--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানক বান্ধি দিয়া সময়সীমাৰ পূৰ্বে কাবুলৰ পৰা খৰখেদাকৈ প্ৰস্থান কৰিছে আমেৰিকান সৈন্যদলে। আফগানিস্তান ত্যাগৰ পূৰ্বে আমেৰিকাই সকলো সামৰিক বিমান উভতাই নিব নোৱাৰিলে। কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰ এৰাৰ পূৰ্বে, ৭৩ খন অত্যাধুনিক সামৰিক বিমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে ধ্বংস কৰা বুলি জানিবলৈ পোৱা গৈছে। তালিবানে যাতে এই সামৰিক বিমানসমূহ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে দেশখনৰ শীৰ্ষ নেতৃত্বই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ জেনেৰেল কেনেথ মেকেঞ্জিয়ে কয়, ‘কাবুল বিমানবন্দৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত অত্যাধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীবোৰ সামৰিক বিমানৰ দ্বাৰা ধ্বংস কৰা হৈছে। ইয়াৰ উপৰি ৭০খন সামৰিক বাহন আৰু ২৭ খন হামৰী টহলদাৰী বাহন ধ্বংস কৰা হৈছে, প্ৰতিখন বিমানৰ মূল্য আছিল প্ৰায় এক মিলিয়ন ডলাৰ।’


উল্লেখ্য যে, ২০০১ চনত তালিবান চৰকাৰক উৎখাত কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৱে আফগানিস্তানক তেওঁলোকৰ উপস্থিতি অব্যাহত ৰাখিছিল। তেওঁলোকৰ এই অভিযান ৩১ আগষ্টত সমাপ্ত হোৱাৰ কথা আছিল। কিন্তু পেণ্টাগনে সদৰী কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ অন্তিম বিমানখনে সময়সীমা উকলি যোৱাৰ এদিন পূৰ্বেই আফগানিস্তান ত্যাগ কৰে। ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা যুঁজ দিয়া দেশখনৰ যুদ্ধৰ পূৰ্ণ সমাপ্তি ঘটে।


অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৬,০০০ আমেৰিকান নাগৰিকসহ ৭৯,০০০ লোকক সুকলমে উদ্ধাৰ কৰা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক জেনেৰেল কেনেথ মেকেঞ্জিয়ে জানিবলৈ দিছে। ইফালে বিগত এপ্ৰিল মাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সৈন্য প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই ঘোষণা অনুসৰি, আমেৰিকানসকলে এদিন পূৰ্বেই তেওঁলোকৰ সকলো সৈন্য প্ৰত্যাহাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য