--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ পুনৰ অশান্ত হৈ পৰিছে আফগানিস্তান। আমেৰিকাই আফগান ভূমি ত্যাগ কৰাৰ পাছত তালিবানীৰাজৰ পুনৰুত্থান ঘটিছিল দেশখনত। তালিবানৰ কাৰ্য-কলাপত ভীতি-সন্ত্ৰস্ত হৈ দেশ এৰিছিল আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘনীয়ে। বিগত সময়ছোৱাত গণতান্ত্ৰিক শাসন ব্যৱস্থাক ওফৰাই কাবুলৰ উপৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত আধিপত্য বিস্তাৰ কৰিছে তালিবানে। কিন্তু আফগানিস্তানৰ এটা নিৰ্দ্দিষ্ট অঞ্চলত এতিয়াও থমকি ৰৈছে তালিবান। বাৰে বাৰে যুঁজ দি ব্যৰ্থ হৈছে মৌলবাদী সংগঠনটো। বৰ্তমানেও আফগানিস্তানৰ পঞ্জশীৰ অঞ্চল দখল কৰিব পৰা নাই তালিবানে। আহমদ মাছুদৰ নেতৃত্বাধীন নৰ্দান এলায়েন্স বাহিনীৰ হাতত ধৰাশয়ী হৈছে তালিবান। ক্ষমতা ৰক্ষাৰ স্বাৰ্থত যুঁজ দিছে নৰ্দান এলায়েঞ্চ বাহিনীয়ে। বিপৰীতে একনায়কত্ববাদী শাসনৰ পোষকতা কৰিছে তালিবানে।


বৃহস্পতিবাৰে পুৱা নৰ্দান এলায়েন্স আৰু তালিবানৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। নৰ্দান এলায়েঞ্চেৰে তালিবানৰ তুমুল সংঘৰ্ষত ১৩ জন তালিবান নিহত হোৱাৰ খবৰ আহিছে। ইয়াৰ পূৰ্বেও নৰ্দান এলায়েঞ্চ বাহিনীৰ সৈতে যুঁজ দি মৃত্যু হৈছিল একাংশ তালিবানী নেতাৰ। তালিবানৰ বিৰুদ্ধে মাছুদ বাহিনীৰ যুঁজ কেৱল পঞ্জশীৰ সীমান্ত ৰক্ষাৰ স্বাৰ্থত নহয়,বৰঞ্চ সমগ্ৰ আফগান নাগৰকিৰ ভূমি ৰক্ষাৰ নিমিত্তে বুলিও মন্তব্য কৰে স্ব ঘোষিত ৰাষ্ট্ৰপতি আমিৰুল্লাহ চালেহে।


জানিবলৈ পোৱা মতে, দুয়োটা পক্ষৰ মাজত এতিয়াও অব্যাহত আছে সংঘাত । তালিবানে পঞ্জশীৰ সীমান্তত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা । আমিৰুল্লাহ চালেহে যাতে টুইটাৰযোগে দেশৰ জনসাধাৰণৰ সৈতে যোগাযোগ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মৌলবাদী সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?