিবানৰ বিৰুদ্ধে মাছুদ বাহিনীৰ যুঁজ কেৱল পঞ্জশীৰ সীমান্ত ৰক্ষাৰ স্বাৰ্থত নহয়,বৰঞ্চ সমগ্ৰ আফগান নাগৰকিৰ ভূমি ৰক্ষাৰ নিমিত্তে বুলিও মন্তব্য কৰে স্ব ঘোষিত ৰাষ্ট্ৰপতি আমিৰুল্লাহ চালেহে।


জানিবলৈ পোৱা মতে, দুয়োটা পক্ষৰ মাজত এতিয়াও অব্যাহত আছে সংঘাত । তালিবানে পঞ্জশীৰ সীমান্তত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা । আমিৰুল্লাহ চালেহে যাতে টুইটাৰযোগে দেশৰ জনসাধাৰণৰ সৈতে যোগাযোগ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মৌলবাদী সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক