--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌৰাল্লিশ বছৰ আগৰ। মুখৰ পৰা দলিয়াই দিয়া সাধাৰণ চ্যুইংগাম এটুকুৰাই হত্যাকাৰীক চিনাই দিলে! ১৯৮০ চনত আমেৰিকাৰ অৰেগন ৰাজ্যত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰটো ইমান বছৰে সমাধান নোহোৱাকৈয়ে থাকিল। ১৯৮০ চনৰ ১৫ জানুৱাৰীত বাৰ্বাৰা টাকাৰ (১৯)ক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি মাল্টন’মা কাউন্টি জিলা এটৰ্নীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। ইয়াৰ পিছত তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয়। বাৰ্বাৰা আছিল মাউণ্ট হুড কমিউনিটি কলেজৰ ছাত্ৰী।

কলেজ চৌহদৰ পাৰ্কং লটৰ ওচৰৰ এটা স্থানত ৰবাৰ্ট প্লাইমটনে বাৰ্বাৰাক হত্যা কৰে বুলি কাহিনীটোত প্ৰকাশ পাইছে। এতিয়া তেওঁৰ বয়স ৬০ বছৰ। ঘটনাৰ পিছদিনা পুৱা ক্লাছলৈ অহা আন কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে বাৰ্বাৰাৰ মৃতদেহ উদ্ধাৰ কৰে।

যোৱা সপ্তাহত আদালতে ৰবাৰ্টক দোষী সাব্যস্ত কৰে। তেওঁ অৱশ্যে এই অপৰাধৰ কথা অস্বীকাৰ কৰে। তেওঁৰ অধিবক্তাই এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাব বুলি কয়। তেওঁলোকৰ বিশ্বাস যে এই ৰায় নাকচ কৰা হ’ব।

কিন্তু ইমান বছৰৰ আগৰ এটা ঘটনাত কেনেকৈ ধৰা পৰিল হত্যাকাৰী? জিলা অধিবক্তাগৰাকীৰ মতে, যদিও গোচৰটো অতি পুৰণি, তথাপিও তদন্ত কেতিয়াও বন্ধ হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ সময়ত বাৰ্বাৰাৰ যোনিৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল বুলিও তেওঁ কয়। ২০০০ চনত নমুনাটো বিশ্লেষণৰ বাবে অৰেগন ৰাজ্যিক আৰক্ষীলৈ প্ৰেৰণ কৰা হয়। সেই নমুনাৰ পৰা আৰক্ষীৰ অপৰাধ লেবে অপৰাধীজনৰ ডি এন এ প্ৰফাইল তৈয়াৰ কৰিছিল।'' 

বহু পিছত তদন্তকাৰী বিষয়াসকলে ৰবাৰ্টে চোৰাংচোৱাৰ সময়ত মুখৰ পৰা চ্যুইংগাম পেলাই দিয়া দেখা পায়। ৰবাৰ্টৰ ওপৰত তেওঁলোকৰ সন্দেহ হৈছিল। চ্যুইংগাম সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ক্ৰাইম লেবলৈ প্ৰেৰণ কৰে। চ্যুইংগামৰ পৰা পোৱা ডি এন এ প্ৰফাইলটো বাৰ্বাৰাৰ যোনিৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ডি এন এ প্ৰফাইলৰ সৈতে মিল খাইছিল। ২০২১ চনৰ ৮ জুনত আৰক্ষীয়ে ৰবাৰ্টক জিম্মাত লৈছিল। গোচৰৰ শেষত তেওঁক দোষী সাব্যস্ত কৰা হয়। জুন মাহত শাস্তি প্ৰদানৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক