--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানক বান্ধি দিয়া সময়সীমাৰ পূৰ্বে কাবুলৰ পৰা খৰখেদাকৈ প্ৰস্থান কৰিছে আমেৰিকান সৈন্যদলে। আফগানিস্তান ত্যাগৰ পূৰ্বে আমেৰিকাই সকলো সামৰিক বিমান উভতাই নিব নোৱাৰিলে। কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰ এৰাৰ পূৰ্বে, ৭৩ খন অত্যাধুনিক সামৰিক বিমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে ধ্বংস কৰা বুলি জানিবলৈ পোৱা গৈছে। তালিবানে যাতে এই সামৰিক বিমানসমূহ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে দেশখনৰ শীৰ্ষ নেতৃত্বই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ জেনেৰেল কেনেথ মেকেঞ্জিয়ে কয়, ‘কাবুল বিমানবন্দৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত অত্যাধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীবোৰ সামৰিক বিমানৰ দ্বাৰা ধ্বংস কৰা হৈছে। ইয়াৰ উপৰি ৭০খন সামৰিক বাহন আৰু ২৭ খন হামৰী টহলদাৰী বাহন ধ্বংস কৰা হৈছে, প্ৰতিখন বিমানৰ মূল্য আছিল প্ৰায় এক মিলিয়ন ডলাৰ।’


উল্লেখ্য যে, ২০০১ চনত তালিবান চৰকাৰক উৎখাত কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৱে আফগানিস্তানক তেওঁলোকৰ উপস্থিতি অব্যাহত ৰাখিছিল। তেওঁলোকৰ এই অভিযান ৩১ আগষ্টত সমাপ্ত হোৱাৰ কথা আছিল। কিন্তু পেণ্টাগনে সদৰী কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ অন্তিম বিমানখনে সময়সীমা উকলি যোৱাৰ এদিন পূৰ্বেই আফগানিস্তান ত্যাগ কৰে। ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা যুঁজ দিয়া দেশখনৰ যুদ্ধৰ পূৰ্ণ সমাপ্তি ঘটে।


অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৬,০০০ আমেৰিকান নাগৰিকসহ ৭৯,০০০ লোকক সুকলমে উদ্ধাৰ কৰা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক জেনেৰেল কেনেথ মেকেঞ্জিয়ে জানিবলৈ দিছে। ইফালে বিগত এপ্ৰিল মাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সৈন্য প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই ঘোষণা অনুসৰি, আমেৰিকানসকলে এদিন পূৰ্বেই তেওঁলোকৰ সকলো সৈন্য প্ৰত্যাহাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক