--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পিছত এইবাৰ ইছলামিক ষ্টেট (আই এছ) উগ্ৰপন্থীয়ে গৃহযুদ্ধত জুৰুলা ছিৰিয়াত হত্যাকাণ্ড সংঘটিত কৰে। সোমবাৰে উত্তৰ ছিৰিয়াৰ মৰুভূমিত কমেও ১১ জন লোকৰ মৃত্যু হয়। প্ৰকাশিত বাতৰি অনুসৰি আটাইকেইজন লোক স্থানীয় বাসিন্দা।

পশ্চিম এছিয়াৰ একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বছৰৰ এই সময়ত উত্তৰ ছিৰিয়াৰ মৰুভূমিত এক বিশেষ ধৰণৰ খাব পৰা মাছৰুম উৎপাদন কৰা হয়। সংগ্ৰহ কৰি থাকোঁতে ভুক্তভোগীসকল তাত শিবিৰ পাতি থকা আই এছ উগ্ৰপন্থীৰ কবলত পৰিল। বিস্ফোৰণ আৰু গুলীচালনাত মৃত্যু হয়। উগ্ৰপন্থীয়ে ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ তিনিজন সদস্যক পণবন্দী কৰি লৈছে। চলিত মাহৰ আৰম্ভণিতে ১৯ জন ভেঁকুৰ ছিঙি যোৱা লোকক আই এছ বাহিনীয়ে হত্যা কৰিছিল।

শুকুৰবাৰে নিশা ৰাছিয়াৰ ৰাজধানী মস্কোৰ ক্ৰাছনোগৰ্স্ক জিলাৰ ক্ৰাছনোগৰ্স্ক জিলাৰ ক্ৰাকুছ চিটি হলত এক কনচাৰ্টৰ সময়ত আই এছ উগ্ৰপন্থীৰ আক্ৰমণত কমেও ১৮২ জন লোক নিহত হয়। শ শ লোক আহত। আই এছ ই পিৰ আফগানিস্তান আৰু মধ্য এছিয়া শাখাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। প্ৰসংগক্ৰমে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বায়ুসেনাই বিগত কেইবছৰমানৰ পৰা ছিৰিয়াৰ গৃহযুদ্ধত অংশগ্ৰহণ কৰি আই এছ ডেৰাৰ বিৰুদ্ধে বিমান আক্ৰমণ চলাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক