--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুখ কুলাই-পাচিয়ে নধৰা হৈছে বলীউড বাদশ্বাহৰ। ২ অক্টোবৰৰ পৰা বন্দীশালত আছে প্ৰিয় পুত্ৰ আৰিয়ান। আৰিয়ানক মুকলি আকাশৰ তললৈ আনিবলৈ কৰা সকলো চেষ্টাই ব্যৰ্থ হৈছে শ্বাহৰুখৰ। বৰং দিনে দিনে বাঢ়ি গৈ আছে কাৰাবাসৰ ম্যাদ। এনচিবিৰ আদালতে এতিয়া ৩০ অক্টোবৰলৈ বৃদ্ধি কৰিছে আৰিয়ানৰ ন্যায়িক জিম্মাৰ ম্যাদ। এতিয়া আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰাৰ বাহিৰে আন একো উপায় নাই শ্বহৰুখৰ। ফেমিলি মেন বুলি পৰিচিত শ্বাহৰুখে পুত্ৰৰে এই দীঘলীয়া বিচ্ছেদ সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে উপস্থিত হয় আৰ্থান ৰোড কাৰাগাৰত। কিন্তু তাতো প্ৰত্যক্ষ ৰূপত তেওঁ লগ নাপালে পুত্ৰক। কাঁচৰ দেৱালৰ এটা পাৰে ৰৈ পুত্ৰৰ সৈতে ইণ্টাৰকমত কথা পাতিবলৈ বাধ্য হয় শ্বাহৰুখ। প্ৰায় ১৫মিনিট ধৰি হোৱা কথা-বতৰাও সুখকৰ নহ’ল শ্বাহৰুখৰ বাবে। কিয়নো, পুত্ৰই পিতৃক উচুপি উচুপি ক’লে জে’লত কিদৰে তেওঁ দুৰ্বিসহ জীৱন কটাইছে।


কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰিয়ানে পিতৃৰ সৈতে কথা পতাৰ সময়ত কেইবাৰো কান্দোনত ভাঙি পৰিছিল। শ্বাহৰুখে প্ৰথমেই সুধিছিল খোৱা বোৱা ঠিকমতে কৰিছেনে আৰিয়ানে? তেতিয়া আৰিয়ানে কয় যে, জে’লৰ খাদ্য তেওঁ ভালদৰে খাব পৰা নাই। ভোকে-লঘোণে কাৰাগাৰত বন্দী হৈ থকা পুত্ৰৰ কথা শুনাৰ লগে লগে শ্বাহৰুখে কাৰাগাৰ কৰ্তৃপক্ষক সোধে যে, আৰিয়ানৰ বাবে ঘৰৰপৰা খাদ্য যোগান ধৰিব পাৰিবনে? তেতিয়া কাৰাগাৰ কৰ্তৃপক্ষই ইয়াৰ বাবে আদালতৰ পৰা অনুমতি ল’ব লাগিব বুলি প্ৰকাশ কৰে। এই ১৫ মিনিটত আৰিয়ানক সাহস দিয়াৰ চেষ্টা শ্বাহৰুখে কৰে যদিও তেওঁ যে শোকত ভিতৰৰ পৰা ভাঙি ছিঙি গৈছিল সেয়া তেওঁ শৰীৰী ভাষাই প্ৰকট কৰি তুলিছিল। কাৰাগাৰত ৰৈ থকা লোকসকলক হাতযোৰ কৰি প্ৰায় বাকৰুদ্ধ অৱস্থাত আঁতৰি যায় শ্বাহৰুখ। সেই সময়ছোৱাত তেওঁৰ কাষ চাপিব খোজা অনুৰাগী তথা সংবাদ মাধ্যমৰ লোকৰ আগতো এটা শব্দও নক’লে শ্বাহৰুখে। মাত্ৰ ক’লা চছমাৰ আঁৰত চকুপাৱনী লুকুৱাই আঁতৰি গ’ল নীৰৱে।
কিন্তু কাৰাগাৰৰ পৰা শ্বাহৰুখ ওভতাৰ পাছতে মন্নতত উপস্থিত হ’ল এনচিবিৰ বিষয়া। আৰিয়ানৰে জড়িত পেপাৰৱৰ্ক কৰা আৰু আৰিয়ানৰ যদি কোনো ইলেক্ট্ৰনিক ডিভাইছ আছে সেইবোৰ এনচিবিক চমজাই দিয়াৰ নিৰ্দেশৰ জাননী লৈ মন্নতত উপস্থিত হ’ল এনচিবিৰ দল। এইবাৰো শ্বাহৰুখক দেখা গ’ল অতি ভগ্ন ৰূপত। পুত্ৰৰ বিচ্ছেদৰ ব্যাথাৰ বোজা বুকুত বান্ধি এনচিবৰ দলত তেওঁ ক’লে, আপোনালোকে ভাল কাম কৰি আছে। মই মাত্ৰ আশা কৰিছোঁ মোৰ পুত্ৰ সোনকালে ঘৰলৈ ঘূৰি আহক।
উল্লেখ্য যে, শ্বাহৰুখৰ এটা ভিডিঅ’ শেহতীয়াকৈ ব্যাপকভাৱে প্ৰচাৰ হৈ আছে। য’ত তেওঁ নিজৰ সন্তানৰ প্ৰতি থকা স্নেহৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, মই সকলো পিতৃ-মাতৃয়ে দিয়াৰ দৰে সকলোখিনি তেওঁলোকক দিম। তাৰ উপৰি খোদাৰ পৰা চুৰি কৰি হ’লেও কিছু অতিৰিক্ত সময় তেওঁলোকক দিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া সেয়াও সম্ভৱ হোৱা নাই। প্ৰিয় পুত্ৰ আৰিয়ান প্ৰায় কুৰি দিনে তেওঁৰ পৰা আঁতৰত আছে। ঢুকি নোপোৱা দূৰত্বত থকা পুত্ৰক এইকইদিনত তেওঁ এবাৰো ভালদৰে লগ পাব পৰা নাই। এবাৰ মাত্ৰ ভিডিঅ’ কলিং কৰিছে আৰু বৃহস্পতিবাৰে জে’লত কিছুসময়ৰ বাবে লগ ধৰিছে। এনে পৰিস্থিতিত শ্বাহৰুখ যে মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে সেইকথা নকৈ নক’লেও চলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী