--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন বেজৰ নাকতেই খৰ! শ্বাহৰুখ তনয় আৰিয়ানক গ্ৰেপ্তাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰা এনচিবিৰ টীমটো এতিয়া নিজেই সন্দেহৰ আৱৰ্তত। আৰিয়ানক গ্ৰেপ্তাৰ কৰা দলত এজন বিজেপি নেতা আৰু এজন পলাতক অপৰাধীৰ উপস্থিতিয়ে প্ৰথমৰে পৰা সৃষ্টি কৰিছিল বিতৰ্ক আৰু ৰহস্যৰ। এতিয়া এই দলটোক নেতৃত্ব দিয়া এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠিছে ভালেমান গুৰুতৰ অভিযোগ। ব্যক্তিগত আখেজ আৰু প্ৰতিশোধ পূৰাবৰ বাবেই আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা তথা শ্বাহৰুখক টাৰ্গেট হিচাপে লোৱা বুলি উঠা অভিযোগৰ মাজতে এইবাৰ ধনদাবী আৰু তাৰকাৰ পৰা ব্লেকমেইলিঙেৰে ধন আদায়ৰ অভিযোগ উঠিছে সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে। এই অভিযোগ আনিছে মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে।

মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নবাব মালিকে আৰিয়ান কাণ্ডৰ পাছৰে পৰা সমীৰ ৱাংখেৰে আৰু এনচিবিৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছিল। এনচিবিৰ দলটোত বিজেপি নেতা আৰু প্ৰাইভেট ডিটেকটিভ নামধাৰী পলাতক অপৰাধীও থকাৰ কথা মালিকেই প্ৰথমে পোহৰলৈ আনে। পাছত এনচিবিয়েও এই অভিযোগ স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে। এইবাৰ মালিকে অভিযোগ কৰিছে যে, সমীৰ ৱাংখেৰেই লকডাউনৰ সময়ত মালদ্বীপলৈ গৈছিল আৰু তাত থকা বহু তাৰকাৰ পৰা ভয়-ভাবুকিৰে ধন আদায় কৰিছিল। লকডাউনৰ সময়ত বলীউডৰ বহুসংখ্যক তাৰকা মালদ্বীপত থকা বুলি উল্লেখ কৰি তেওঁ সেই সময়ত তাত ৱাংখেৰে উপস্থিতিৰ প্ৰমাণ থকা বুলি দাবী কৰিছে। বিজেপিৰ হৈ কাম কৰি থকা বিষয়াজনে মহাৰাষ্ট্ৰ চৰকাৰক বদনাম কৰাৰ বাবেই এনেদৰে মুম্বাইৰ তাৰকাসকলক লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে।
মালিকে স্পষ্টকৈ কৈছে, ক’ভিড-১৯ৰ লকডাউনৰ সময়ত প্ৰায় সমগ্ৰ বলীউড মালদ্বীপত গৈ আছিল। সেই সময়ত এই বিষয়াজনে মালদ্বীপ আৰু ডুবাইত কি কৰিছিল? এই কথা অতি স্পষ্ট যে, তেওঁ সকলো দাবী কৰা ধন (ৱাছুলী) মালদ্বীপ আৰু ডুবাইত আদায় কৰিছিল। মই ইয়াৰ আলোকচিত্ৰও প্ৰচাৰ কৰিম।

মন কৰিবলগীয়া যে, সমীৰ ৱাংখেৰেই এই অভিযোগ অস্বীকাৰ কৰিছে যদিও তেওঁ মালদ্বীপলৈ যোৱা কথাটো স্বীকাৰ কৰিছে। তেওঁ কয়, মই মোৰ সন্তানক লৈ মালদ্বীপলৈ গৈছিলোঁ। মই ডুবাইলৈ যোৱা নাছিলোঁ। আৰু লকডাউনৰ সময়ত নহয়, লকডাউন খোলাৰ পাছত মই উপযুক্ত অনুমতি লৈ নিজা খৰচত, পৰিয়ালৰ সৈতে মালদ্বীপলৈ গৈছিলোঁ। মালিকে কোৱাৰ দৰে মোৰ ভগ্নী মোৰ সৈতে নাছিল। তেওঁ নৱাব মালিকৰ অভিযোগ নস্যাত কৰে আৰু তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনায় মন্ত্ৰীগৰাকীক।

মন কৰিবলগীয়া যে, মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰী, মুখ্যমন্ত্ৰীকে প্ৰমু্খ্য কৰি এনচিবিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰি আহিছে। বিশেষকৈ নৱাব মালিকে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠি-পৰি লাগিছে আৰু এনচিবিৰ বহু ষড়যন্ত্ৰমূলক কামো পোহৰলৈ আনিছে। এনচিবি-এ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কথামতে কিছুসংখ্যক লোকক টাৰ্গেট কৰি লোৱা বুলিও তেওঁ বাৰম্বাৰ অভিযোগ কৰি আহিছে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছৰে পৰা এই কাৰ্য আৰম্ভ হৈছে যদিও কোনো তাৰকাৰ বিৰুদ্ধে অভিযোগ সংস্থাটোৱে প্ৰমাণ কৰিব নোৱৰাক লৈও প্ৰশ্ন উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?