--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্লকব্লাষ্টাৰ ছবিৰ বাবে বিশ্বত সদায়ে চৰ্চাত থকা বলীউডত এতিয়া পিছে ড্ৰাগছক লৈহে চলিছে চৰ্চা। ইজনৰ পাছত সিজন তাৰকাক দেশৰ নাৰ্ক’টিকছ কণ্ট্ৰোল ব্যুৰোৱে জেৰা কৰিছে। গ্ৰেপ্তাৰ কৰিছ। শেহতীয়াকৈ আৰিয়ান খান কাণ্ডই তাল আফাল লগাইছে সংবাদ মাধ্যমত। হাঁতোৰা মেলি দিয়া হৈছে অনন্যা পাণ্ডেৰ দৰে নৱাগত অভিনেত্ৰীলৈও। পিছে তাৰকাৰ পিছে পিছে ঘূৰি থকা তদন্তকাৰীয়ে এটা অতি ডাঙৰ ঘটনাক এৰাই চলিছে সংগোপনে। সংবাদ মাধ্যমতো বিশেষ চৰ্চা নোহোৱা বিষয়টো পাহৰাই দিবলৈকে আৰিয়ান কাণ্ডৰ সূত্ৰপাত ঘটোৱা হৈছে নেকি? ৬ গ্ৰাম গাঞ্জা আৰু কেইগ্ৰামমান ড্ৰাগছ ধৰি হাহাকাৰ কৰি থকা দেশৰ বিশাল বাহিনীয়ে ৩০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দৰ এটা ঘটনা আওকান কৰি চলিছে অতি দৃষ্টিকটুভাৱে! এতিয়া প্ৰশ্ন হৈছে, কাক বচাবলৈ এনে কৰা হৈছে? এই ভয়ংকৰ ঘটনাক পাহৰাবলৈকে সূত্ৰপাত ঘটোৱা হৈছে নেকি আৰিয়ান কাণ্ডৰ?


চলিত বছৰৰ ১৫ ছেপ্টেম্বৰ। গুজৰাটৰ ক’চ্চ জিলাত অৱস্থিত মুন্দ্ৰা বন্দৰত জব্দ হৈছিল এক বিশাল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দেশৰ শুল্ক বিভাগৰ চোৰাংচোৱাই ধৰা পেলাবলৈ সক্ষম হৈছিল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিষিদ্ধ ড্ৰাগছৰ কনছাইনমেণ্ট। প্ৰায় ৩ হাজাৰ কেজি ড্ৰাগছ জব্দ হৈছিল সংস্থাটোৰ অভিযানকালত। এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসমূহ আমদানি হৈছিল বিদেশৰ পৰা। বিদেশৰ পৰা আহি আদানীৰ মুন্দ্ৰা বন্দৰত ৰখাই থোৱা হৈছিল ড্ৰাগছভৰ্তি জাহাজখন। দেশৰ সৰ্বত্ৰে চৰ্চিত হৈছিল আদানীৰ বন্দৰত জব্দ হোৱা বিশাল ড্ৰাগছৰ কথা।
ক’ৰ পৰা আহিছিল এই ড্ৰাগছ? কোনে আমদানি কৰিছিল এই নিষিদ্ধ ড্ৰাগছ? কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে জব্দ কৰিছিল আফগান হেৰ’ইন। তদুপৰি ৩ হাজাৰ কেজি ড্ৰাগছৰ মূল্য আছিল প্ৰায় ২২ হাজাৰ কোটি টকা। জাহাজখনত কিছু বৃহৎ আকাৰৰ বাকচত ভৰাই অনা হৈছিল এই ড্ৰাগছখিনি। এইক্ষেত্ৰত সমগ্ৰ বিষয়টোৰ লগত নাম সাঙোৰ খাইছিল গুজৰাটৰ উদ্যোগপতি গৌতম আদানীৰ অধীনস্থ বন্দৰটোৰ। অৱশ্যে এই ক্ষেত্ৰত স্পষ্টীকৰণ জাৰি কৰিছিল বন্দৰ কৰ্তৃপক্ষই। এই বিশাল পৰিমাণৰ ড্ৰাগছৰ সৈতে কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ দিছিল আদানীৰ বন্দৰ কৰ্তৃপক্ষই।


ইয়াৰ পাছতে তদন্ত চলাইছিল অনুসন্ধানকাৰী দলে। আহমেদাবাদ, দিল্লী, চেন্নাই, গান্ধীধাম আদি স্থানত তালাচী চলাইছিল আৰক্ষীয়ে। কেইবাজনো আফগানিস্তানৰ নাগৰিকক জেৰা কৰিছিল তদন্তকাৰী সংস্থাই। কিন্তু হঠাৎ ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰিছিল সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। তদন্তৰ আওঁতালৈ নাহিল আদানীৰ বন্দৰ কৰ্তৃপক্ষ। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় কাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত গাপ দিবলৈ চেষ্টা কৰা হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ আমদানিৰ ৰহস্য? কোনো শক্তিশালী বা প্ৰভাৱশালী ব্যক্তিৰ হাত আছে নেকি এই ড্ৰাগছৰ বেহাৰ আঁৰত। তাত্পৰ্যপূৰ্ণভাৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমেও বিৰত থকা পৰিলক্ষিত হয় এই বিষয়ে সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত। সেয়েহে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো। আনহাতে ড্ৰাগ্ছ সেৱনৰ ক্ষেত্ৰত শেহতীয়াকৈ তদন্তকাৰী সংস্থাসমূহৰ টাৰ্গেট হৈ পৰিছে বলীউড। বলীউডৰ এজনৰ পাছত আনজন জেৰাৰ সন্মুখীন হৈছে তদন্তকাৰী সংস্থাৰ। বিশেষকৈ শ্বাহৰুখ খানৰ পুত্ৰ ড্ৰাগ্ছ সেৱনৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পাছতে বহুকেইগৰাকী বলীউড অভিনেতা-অভিনেত্ৰীক ড্ৰাগছ সন্দৰ্ভত জেৰা চলাইছে NCBএ। এতিয়া বিভিন্নজনৰ প্ৰশ্ন- আদানীৰ বন্দৰত জব্দ বিশাল পৰিমাণৰ ড্ৰাগছৰ ক’লা বেহাৰ প্ৰসংগ ঢাকি ৰখাৰ বাবে চলিছে নেকি বলীউডৰ বিৰুদ্ধে এই অভিযান?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ