--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটৰ বিষত ৰ’ব নোৱাৰা হ’ল এজন যুৱক। যুৱকজনে চিকিৎসকৰ কাষ চাপে। ৩৪ বছৰীয়া যুৱকজনৰ পেট পৰীক্ষা কৰি চকু কপালত উঠিল চিকিৎসকৰ।

পেটৰ বিষৰ কাৰণ জানিবলৈ ডাক্তৰে তেওঁৰ পেটৰ এক্স-ৰে কৰিছিল। আল্ট্ৰাছাউণ্ডো কৰা হয় যুৱকজনৰ। সেই ৰিপোৰ্টত দেখা যায় যে ৩২ চে.মি.ৰ এটা জীয়া মাছ যুৱকজনৰ পেটত ঘূৰি ফুৰিছে৷ মাছটো আছিল কুচিয়া।

অদ্ভুত ঘটনাটো সংঘটিত হৈছে ভিয়েটনামত। যুৱকজন ভিয়েটনামৰ কোৱাং নিন প্ৰদেশৰ বাসিন্দা।

কুচিয়াটোৱে মানুহজনক মৃত্যুৰ মুখলৈকে ঠেলি দিবলৈ ওলাইছিল। সময়ত চিকিৎসা নকৰা হ’লে হয়তো যুৱকজনৰ মৃত্যুও হ’লহেঁতেন। চিকিৎসকে ধাৰণা কৰে যে কুচিয়া মাছটো মলদ্বাৰৰ মাজেৰে তেওঁৰ পেটত সোমাইছিল। উল্লেখ্য যে পেটৰ পৰা মাছটো উলিয়াই অনাৰ পাছতো মাছটো জীয়াই আছিল। 

মলদ্বাৰৰে প্ৰৱেশ কৰি কুচিয়াটোৱে বৃহদান্ত্ৰৰ মাজেৰে চলাচল কৰিছিল আৰু অন্ত্ৰ ফুটা কৰি পেলাইছিল।স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসকে কুচিয়া মাছটো আৰু ক্ষতিগ্ৰস্ত টিছ্যুবোৰ অন্ত্ৰৰ পৰা আঁতৰাই পেলাইছে। বৰ্তমান যুৱকজন সুস্থ।

মলদ্বাৰেদি মাছটো কেনেকৈ সোমাই গ’ল তাকে লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ