--°C
Loading...
Listen to Article
2 min read
80%

গোৰখপুৰঃ উত্তৰ প্ৰদেশৰ অন্তৰ্গত গোৰখপুৰ জিলাখনে উন্নয়নৰ নতুন নজিৰ সৃষ্টি কৰা বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্তব্য কৰিছে। জিলাখনে মাফিয়া, মহৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে উন্নয়নৰ এক নতুন দিশ ৰচনা কৰিছে বুলি মতপোষণ মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁ কয়, ‘এটা সময় আছিল যেতিয়া পূৱ উত্তৰ প্ৰদেশ মাফিয়াৰ কেন্দ্ৰস্থল আছিল আৰু অঞ্চলটোত মেলেৰিয়া, এনকেফেলাইটিছ, ডেংগুৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল।

কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে।’ চেনিটাইজেচন অভিযানৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ৰাজ্যখনত চেনিটাইজেচন প্ৰক্ৰিয়াৰ বহুল প্ৰসাৰৰ লগতে এনকেফেলাইটিছৰ দৰে মহামাৰীক নিয়ন্ত্ৰণৰ বাবে বিহিত কাৰ্যসূচী হাতত লোৱাৰো ইংগিত দিয়ে। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত যোগী চৰকাৰে আৰম্ভ কৰা চেনিটাইজেচন অভিযান ১২ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব বুলিও সদৰী কৰে আদিত্যনাথে।


যোগী আদিত্যনাথে গোৰখপুৰ জিলাৰ সদৰ তহচিল, বেলৱাৰ, কৌদিৰাম আৰু গোলা অঞ্চলৰ বানপীড়িতসকলক সাক্ষাৎ কৰাৰ লগতে ভুক্তভোগী জনতাক সাহায্য সামগ্ৰী বিতৰণ কৰে। বানপীড়িত অঞ্চলসমূহৰ জৰীপ কৰাৰ পূৰ্বে আদিত্যনাথে গোৰখনাথ মন্দিৰত জনতা দৰবাৰৰ সময়ত লোকসকলক সাক্ষাৎ কৰে আৰু ট’কিঅ' পেৰালিম্পিকত পুৰুষৰ একক বেডমিণ্টন ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে গৌতম বুদ্ধ নগৰ জিলা দণ্ডাধীশ সুহাছ এলৱাইক অভিনন্দন জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক