--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবছৰে অব্যাহত আছে ৰুছ–ইউক্ৰেইন যুদ্ধ। য’ত এতিয়ালৈকে আক্ৰমণকাৰী ৰাছিয়াই হেৰুৱাইছে ৩ লাখ ৯২ হাজাৰ সৈনিক। যাৰ ফলত এতিয়া সৈনিকৰ ভীষণ নাটনিত পুটিনৰ ৰাছিয়া। 

এনে পৰিস্থিতিত চলে বলে কৌশলে বিদেশী ৰাষ্ট্রৰ নাগৰিকক নিজৰ সৈনিকৰ ৰূপ দি ইউক্ৰেইনৰ যুদ্ধভূমিলৈ প্ৰেৰণ কৰিছে ৰাছিয়াই। নেপালৰ একাধিক সৈনিকক ইউক্ৰেইনলৈ প্ৰেৰণ কৰাৰ পাছত এইবাৰ পোহৰলৈ আহিছে বহুকেইগৰাকী ভাৰতীয়ক সৈনিকৰ ৰূপত ইউক্ৰেইনলৈ প্ৰেৰণৰ তথ্য। 

ৰাছিয়াৰ এজেণ্টে এইসকল ভাৰতীয় যুৱকক ৰাছিয়াত সহায়কৰ চাকৰিৰ টোপ দি নিছিল দেশখনলৈ। পৰৱৰ্তী সময়ত কোনোধৰণৰ বিশেষ প্ৰশিক্ষণ অবিহনে এইসকল ভাৰতীয় যুৱকক প্ৰেৰণ কৰা হৈছিল যুদ্ধভূমিলৈ। ৰাছিয়াৰ প্ৰাইভেট আৰ্মী ৱেগনাৰ গ্ৰুপত সৈনিক ৰূপে যোগ দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল এইসকলৰ ভাৰতীয় যুৱকক। 

শেহতীয়াকৈ পঞ্জাবৰ হুঁচিয়াৰপুৰৰ ৭গৰাকী যুৱকে এক চাঞ্চল্যকৰ ভিডিঅ’ৰ জৰিয়তে ফাদিল কৰিছে এই ভয়ানক তথ্য। ১০৫ ছেকেণ্ডৰ ভিডিঅ’টোত যুৱককেইগৰাকীয়ে নৱবৰ্ষৰ সময়ত ৰাছিয়াত প্ৰৱেশ কৰাৰ কথা সদৰী কৰিছে। ভাৰতীয় যুৱককেইগৰাকীৰ পৰা সকলো ধন লুট কৰাৰ পাছত ৰাষ্ট্রীয় ঘাইপথৰ কাষতে এৰি থৈ গৈছিল যুৱককেইগৰাকীক। পাছত ৰাছিয়ান আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱককেইজনক হস্তান্তৰ কৰিছিল ৰাছিয়াৰ সেনাক। 

আনহাতে, বলপূৰ্বকভাৱে চুক্তিত স্বাক্ষৰ কৰি সাধাৰণ প্ৰশিক্ষণৰ পাছত ইউক্ৰেইনৰ যুদ্ধভূমিলৈ প্ৰেৰণৰ বাবে যো–জা চলাইছিল ৰাছিয়ান সেনাই। শেহতীয়াকৈ পোহৰলৈ অহা আন এক তথ্য অনুসৰি– তেলেংগানা আৰু কৰ্ণাটকৰ ৪গৰাকী ভাৰতীয় নাগৰিকক বলপূৰ্বকভাৱে প্ৰেৰণ কৰা হৈছিল ইউক্ৰেইনৰ যুদ্ধভূমিলৈ। 

আন এক প্ৰতিবেদনৰ মতে ৰাছিয়াৰ ৱেগনাৰ আৰ্মীত যোগ দিয়াৰ বাবে ভাৰতৰ ৬০গৰাকী অন্য যুৱকক প্ৰলোভন দি আহিছে ৰাছিয়াৰ এজেণ্টে। ইতিমধ্যে ৰাছিয়াত আবদ্ধ হৈ পৰিছে বহুসংখ্যক ভাৰতীয় যুৱক। যিকোনো মুহূৰ্ততে এইসকল যুৱকক প্ৰেৰণ কৰা হ’ব পাৰে যুদ্ধভূমিলৈ। যাৰ বাবে এনে ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰৰ বাবে এইসকল লোকে সহায় ভিক্ষা বিচাৰিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন