--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুখ কুলাই-পাচিয়ে নধৰা হৈছে বলীউড বাদশ্বাহৰ। ২ অক্টোবৰৰ পৰা বন্দীশালত আছে প্ৰিয় পুত্ৰ আৰিয়ান। আৰিয়ানক মুকলি আকাশৰ তললৈ আনিবলৈ কৰা সকলো চেষ্টাই ব্যৰ্থ হৈছে শ্বাহৰুখৰ। বৰং দিনে দিনে বাঢ়ি গৈ আছে কাৰাবাসৰ ম্যাদ। এনচিবিৰ আদালতে এতিয়া ৩০ অক্টোবৰলৈ বৃদ্ধি কৰিছে আৰিয়ানৰ ন্যায়িক জিম্মাৰ ম্যাদ। এতিয়া আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰাৰ বাহিৰে আন একো উপায় নাই শ্বহৰুখৰ। ফেমিলি মেন বুলি পৰিচিত শ্বাহৰুখে পুত্ৰৰে এই দীঘলীয়া বিচ্ছেদ সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে উপস্থিত হয় আৰ্থান ৰোড কাৰাগাৰত। কিন্তু তাতো প্ৰত্যক্ষ ৰূপত তেওঁ লগ নাপালে পুত্ৰক। কাঁচৰ দেৱালৰ এটা পাৰে ৰৈ পুত্ৰৰ সৈতে ইণ্টাৰকমত কথা পাতিবলৈ বাধ্য হয় শ্বাহৰুখ। প্ৰায় ১৫মিনিট ধৰি হোৱা কথা-বতৰাও সুখকৰ নহ’ল শ্বাহৰুখৰ বাবে। কিয়নো, পুত্ৰই পিতৃক উচুপি উচুপি ক’লে জে’লত কিদৰে তেওঁ দুৰ্বিসহ জীৱন কটাইছে।


কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰিয়ানে পিতৃৰ সৈতে কথা পতাৰ সময়ত কেইবাৰো কান্দোনত ভাঙি পৰিছিল। শ্বাহৰুখে প্ৰথমেই সুধিছিল খোৱা বোৱা ঠিকমতে কৰিছেনে আৰিয়ানে? তেতিয়া আৰিয়ানে কয় যে, জে’লৰ খাদ্য তেওঁ ভালদৰে খাব পৰা নাই। ভোকে-লঘোণে কাৰাগাৰত বন্দী হৈ থকা পুত্ৰৰ কথা শুনাৰ লগে লগে শ্বাহৰুখে কাৰাগাৰ কৰ্তৃপক্ষক সোধে যে, আৰিয়ানৰ বাবে ঘৰৰপৰা খাদ্য যোগান ধৰিব পাৰিবনে? তেতিয়া কাৰাগাৰ কৰ্তৃপক্ষই ইয়াৰ বাবে আদালতৰ পৰা অনুমতি ল’ব লাগিব বুলি প্ৰকাশ কৰে। এই ১৫ মিনিটত আৰিয়ানক সাহস দিয়াৰ চেষ্টা শ্বাহৰুখে কৰে যদিও তেওঁ যে শোকত ভিতৰৰ পৰা ভাঙি ছিঙি গৈছিল সেয়া তেওঁ শৰীৰী ভাষাই প্ৰকট কৰি তুলিছিল। কাৰাগাৰত ৰৈ থকা লোকসকলক হাতযোৰ কৰি প্ৰায় বাকৰুদ্ধ অৱস্থাত আঁতৰি যায় শ্বাহৰুখ। সেই সময়ছোৱাত তেওঁৰ কাষ চাপিব খোজা অনুৰাগী তথা সংবাদ মাধ্যমৰ লোকৰ আগতো এটা শব্দও নক’লে শ্বাহৰুখে। মাত্ৰ ক’লা চছমাৰ আঁৰত চকুপাৱনী লুকুৱাই আঁতৰি গ’ল নীৰৱে।
কিন্তু কাৰাগাৰৰ পৰা শ্বাহৰুখ ওভতাৰ পাছতে মন্নতত উপস্থিত হ’ল এনচিবিৰ বিষয়া। আৰিয়ানৰে জড়িত পেপাৰৱৰ্ক কৰা আৰু আৰিয়ানৰ যদি কোনো ইলেক্ট্ৰনিক ডিভাইছ আছে সেইবোৰ এনচিবিক চমজাই দিয়াৰ নিৰ্দেশৰ জাননী লৈ মন্নতত উপস্থিত হ’ল এনচিবিৰ দল। এইবাৰো শ্বাহৰুখক দেখা গ’ল অতি ভগ্ন ৰূপত। পুত্ৰৰ বিচ্ছেদৰ ব্যাথাৰ বোজা বুকুত বান্ধি এনচিবৰ দলত তেওঁ ক’লে, আপোনালোকে ভাল কাম কৰি আছে। মই মাত্ৰ আশা কৰিছোঁ মোৰ পুত্ৰ সোনকালে ঘৰলৈ ঘূৰি আহক।
উল্লেখ্য যে, শ্বাহৰুখৰ এটা ভিডিঅ’ শেহতীয়াকৈ ব্যাপকভাৱে প্ৰচাৰ হৈ আছে। য’ত তেওঁ নিজৰ সন্তানৰ প্ৰতি থকা স্নেহৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, মই সকলো পিতৃ-মাতৃয়ে দিয়াৰ দৰে সকলোখিনি তেওঁলোকক দিম। তাৰ উপৰি খোদাৰ পৰা চুৰি কৰি হ’লেও কিছু অতিৰিক্ত সময় তেওঁলোকক দিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া সেয়াও সম্ভৱ হোৱা নাই। প্ৰিয় পুত্ৰ আৰিয়ান প্ৰায় কুৰি দিনে তেওঁৰ পৰা আঁতৰত আছে। ঢুকি নোপোৱা দূৰত্বত থকা পুত্ৰক এইকইদিনত তেওঁ এবাৰো ভালদৰে লগ পাব পৰা নাই। এবাৰ মাত্ৰ ভিডিঅ’ কলিং কৰিছে আৰু বৃহস্পতিবাৰে জে’লত কিছুসময়ৰ বাবে লগ ধৰিছে। এনে পৰিস্থিতিত শ্বাহৰুখ যে মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে সেইকথা নকৈ নক’লেও চলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক