--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনাৰে থকাসৰকা কৰে। আৰএছএছ-বিজেপিক 'মিছা হিন্দু' বুলি অভিহিত কৰি আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ যুৱৰাজ।

বুধবাৰে সদৌ ভাৰত মহিলা কংগ্ৰেছৰ প্ৰতিস্থা দিৱসত ভাষণ সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছৰ আদৰ্শ আৰএছএছ-বিজেপিতকৈ সম্পূৰ্ণ বিপৰীত আৰু দুইটাৰ ভিতৰত এটা আদৰ্শইহে দেশ শাসন কৰিব পাৰে। লক্ষ্মীদেৱীয়ে জীৱনৰ লক্ষ্যবোৰ প্ৰাপ্তি কৰাত আৰু দুৰ্গাদেৱীয়ে সুৰক্ষা কৰাৰ শক্তিৰ প্ৰতীক বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে তেওঁৰ দলে শাসনৰ গাদীত থাকোতে এই শক্তিবোৰ সুদৃঢ় কৰি ৰাখিছিল যিটোত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে।

বিজেপি আৰু আৰএছএছক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, 'এওঁলোক কেনে ধৰণৰ হিন্দু? এওঁলোক মিছা হিন্দু হয়। এওঁলোকে হিন্দু ধৰ্মৰ প্ৰয়োগ কৰে, ধৰ্মৰ দালালি কৰে, কিন্তু এওঁলোক হিন্দু নহয়।' গান্ধীয়ে লগতে আৰএছএছ-এ নাৰীশক্তিক অৱহেলা কৰা বুলিও অভিযোগ কৰে। আৰএছএছত মহিলাৰ কোনো স্থান নাই য'ত নেকি কংগ্ৰেছে মহিলা প্ৰধান মন্ত্ৰী দিয়া বুলিও তেওঁ ক্ষোভ উজাৰে। কংগ্ৰেছৰ এক সুকীয়া আদৰ্শ আছে আৰু কংগ্ৰেছ কৰ্মী হিচাপে বেলেগ আদৰ্শৰ লগত বুজাবুজি কৰিলেও বিজেপি আৰু আৰএছএছৰ আদৰ্শৰ লগত কোনোপধ্যে নোৱাৰে বুলি কংগ্ৰেছ নেতাজনে কয়। পৰৱৰ্তী সময়ত গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি কয় যে মোদীয়ে চীনক মাটি এৰি দিছে আৰু হাজাৰ হাজাৰ কিলোমিটাৰ ভুমি এতিয়া চীনৰ দখলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান