--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশদ্ৰোহৰ গোচৰ এতিয়া অতি সুলভ হৈ পৰিছে। চৰকাৰৰ বিৰোধ বা সমালোচনা কৰিলেই দেশদ্ৰোহৰ কঠোৰ আইনৰ অধীনত গোচৰ জাপি দিয়াৰ পৰম্পৰা বিজেপিৰ আমোলত অধিক তীব্ৰ হোৱা দেখিবলৈ পোৱা গৈছে।  এতিয়াও এই কাৰ্য অব্যাহত আছে। বিভিন্ন বিৰোধী নেতা, আমোলা, সমাজকৰ্মী, শিক্ষাবিদ, সাংবাদিকলৈকে  বিভিন্নজনৰ বিৰুদ্ধে জাপি দিয়া হৈছে দেশদ্ৰোহৰ গোচৰ। এইবাৰ এগৰাকী প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহৰ গোচৰ।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল আজিজ কুৰেশ্বীৰ বিৰুদ্ধে ৰাজ্যখনত গোচৰ কৰা হৈছে দেশদ্ৰোহৰ গোচৰ। যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। ইউপি আৰক্ষীয়ে সোমবাৰে তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে। বিজেপি নেতা আকাশ কুমাৰ ছাক্সেনাৰ অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰামপুৰ জিলাৰ চিভিল লাইনছ আৰক্ষী থানাত দেওবাৰে নেতাজনে অভিযোগ দাখিল কৰিছিল। 

 অভিযোগত নেতাজনে অভিযোগ কৰে যে, সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ ঘৰলৈ গৈ তেওঁৰ পত্নী তাজিন ফাটিমাক সাক্ষাত কৰাৰ পাছত কুৰেশ্বীয়ে চৰকাৰৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল। তেওঁ যোগী চৰকাৰক ৰক্ত পিপাসু দৈত্য আখ্যা দিয়া বুলি অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মন্তব্যই সাম্প্ৰদায়িক শান্তি বিঘ্নিত কৰাৰ আশংকা আছে বুলি বিজেপি নেতাজনে অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপাল কুৰেশ্বীৰ বিৰুদ্ধে ১৫৩-এ, ১৫৩-বি, ১২৪-এ আৰু ৫০৫(১) বি আদি কঠোৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক