--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্লকব্লাষ্টাৰ ছবিৰ বাবে বিশ্বত সদায়ে চৰ্চাত থকা বলীউডত এতিয়া পিছে ড্ৰাগছক লৈহে চলিছে চৰ্চা। ইজনৰ পাছত সিজন তাৰকাক দেশৰ নাৰ্ক’টিকছ কণ্ট্ৰোল ব্যুৰোৱে জেৰা কৰিছে। গ্ৰেপ্তাৰ কৰিছ। শেহতীয়াকৈ আৰিয়ান খান কাণ্ডই তাল আফাল লগাইছে সংবাদ মাধ্যমত। হাঁতোৰা মেলি দিয়া হৈছে অনন্যা পাণ্ডেৰ দৰে নৱাগত অভিনেত্ৰীলৈও। পিছে তাৰকাৰ পিছে পিছে ঘূৰি থকা তদন্তকাৰীয়ে এটা অতি ডাঙৰ ঘটনাক এৰাই চলিছে সংগোপনে। সংবাদ মাধ্যমতো বিশেষ চৰ্চা নোহোৱা বিষয়টো পাহৰাই দিবলৈকে আৰিয়ান কাণ্ডৰ সূত্ৰপাত ঘটোৱা হৈছে নেকি? ৬ গ্ৰাম গাঞ্জা আৰু কেইগ্ৰামমান ড্ৰাগছ ধৰি হাহাকাৰ কৰি থকা দেশৰ বিশাল বাহিনীয়ে ৩০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দৰ এটা ঘটনা আওকান কৰি চলিছে অতি দৃষ্টিকটুভাৱে! এতিয়া প্ৰশ্ন হৈছে, কাক বচাবলৈ এনে কৰা হৈছে? এই ভয়ংকৰ ঘটনাক পাহৰাবলৈকে সূত্ৰপাত ঘটোৱা হৈছে নেকি আৰিয়ান কাণ্ডৰ?


চলিত বছৰৰ ১৫ ছেপ্টেম্বৰ। গুজৰাটৰ ক’চ্চ জিলাত অৱস্থিত মুন্দ্ৰা বন্দৰত জব্দ হৈছিল এক বিশাল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দেশৰ শুল্ক বিভাগৰ চোৰাংচোৱাই ধৰা পেলাবলৈ সক্ষম হৈছিল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিষিদ্ধ ড্ৰাগছৰ কনছাইনমেণ্ট। প্ৰায় ৩ হাজাৰ কেজি ড্ৰাগছ জব্দ হৈছিল সংস্থাটোৰ অভিযানকালত। এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসমূহ আমদানি হৈছিল বিদেশৰ পৰা। বিদেশৰ পৰা আহি আদানীৰ মুন্দ্ৰা বন্দৰত ৰখাই থোৱা হৈছিল ড্ৰাগছভৰ্তি জাহাজখন। দেশৰ সৰ্বত্ৰে চৰ্চিত হৈছিল আদানীৰ বন্দৰত জব্দ হোৱা বিশাল ড্ৰাগছৰ কথা।
ক’ৰ পৰা আহিছিল এই ড্ৰাগছ? কোনে আমদানি কৰিছিল এই নিষিদ্ধ ড্ৰাগছ? কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে জব্দ কৰিছিল আফগান হেৰ’ইন। তদুপৰি ৩ হাজাৰ কেজি ড্ৰাগছৰ মূল্য আছিল প্ৰায় ২২ হাজাৰ কোটি টকা। জাহাজখনত কিছু বৃহৎ আকাৰৰ বাকচত ভৰাই অনা হৈছিল এই ড্ৰাগছখিনি। এইক্ষেত্ৰত সমগ্ৰ বিষয়টোৰ লগত নাম সাঙোৰ খাইছিল গুজৰাটৰ উদ্যোগপতি গৌতম আদানীৰ অধীনস্থ বন্দৰটোৰ। অৱশ্যে এই ক্ষেত্ৰত স্পষ্টীকৰণ জাৰি কৰিছিল বন্দৰ কৰ্তৃপক্ষই। এই বিশাল পৰিমাণৰ ড্ৰাগছৰ সৈতে কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ দিছিল আদানীৰ বন্দৰ কৰ্তৃপক্ষই।


ইয়াৰ পাছতে তদন্ত চলাইছিল অনুসন্ধানকাৰী দলে। আহমেদাবাদ, দিল্লী, চেন্নাই, গান্ধীধাম আদি স্থানত তালাচী চলাইছিল আৰক্ষীয়ে। কেইবাজনো আফগানিস্তানৰ নাগৰিকক জেৰা কৰিছিল তদন্তকাৰী সংস্থাই। কিন্তু হঠাৎ ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰিছিল সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। তদন্তৰ আওঁতালৈ নাহিল আদানীৰ বন্দৰ কৰ্তৃপক্ষ। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় কাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত গাপ দিবলৈ চেষ্টা কৰা হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ আমদানিৰ ৰহস্য? কোনো শক্তিশালী বা প্ৰভাৱশালী ব্যক্তিৰ হাত আছে নেকি এই ড্ৰাগছৰ বেহাৰ আঁৰত। তাত্পৰ্যপূৰ্ণভাৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমেও বিৰত থকা পৰিলক্ষিত হয় এই বিষয়ে সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত। সেয়েহে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো। আনহাতে ড্ৰাগ্ছ সেৱনৰ ক্ষেত্ৰত শেহতীয়াকৈ তদন্তকাৰী সংস্থাসমূহৰ টাৰ্গেট হৈ পৰিছে বলীউড। বলীউডৰ এজনৰ পাছত আনজন জেৰাৰ সন্মুখীন হৈছে তদন্তকাৰী সংস্থাৰ। বিশেষকৈ শ্বাহৰুখ খানৰ পুত্ৰ ড্ৰাগ্ছ সেৱনৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পাছতে বহুকেইগৰাকী বলীউড অভিনেতা-অভিনেত্ৰীক ড্ৰাগছ সন্দৰ্ভত জেৰা চলাইছে NCBএ। এতিয়া বিভিন্নজনৰ প্ৰশ্ন- আদানীৰ বন্দৰত জব্দ বিশাল পৰিমাণৰ ড্ৰাগছৰ ক’লা বেহাৰ প্ৰসংগ ঢাকি ৰখাৰ বাবে চলিছে নেকি বলীউডৰ বিৰুদ্ধে এই অভিযান?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক