--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আমেৰিকা যুক্তৰাষ্ট্ৰই সুদীৰ্ঘ ২০ বছৰৰ পাছত আফগানিস্তান ত্যাগ কৰিছে। আফগানিস্তান ত্যাগৰ পাছতে তালিবানে যি ৰুদ্ৰৰূপ ধাৰণ কৰিছিল সেয়া সমগ্ৰ বিশ্বৰে দৃষ্টিগোচৰ হৈছে। তালিবানৰ উপদ্ৰৱত নিজগৃহ ত্যাগ কৰি বিভিন্ন দেশলৈ ঢাপলি মেলিছে আফগান নাগৰিকে। তালিবানী সন্ত্ৰাসে ত্ৰাসিত কৰা নাগৰিকে জীয়াতু ভুগিব লগীয়া হৈছে। কি মৰ্মান্তিক এই দৃশ্য! সমগ্ৰ বিশ্বৰ নাগৰিকে তালিবানী আগ্ৰাসনক বৰ্বৰ আখ্যা দিয়াৰ বিপৰীতে এগৰাকী তালিবানী নেতাই তেওঁলোকৰ আগ্ৰাসনক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। নেতাগৰাকীৰ মতে, ‘তালিবানে ইতিহাস সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰা বুলি জানিবলৈ পোৱা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য কঢ়িয়াই অনা অন্তিমখন বিমানে কাবুল ত্যাগ কৰাৰ পাছত, আফগানিস্তানৰ ৰাজধানী জুৰি গুলীবৰ্ষণ হৈছিল। আন এগৰাকী জ্যেষ্ঠ তালিবান নেতা আনাছ হাক্কানিয়েও টুইটাৰযোগে সদৰী কৰে যে, ‘আমি পুনৰ ইতিহাস সৃষ্টি কৰিছো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ দখলৰ পৰা ২০ বছৰৰ পাছত আফগানিস্তান আজি সকলো বান্ধোনৰ পৰা মুকলি।’ তেওঁ লগতে কয় যে, ‘২০ বছৰৰ জিহাদ, ত্যাগ আৰু কষ্টৰ পাছত এই ঐতিহাসিক মুহূৰ্তটো দেখি মই অত্যন্ত আনন্দিত। তালিবানে কাবুলৰ নিয়ন্ত্ৰণ লোৱাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিভিন্ন দেশে তাৰ পৰা দুৰ্বল আফগান আৰু বিদেশীসকলক স্থানান্তৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আহিছে।’ উল্লেখ্য যে, তালিবানে দেশখনৰ বেছিভাগ অংশই নিয়ন্ত্ৰণত লৈছে। এতিয়া তেওঁলোকে চৰকাৰ গঠনৰ বাবে অপেক্ষা কৰি আছে বুলি জনিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক