--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন বেজৰ নাকতেই খৰ! শ্বাহৰুখ তনয় আৰিয়ানক গ্ৰেপ্তাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰা এনচিবিৰ টীমটো এতিয়া নিজেই সন্দেহৰ আৱৰ্তত। আৰিয়ানক গ্ৰেপ্তাৰ কৰা দলত এজন বিজেপি নেতা আৰু এজন পলাতক অপৰাধীৰ উপস্থিতিয়ে প্ৰথমৰে পৰা সৃষ্টি কৰিছিল বিতৰ্ক আৰু ৰহস্যৰ। এতিয়া এই দলটোক নেতৃত্ব দিয়া এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠিছে ভালেমান গুৰুতৰ অভিযোগ। ব্যক্তিগত আখেজ আৰু প্ৰতিশোধ পূৰাবৰ বাবেই আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা তথা শ্বাহৰুখক টাৰ্গেট হিচাপে লোৱা বুলি উঠা অভিযোগৰ মাজতে এইবাৰ ধনদাবী আৰু তাৰকাৰ পৰা ব্লেকমেইলিঙেৰে ধন আদায়ৰ অভিযোগ উঠিছে সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে। এই অভিযোগ আনিছে মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে।

মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নবাব মালিকে আৰিয়ান কাণ্ডৰ পাছৰে পৰা সমীৰ ৱাংখেৰে আৰু এনচিবিৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছিল। এনচিবিৰ দলটোত বিজেপি নেতা আৰু প্ৰাইভেট ডিটেকটিভ নামধাৰী পলাতক অপৰাধীও থকাৰ কথা মালিকেই প্ৰথমে পোহৰলৈ আনে। পাছত এনচিবিয়েও এই অভিযোগ স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে। এইবাৰ মালিকে অভিযোগ কৰিছে যে, সমীৰ ৱাংখেৰেই লকডাউনৰ সময়ত মালদ্বীপলৈ গৈছিল আৰু তাত থকা বহু তাৰকাৰ পৰা ভয়-ভাবুকিৰে ধন আদায় কৰিছিল। লকডাউনৰ সময়ত বলীউডৰ বহুসংখ্যক তাৰকা মালদ্বীপত থকা বুলি উল্লেখ কৰি তেওঁ সেই সময়ত তাত ৱাংখেৰে উপস্থিতিৰ প্ৰমাণ থকা বুলি দাবী কৰিছে। বিজেপিৰ হৈ কাম কৰি থকা বিষয়াজনে মহাৰাষ্ট্ৰ চৰকাৰক বদনাম কৰাৰ বাবেই এনেদৰে মুম্বাইৰ তাৰকাসকলক লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে।
মালিকে স্পষ্টকৈ কৈছে, ক’ভিড-১৯ৰ লকডাউনৰ সময়ত প্ৰায় সমগ্ৰ বলীউড মালদ্বীপত গৈ আছিল। সেই সময়ত এই বিষয়াজনে মালদ্বীপ আৰু ডুবাইত কি কৰিছিল? এই কথা অতি স্পষ্ট যে, তেওঁ সকলো দাবী কৰা ধন (ৱাছুলী) মালদ্বীপ আৰু ডুবাইত আদায় কৰিছিল। মই ইয়াৰ আলোকচিত্ৰও প্ৰচাৰ কৰিম।

মন কৰিবলগীয়া যে, সমীৰ ৱাংখেৰেই এই অভিযোগ অস্বীকাৰ কৰিছে যদিও তেওঁ মালদ্বীপলৈ যোৱা কথাটো স্বীকাৰ কৰিছে। তেওঁ কয়, মই মোৰ সন্তানক লৈ মালদ্বীপলৈ গৈছিলোঁ। মই ডুবাইলৈ যোৱা নাছিলোঁ। আৰু লকডাউনৰ সময়ত নহয়, লকডাউন খোলাৰ পাছত মই উপযুক্ত অনুমতি লৈ নিজা খৰচত, পৰিয়ালৰ সৈতে মালদ্বীপলৈ গৈছিলোঁ। মালিকে কোৱাৰ দৰে মোৰ ভগ্নী মোৰ সৈতে নাছিল। তেওঁ নৱাব মালিকৰ অভিযোগ নস্যাত কৰে আৰু তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনায় মন্ত্ৰীগৰাকীক।

মন কৰিবলগীয়া যে, মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰী, মুখ্যমন্ত্ৰীকে প্ৰমু্খ্য কৰি এনচিবিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰি আহিছে। বিশেষকৈ নৱাব মালিকে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠি-পৰি লাগিছে আৰু এনচিবিৰ বহু ষড়যন্ত্ৰমূলক কামো পোহৰলৈ আনিছে। এনচিবি-এ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কথামতে কিছুসংখ্যক লোকক টাৰ্গেট কৰি লোৱা বুলিও তেওঁ বাৰম্বাৰ অভিযোগ কৰি আহিছে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছৰে পৰা এই কাৰ্য আৰম্ভ হৈছে যদিও কোনো তাৰকাৰ বিৰুদ্ধে অভিযোগ সংস্থাটোৱে প্ৰমাণ কৰিব নোৱৰাক লৈও প্ৰশ্ন উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক