--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশদ্ৰোহৰ গোচৰ এতিয়া অতি সুলভ হৈ পৰিছে। চৰকাৰৰ বিৰোধ বা সমালোচনা কৰিলেই দেশদ্ৰোহৰ কঠোৰ আইনৰ অধীনত গোচৰ জাপি দিয়াৰ পৰম্পৰা বিজেপিৰ আমোলত অধিক তীব্ৰ হোৱা দেখিবলৈ পোৱা গৈছে।  এতিয়াও এই কাৰ্য অব্যাহত আছে। বিভিন্ন বিৰোধী নেতা, আমোলা, সমাজকৰ্মী, শিক্ষাবিদ, সাংবাদিকলৈকে  বিভিন্নজনৰ বিৰুদ্ধে জাপি দিয়া হৈছে দেশদ্ৰোহৰ গোচৰ। এইবাৰ এগৰাকী প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহৰ গোচৰ।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল আজিজ কুৰেশ্বীৰ বিৰুদ্ধে ৰাজ্যখনত গোচৰ কৰা হৈছে দেশদ্ৰোহৰ গোচৰ। যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। ইউপি আৰক্ষীয়ে সোমবাৰে তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে। বিজেপি নেতা আকাশ কুমাৰ ছাক্সেনাৰ অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰামপুৰ জিলাৰ চিভিল লাইনছ আৰক্ষী থানাত দেওবাৰে নেতাজনে অভিযোগ দাখিল কৰিছিল। 

 অভিযোগত নেতাজনে অভিযোগ কৰে যে, সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ ঘৰলৈ গৈ তেওঁৰ পত্নী তাজিন ফাটিমাক সাক্ষাত কৰাৰ পাছত কুৰেশ্বীয়ে চৰকাৰৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল। তেওঁ যোগী চৰকাৰক ৰক্ত পিপাসু দৈত্য আখ্যা দিয়া বুলি অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মন্তব্যই সাম্প্ৰদায়িক শান্তি বিঘ্নিত কৰাৰ আশংকা আছে বুলি বিজেপি নেতাজনে অভিযোগ কৰে। প্ৰাক্তন ৰাজ্যপাল কুৰেশ্বীৰ বিৰুদ্ধে ১৫৩-এ, ১৫৩-বি, ১২৪-এ আৰু ৫০৫(১) বি আদি কঠোৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান