--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতী এয়াৰটেলে বুধবাৰে নিশ্চিত কৰিছে যে টাটা গ্ৰুপৰ সৈতে ডাইৰেক্ট টু হোম (ডিটিএইচ) ব্যৱসায়ৰ সম্ভাৱ্য একত্ৰীকৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। এই চুক্তি সন্দৰ্ভত জল্পনা-কল্পনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত এই প্ৰকাশ পাইছে ৷

এক্সচেঞ্জ ফাইলিঙত এয়াৰটেলে কয় যে, “আমি জনাব বিচাৰো যে ভাৰতী এয়াৰটেল লিমিটেড আৰু টাটা গ্ৰুপে টাটা প্লে লিমিটেডৰ অধীনত টাটা গ্ৰুপৰ ডাইৰেক্ট টু হোম (‘ডিটিএইচ’) ব্যৱসায়ক এয়াৰটেলৰ সহযোগী কোম্পানী ভাৰতী টেলিমিডিয়া লিমিটেডৰ সৈতে একত্ৰিত কৰাৰ সম্ভাৱ্য লেনদেনৰ সন্ধান কৰিবলৈ দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে।”

পূৰ্বৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই চুক্তি শ্বেয়াৰ শ্বেপ হ’ব বুলি আশা কৰা হৈছে, এয়াৰটেলে সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব (৫২-৫৫ শতাংশ) লাভ কৰাৰ বিপৰীতে টাটা ছন্স আৰু ৱাল্ট ডিজনীকে ধৰি টাটা প্লেৰ শ্বেয়াৰহোল্ডাৰসকলে এই সংযুক্ত সত্তাত ৪৫-৪৮ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।

এই সংহতিৰ ফলত এয়াৰটেলক ব্ৰডবেণ্ড আৰু মনোৰঞ্জন ব্যৱসায় সম্প্ৰসাৰণত উপকৃত হ’ব, টেলিকম, ব্ৰডবেণ্ড আৰু ডিটিএইচ সেৱাসমূহক এক ঐক্যবদ্ধ অফাৰত একত্ৰিত কৰা হ’ব। ভাৰতী টেলিমিডিয়াৰ অধীনত পৰিচালিত এয়াৰটেল ডিজিটেল টিভিয়ে টাটা প্লেৰ ১ কোটি ৯০ লাখ ঘৰ আৰু ইয়াৰ পাঁচ লাখ ব্ৰডবেণ্ড গ্ৰাহকৰ সুবিধা লাভ কৰিব।

একত্ৰীকৰণৰ পিছত নতুন সত্তাটোৰ সংযুক্ত গ্ৰাহক ভিত্তি হ’ব ৩৫ মিলিয়ন, আৰু বিত্তীয় বৰ্ষ ২৪ৰ ৰাজহ ৭,০০০ কোটি টকাতকৈ অধিক হ’ব। এয়াৰটেল আৰু টাটা প্লে দুয়োটাৰে ডিটিএইচ ব্যৱসায়ৰ মূল্য ৬-৭,০০০ কোটি টকা।

এই সম্ভাৱ্য একত্ৰীকৰণ ভাৰতৰ মিডিয়া খণ্ডৰ আন এক বৃহৎ উন্নয়নৰ পিছত আহিছে - ৰিলায়েন্স-ডিজনী একত্ৰীকৰণ, যিয়ে জিঅ’ষ্টাৰৰ অধীনত ষ্টাৰ ইণ্ডিয়া আৰু ভায়াকম ১৮ক একত্ৰিত কৰি দেশৰ সৰ্ববৃহৎ মিডিয়া কোম্পানী গঠন কৰিছে।

যদিহে এয়াৰটেল-টাটা প্লেৰ একত্ৰীকৰণ সম্পূৰ্ণ হয় তেন্তে ২০১৬ চনত ডিচ টিভি-ভিডিঅ’কন ডি টু এইচ একত্ৰীকৰণৰ পিছত ভাৰতৰ ডিটিএইচ খণ্ডত ই হ’ব আটাইতকৈ ডাঙৰ চুক্তি। এই চুক্তিৰ জৰিয়তে এয়াৰটেলৰ বজাৰ স্থান শক্তিশালী হ’ব, যাৰ ফলত ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক খণ্ডত জিঅ’ষ্টাৰ আৰু অন্যান্য মিডিয়া জায়ান্টৰ সৈতে ভালদৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু