--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌৰাল্লিশ বছৰ আগৰ। মুখৰ পৰা দলিয়াই দিয়া সাধাৰণ চ্যুইংগাম এটুকুৰাই হত্যাকাৰীক চিনাই দিলে! ১৯৮০ চনত আমেৰিকাৰ অৰেগন ৰাজ্যত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰটো ইমান বছৰে সমাধান নোহোৱাকৈয়ে থাকিল। ১৯৮০ চনৰ ১৫ জানুৱাৰীত বাৰ্বাৰা টাকাৰ (১৯)ক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি মাল্টন’মা কাউন্টি জিলা এটৰ্নীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। ইয়াৰ পিছত তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয়। বাৰ্বাৰা আছিল মাউণ্ট হুড কমিউনিটি কলেজৰ ছাত্ৰী।

কলেজ চৌহদৰ পাৰ্কং লটৰ ওচৰৰ এটা স্থানত ৰবাৰ্ট প্লাইমটনে বাৰ্বাৰাক হত্যা কৰে বুলি কাহিনীটোত প্ৰকাশ পাইছে। এতিয়া তেওঁৰ বয়স ৬০ বছৰ। ঘটনাৰ পিছদিনা পুৱা ক্লাছলৈ অহা আন কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে বাৰ্বাৰাৰ মৃতদেহ উদ্ধাৰ কৰে।

যোৱা সপ্তাহত আদালতে ৰবাৰ্টক দোষী সাব্যস্ত কৰে। তেওঁ অৱশ্যে এই অপৰাধৰ কথা অস্বীকাৰ কৰে। তেওঁৰ অধিবক্তাই এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাব বুলি কয়। তেওঁলোকৰ বিশ্বাস যে এই ৰায় নাকচ কৰা হ’ব।

কিন্তু ইমান বছৰৰ আগৰ এটা ঘটনাত কেনেকৈ ধৰা পৰিল হত্যাকাৰী? জিলা অধিবক্তাগৰাকীৰ মতে, যদিও গোচৰটো অতি পুৰণি, তথাপিও তদন্ত কেতিয়াও বন্ধ হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ সময়ত বাৰ্বাৰাৰ যোনিৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল বুলিও তেওঁ কয়। ২০০০ চনত নমুনাটো বিশ্লেষণৰ বাবে অৰেগন ৰাজ্যিক আৰক্ষীলৈ প্ৰেৰণ কৰা হয়। সেই নমুনাৰ পৰা আৰক্ষীৰ অপৰাধ লেবে অপৰাধীজনৰ ডি এন এ প্ৰফাইল তৈয়াৰ কৰিছিল।'' 

বহু পিছত তদন্তকাৰী বিষয়াসকলে ৰবাৰ্টে চোৰাংচোৱাৰ সময়ত মুখৰ পৰা চ্যুইংগাম পেলাই দিয়া দেখা পায়। ৰবাৰ্টৰ ওপৰত তেওঁলোকৰ সন্দেহ হৈছিল। চ্যুইংগাম সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ক্ৰাইম লেবলৈ প্ৰেৰণ কৰে। চ্যুইংগামৰ পৰা পোৱা ডি এন এ প্ৰফাইলটো বাৰ্বাৰাৰ যোনিৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ডি এন এ প্ৰফাইলৰ সৈতে মিল খাইছিল। ২০২১ চনৰ ৮ জুনত আৰক্ষীয়ে ৰবাৰ্টক জিম্মাত লৈছিল। গোচৰৰ শেষত তেওঁক দোষী সাব্যস্ত কৰা হয়। জুন মাহত শাস্তি প্ৰদানৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ