--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ৰ আজিৰ অনুষ্ঠানত দেশ-বিদেশৰ বহুসংখ্যক বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সমান্তৰালভাৱে অসমৰো বহুকেইটা প্রতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰে। অন্য প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ এছ এন গ্রুপ অব্ কম্পেনীজৰ সৈতেও ৰাজ্য চৰকাৰৰ ৪৮৫ কোটি টকা বিনিয়োগৰ এক চুক্তি সম্পন্ন হয়। 

স্বাস্থ্যখণ্ডত ৩৮০ কোটি আৰু পৰ্যটন ক্ষেত্ৰৰ হোটেল ব্যৱসায়ত ১০৫ কোটি টকা বিনিয়োগ কৰিব SN Group of Companiesয়ে।  স্বাক্ষৰ কৰিলে স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে।

স্বাস্থ্য খণ্ডৰ এই চুক্তি অনুসৰি ৰাজ্যৰ দুটা স্থানত এছ এন গ্রুপে দুখন চিকিৎসালয় স্থাপন কৰিব। গুৱাহাটী আৰু যোৰহাটত এই বৃহৎ ধন বিনিয়োগ কৰি চিকিৎসালয় দুখন স্থাপন কৰাৰ বাবে চৰকাৰৰ সৈতে এছ এন গ্ৰুপৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে আজি চুক্তিত স্বাক্ষৰ কৰে। চুক্তিত স্বাক্ষৰৰ পাছতে ড° নাৰায়ণে প্রকাশ কৰে যে গুৱাহাটীৰ উলুবাৰীত অসম হস্পিটেলৰ নামত আৰু যোৰহাটৰ কাৰাগাৰৰ কাষত নেমকেয়াৰ হস্পিটেলৰ অধীনত নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে দুয়োটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে আৰু অহা দুবছৰৰ ভিতৰত দুয়োখন চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলিও তেওঁ ঘোষণা কৰে। আনহাতে এইবাৰৰ বিনিয়োগ সন্মিলনৰ পাছত অসমৰ অর্থনীতিয়ে ডাবল ইঞ্জিন নহয়, চাৰিটামান ইঞ্জিনৰ গতি লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। 

সন্মিলনৰ প্ৰথম দিনটো অসমৰ বাবে আশাৰ বতৰা হৈ পৰা বুলি প্ৰকাশ কৰি ড° নাৰায়ণে কয় যে এইবাৰ যিসকল বিনিয়োগকাৰী অসমলৈ আহিছে আৰু প্ৰথমদিনাই যিবোৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে, সেইবোৰে অসমৰ অৰ্থনীতিৰ গতি বহু পৰিমাণে বৃদ্ধি কৰিব। অসমত বিনিয়োগ বৃদ্ধি হোৱা মানেই কর্মসংস্থাপনো বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে। এতিয়া অসমৰ নিবনুৱাই বহিঃৰাজ্যলৈ চাকৰি বিচাৰি যাবলগীয়া হোৱা পৰিস্থিতি খুব সোনকালে শেষ হ'ব বুলি আশা প্রকাশ কৰি অসমৰ নিবনুৱাই অসমতে সংস্থাপন পোৱাৰ পথ মুকলি হ'ব বুলি তেওঁ আশা কৰে। অসমত পৰিৱেশ উন্নত হোৱা বুলিও উল্লেখ কৰি পৰিৱেশ-পৰিস্থিতি উন্নত হোৱা বাবে বিনিয়োগকাৰীসকল আগবাঢ়ি অহা বুলিও কয়। 

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাই ৰাজ্যৰ উন্নয়নত অধিক গতি প্ৰদান কৰা বুলিও তেওঁ কয়। আনহাতে আজি যিবোৰ বুজাবুজি চুক্তি সম্পন্ন হৈছে, তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰী বিষয়া-আমোলাই সময়মতে আৰু পৰিপাটিকৈ কামখিনি কৰিলে প্রকল্পবোৰ সোনকালে কাৰ্যকৰী হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। বাহিৰৰ বিনিয়োগকাৰীসকলক কাম কৰাৰ পৰিৱেশ ভালদৰে দিব লাগিব বুলিও তেওঁ প্রকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ