--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আফগানভূমিত এতিয়াও মাৰ যোৱা নাই আতংকৰ! তালিবানী আগ্ৰাসনত ভীতি-সন্ত্ৰস্ত হৈ দেশত্যাগ কৰিছিল শত-সহস্ত্ৰ আফগান নাগৰিকে। শেহতীয়াকৈ তালিবানী ত্ৰাসৰ বাবে দেশত্যাগ কৰা এইসকল আফগান নাগৰিকক কেন্দ্ৰ কৰি উদ্ভৱ হৈছে প্ৰতিকুল পৰিস্থিতিৰ। যুদ্ধ-বিধ্বস্ত আফগানভূমিৰ অস্বাভাৱিক পৰিস্থিতিৰ বিপৰীতে শৰণাৰ্থী সমস্যাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি, দক্ষিণ আফ্ৰিকাই আফগান শৰণাৰ্থীৰ বোজা বহন কৰিব নোৱাৰে বুলিও সদৰী কৰিছে।

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়োগকো অনুমোদন জনাইছে দক্ষিণ আফ্ৰিকা চৰকাৰে। পাকিস্তানত আশ্ৰয় লোৱা আফগানিস্তানৰ শৰণাৰ্থীসকলক গ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাক কৰা অনুৰোধ পালন কৰিবলৈ সক্ষম নহ’ব বুলি স্পষ্টকৈ জনাই দিছে দক্ষিণ আফ্ৰিকা চৰকাৰে। স্বাভাৱিকতে আফগান শৰণাৰ্থীসকলে এই বিষয়টোকলৈ উদ্বিগ্ন হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা আদালতৰ মুখ্য মুখপাত্ৰ ক্লেমন মনিলাই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে।

আফগানিস্তানৰ শৰণাৰ্থী গ্ৰহণৰ অনুৰোধ দুৰ্ভাগ্যৱশতঃ দক্ষিণ আফ্ৰিকা চৰকাৰে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই বুলি তেওঁ অৱগত কৰিছে। তেওঁ কয়, ‘দক্ষিণ আফ্ৰিকাত ইতিমধ্যে যথেষ্ট সংখ্যক শৰণাৰ্থী বাস কৰে। চৰকাৰে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দুৰ্ঘোৰ সংগ্ৰাম কৰিব লগা হয়। এনেক্ষেত্ৰত আন শৰণাৰ্থীৰ বোজা লোৱাটো অসম্ভৱ।’উল্লেখ্য যে, আন্তৰ্জাতিক আইনৰ পৰিপ্ৰেক্ষিতত, দক্ষিণ আফ্ৰিকাই শৰণাৰ্থীসকলৰ সু-স্বাস্থ্যকে ধৰি সকলো নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰিলেও সম্প্ৰতি আফগান শৰণাৰ্থীসকলক গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্টকৈ জনাই দিছে দক্ষিণ আফ্ৰিকা চৰকাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক