--°C
Loading...
Listen to Article
2 min read
80%

গোৰখপুৰঃ উত্তৰ প্ৰদেশৰ অন্তৰ্গত গোৰখপুৰ জিলাখনে উন্নয়নৰ নতুন নজিৰ সৃষ্টি কৰা বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্তব্য কৰিছে। জিলাখনে মাফিয়া, মহৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে উন্নয়নৰ এক নতুন দিশ ৰচনা কৰিছে বুলি মতপোষণ মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁ কয়, ‘এটা সময় আছিল যেতিয়া পূৱ উত্তৰ প্ৰদেশ মাফিয়াৰ কেন্দ্ৰস্থল আছিল আৰু অঞ্চলটোত মেলেৰিয়া, এনকেফেলাইটিছ, ডেংগুৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল।

কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে।’ চেনিটাইজেচন অভিযানৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ৰাজ্যখনত চেনিটাইজেচন প্ৰক্ৰিয়াৰ বহুল প্ৰসাৰৰ লগতে এনকেফেলাইটিছৰ দৰে মহামাৰীক নিয়ন্ত্ৰণৰ বাবে বিহিত কাৰ্যসূচী হাতত লোৱাৰো ইংগিত দিয়ে। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত যোগী চৰকাৰে আৰম্ভ কৰা চেনিটাইজেচন অভিযান ১২ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব বুলিও সদৰী কৰে আদিত্যনাথে।


যোগী আদিত্যনাথে গোৰখপুৰ জিলাৰ সদৰ তহচিল, বেলৱাৰ, কৌদিৰাম আৰু গোলা অঞ্চলৰ বানপীড়িতসকলক সাক্ষাৎ কৰাৰ লগতে ভুক্তভোগী জনতাক সাহায্য সামগ্ৰী বিতৰণ কৰে। বানপীড়িত অঞ্চলসমূহৰ জৰীপ কৰাৰ পূৰ্বে আদিত্যনাথে গোৰখনাথ মন্দিৰত জনতা দৰবাৰৰ সময়ত লোকসকলক সাক্ষাৎ কৰে আৰু ট’কিঅ' পেৰালিম্পিকত পুৰুষৰ একক বেডমিণ্টন ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে গৌতম বুদ্ধ নগৰ জিলা দণ্ডাধীশ সুহাছ এলৱাইক অভিনন্দন জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ