--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আমেৰিকা যুক্তৰাষ্ট্ৰই সুদীৰ্ঘ ২০ বছৰৰ পাছত আফগানিস্তান ত্যাগ কৰিছে। আফগানিস্তান ত্যাগৰ পাছতে তালিবানে যি ৰুদ্ৰৰূপ ধাৰণ কৰিছিল সেয়া সমগ্ৰ বিশ্বৰে দৃষ্টিগোচৰ হৈছে। তালিবানৰ উপদ্ৰৱত নিজগৃহ ত্যাগ কৰি বিভিন্ন দেশলৈ ঢাপলি মেলিছে আফগান নাগৰিকে। তালিবানী সন্ত্ৰাসে ত্ৰাসিত কৰা নাগৰিকে জীয়াতু ভুগিব লগীয়া হৈছে। কি মৰ্মান্তিক এই দৃশ্য! সমগ্ৰ বিশ্বৰ নাগৰিকে তালিবানী আগ্ৰাসনক বৰ্বৰ আখ্যা দিয়াৰ বিপৰীতে এগৰাকী তালিবানী নেতাই তেওঁলোকৰ আগ্ৰাসনক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। নেতাগৰাকীৰ মতে, ‘তালিবানে ইতিহাস সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰা বুলি জানিবলৈ পোৱা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য কঢ়িয়াই অনা অন্তিমখন বিমানে কাবুল ত্যাগ কৰাৰ পাছত, আফগানিস্তানৰ ৰাজধানী জুৰি গুলীবৰ্ষণ হৈছিল। আন এগৰাকী জ্যেষ্ঠ তালিবান নেতা আনাছ হাক্কানিয়েও টুইটাৰযোগে সদৰী কৰে যে, ‘আমি পুনৰ ইতিহাস সৃষ্টি কৰিছো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ দখলৰ পৰা ২০ বছৰৰ পাছত আফগানিস্তান আজি সকলো বান্ধোনৰ পৰা মুকলি।’ তেওঁ লগতে কয় যে, ‘২০ বছৰৰ জিহাদ, ত্যাগ আৰু কষ্টৰ পাছত এই ঐতিহাসিক মুহূৰ্তটো দেখি মই অত্যন্ত আনন্দিত। তালিবানে কাবুলৰ নিয়ন্ত্ৰণ লোৱাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিভিন্ন দেশে তাৰ পৰা দুৰ্বল আফগান আৰু বিদেশীসকলক স্থানান্তৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আহিছে।’ উল্লেখ্য যে, তালিবানে দেশখনৰ বেছিভাগ অংশই নিয়ন্ত্ৰণত লৈছে। এতিয়া তেওঁলোকে চৰকাৰ গঠনৰ বাবে অপেক্ষা কৰি আছে বুলি জনিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান