--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনাৰে থকাসৰকা কৰে। আৰএছএছ-বিজেপিক 'মিছা হিন্দু' বুলি অভিহিত কৰি আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ যুৱৰাজ।

বুধবাৰে সদৌ ভাৰত মহিলা কংগ্ৰেছৰ প্ৰতিস্থা দিৱসত ভাষণ সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছৰ আদৰ্শ আৰএছএছ-বিজেপিতকৈ সম্পূৰ্ণ বিপৰীত আৰু দুইটাৰ ভিতৰত এটা আদৰ্শইহে দেশ শাসন কৰিব পাৰে। লক্ষ্মীদেৱীয়ে জীৱনৰ লক্ষ্যবোৰ প্ৰাপ্তি কৰাত আৰু দুৰ্গাদেৱীয়ে সুৰক্ষা কৰাৰ শক্তিৰ প্ৰতীক বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে তেওঁৰ দলে শাসনৰ গাদীত থাকোতে এই শক্তিবোৰ সুদৃঢ় কৰি ৰাখিছিল যিটোত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে।

বিজেপি আৰু আৰএছএছক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, 'এওঁলোক কেনে ধৰণৰ হিন্দু? এওঁলোক মিছা হিন্দু হয়। এওঁলোকে হিন্দু ধৰ্মৰ প্ৰয়োগ কৰে, ধৰ্মৰ দালালি কৰে, কিন্তু এওঁলোক হিন্দু নহয়।' গান্ধীয়ে লগতে আৰএছএছ-এ নাৰীশক্তিক অৱহেলা কৰা বুলিও অভিযোগ কৰে। আৰএছএছত মহিলাৰ কোনো স্থান নাই য'ত নেকি কংগ্ৰেছে মহিলা প্ৰধান মন্ত্ৰী দিয়া বুলিও তেওঁ ক্ষোভ উজাৰে। কংগ্ৰেছৰ এক সুকীয়া আদৰ্শ আছে আৰু কংগ্ৰেছ কৰ্মী হিচাপে বেলেগ আদৰ্শৰ লগত বুজাবুজি কৰিলেও বিজেপি আৰু আৰএছএছৰ আদৰ্শৰ লগত কোনোপধ্যে নোৱাৰে বুলি কংগ্ৰেছ নেতাজনে কয়। পৰৱৰ্তী সময়ত গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি কয় যে মোদীয়ে চীনক মাটি এৰি দিছে আৰু হাজাৰ হাজাৰ কিলোমিটাৰ ভুমি এতিয়া চীনৰ দখলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক