--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবছৰে অব্যাহত আছে ৰুছ–ইউক্ৰেইন যুদ্ধ। য’ত এতিয়ালৈকে আক্ৰমণকাৰী ৰাছিয়াই হেৰুৱাইছে ৩ লাখ ৯২ হাজাৰ সৈনিক। যাৰ ফলত এতিয়া সৈনিকৰ ভীষণ নাটনিত পুটিনৰ ৰাছিয়া। 

এনে পৰিস্থিতিত চলে বলে কৌশলে বিদেশী ৰাষ্ট্রৰ নাগৰিকক নিজৰ সৈনিকৰ ৰূপ দি ইউক্ৰেইনৰ যুদ্ধভূমিলৈ প্ৰেৰণ কৰিছে ৰাছিয়াই। নেপালৰ একাধিক সৈনিকক ইউক্ৰেইনলৈ প্ৰেৰণ কৰাৰ পাছত এইবাৰ পোহৰলৈ আহিছে বহুকেইগৰাকী ভাৰতীয়ক সৈনিকৰ ৰূপত ইউক্ৰেইনলৈ প্ৰেৰণৰ তথ্য। 

ৰাছিয়াৰ এজেণ্টে এইসকল ভাৰতীয় যুৱকক ৰাছিয়াত সহায়কৰ চাকৰিৰ টোপ দি নিছিল দেশখনলৈ। পৰৱৰ্তী সময়ত কোনোধৰণৰ বিশেষ প্ৰশিক্ষণ অবিহনে এইসকল ভাৰতীয় যুৱকক প্ৰেৰণ কৰা হৈছিল যুদ্ধভূমিলৈ। ৰাছিয়াৰ প্ৰাইভেট আৰ্মী ৱেগনাৰ গ্ৰুপত সৈনিক ৰূপে যোগ দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল এইসকলৰ ভাৰতীয় যুৱকক। 

শেহতীয়াকৈ পঞ্জাবৰ হুঁচিয়াৰপুৰৰ ৭গৰাকী যুৱকে এক চাঞ্চল্যকৰ ভিডিঅ’ৰ জৰিয়তে ফাদিল কৰিছে এই ভয়ানক তথ্য। ১০৫ ছেকেণ্ডৰ ভিডিঅ’টোত যুৱককেইগৰাকীয়ে নৱবৰ্ষৰ সময়ত ৰাছিয়াত প্ৰৱেশ কৰাৰ কথা সদৰী কৰিছে। ভাৰতীয় যুৱককেইগৰাকীৰ পৰা সকলো ধন লুট কৰাৰ পাছত ৰাষ্ট্রীয় ঘাইপথৰ কাষতে এৰি থৈ গৈছিল যুৱককেইগৰাকীক। পাছত ৰাছিয়ান আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱককেইজনক হস্তান্তৰ কৰিছিল ৰাছিয়াৰ সেনাক। 

আনহাতে, বলপূৰ্বকভাৱে চুক্তিত স্বাক্ষৰ কৰি সাধাৰণ প্ৰশিক্ষণৰ পাছত ইউক্ৰেইনৰ যুদ্ধভূমিলৈ প্ৰেৰণৰ বাবে যো–জা চলাইছিল ৰাছিয়ান সেনাই। শেহতীয়াকৈ পোহৰলৈ অহা আন এক তথ্য অনুসৰি– তেলেংগানা আৰু কৰ্ণাটকৰ ৪গৰাকী ভাৰতীয় নাগৰিকক বলপূৰ্বকভাৱে প্ৰেৰণ কৰা হৈছিল ইউক্ৰেইনৰ যুদ্ধভূমিলৈ। 

আন এক প্ৰতিবেদনৰ মতে ৰাছিয়াৰ ৱেগনাৰ আৰ্মীত যোগ দিয়াৰ বাবে ভাৰতৰ ৬০গৰাকী অন্য যুৱকক প্ৰলোভন দি আহিছে ৰাছিয়াৰ এজেণ্টে। ইতিমধ্যে ৰাছিয়াত আবদ্ধ হৈ পৰিছে বহুসংখ্যক ভাৰতীয় যুৱক। যিকোনো মুহূৰ্ততে এইসকল যুৱকক প্ৰেৰণ কৰা হ’ব পাৰে যুদ্ধভূমিলৈ। যাৰ বাবে এনে ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰৰ বাবে এইসকল লোকে সহায় ভিক্ষা বিচাৰিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক