--°C
Loading...
Listen to Article
2 min read
80%

কাটাৰঃ পূৰ্বৰ চুক্তি অনুসৰি সময়সীমা উকলি যোৱাৰ এদিন পূৰ্বেই আফগানিস্তান ত্যাগ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইফালে, দেশখনে ইয়াৰ কূটনৈতিক অভিযান আফগানিস্তানৰ পৰা মধ্যপ্ৰাচ্যৰ দেশ কাটাৰলৈ স্থানান্তৰিত কৰিছে। পেণ্টাগনে সদৰী কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তিমখন সামৰিক বিমানে ৩০আগষ্টত আফগানিস্তান এৰিছে। আমেৰিকাৰ আফগানিস্তান ত্যাগৰ পাছতে তালিবানৰ শিবিৰত হৰ্ষোল্লাসময় পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকৰ প্ৰস্থানে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে তালিবানী নেতৃবৃন্দক।


আফগানিস্তান ত্যাগৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনী ব্লিঙ্কেনে প্ৰকাশ কৰিছে যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা ইয়াৰ কূটনৈতিক অভিযান কাটাৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমি কাবুলত আমাৰ কূটনৈতিক উপস্থিতি স্থগিত ৰাখিছো আৰু আমি আমাৰ কাৰ্যকলাপ কাটাৰৰ দোহালৈ স্থানান্তৰিত কৰিছো।’


আফগানিস্তানৰ অনিশ্চিত তথা নিৰাপত্তাজনিত পৰিৱেশ আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইটো এটা বিচক্ষণ পদক্ষেপ বুলিও প্ৰকাশ কৰে দেশখনৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে। উল্লেখ্য যে, প্ৰায় ২০০ আমেৰিকান নাগৰিক এতিয়াও আফগানিস্তানত আবদ্ধ হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক, বিদেশী আৰু বিপদাশংকাত থকা আফগানসকলক দেশখনৰ পৰা স্থানান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰো অংগীকাৰ সচিব ব্লিঙ্কেনৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক