--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশঃ সমাগত উত্তৰ প্ৰদেশৰ নিৰ্বাচন। নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিতৰ্কত সাঙোৰ খাই পৰিছে যোগী আদিত্যনাথৰ চৰকাৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জন্মাষ্টমী উপলক্ষে স্পৰ্শকাতৰ মন্তব্য প্ৰদান কৰিছে। মথুৰাত সুৰা আৰু মাংসৰ ব্যৱসায় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। জগতপালক শ্ৰীকৃষ্ণৰ স্মৃতিৰ সৈতে সম্পৰ্কিত মথুৰাত এই দুয়োবিধ সামগ্ৰীৰ কিনা-বেচাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।

চৰকাৰীপক্ষৰ ফালৰ পৰা সোমবাৰে বিষয়টো সন্দৰ্ভত এক নিৰ্দেশনাও জাৰি কৰা হৈছে । সম্প্ৰতি আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সমগ্ৰ দেশতে তিক্ত বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, সোমবাৰে লক্ষ্ণৌত কৃষ্ণোৎসৱৰ আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত উপস্থিত হৈ যোগী আদিত্যনাথে এই মন্তব্য কৰিছিল। তেওঁ কয়, ‘ইয়াত সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

মথুৰাত সুৰা আৰু মাংসৰ বিক্ৰী নিষিদ্ধ কৰা হ'ব।’ একে সময়তে, সুৰা আৰু মাংসৰ বিক্ৰী সৈতে জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও যোগীৰ সকীয়নি। সুৰা আৰু মাংসৰ ব্যৱসায়ৰ সৈতে জড়িতসকলক গাখীৰ বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে যোগীয়ে। এই ব্যৱসায়ে মথুৰাৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিব। গাখীৰ উৎপাদনৰ বাবে এসময়ত নাম আছিল মথুৰাৰ।’ আনহাতে ব্ৰজভূমি মথুৰাৰ উন্নয়নৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাই নিয়াৰ লগতে অঞ্চলটোৰ বিকাশৰ বাবে সাংস্কৃতিক-আধ্যাত্মিক তত্ত্বৰ লগতে আধুনিক প্ৰযুক্তিৰ সৈতে ব্ৰজভূমি বিকাশৰ অংগীকাৰ আদিত্যনাথৰ। ইফালে বিশ্বাসৰ প্ৰতীক এই ধৰ্মীয় স্থানসমূহ দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিছে। এতিয়া সেইবোৰ পুনৰুজ্জীৱিত কৰা হৈছে আৰু এই পবিত্ৰ ভূমিত সুৰা আৰু মাংস নিষিদ্ধ কৰা হ’ব বুলি প্ৰত্যয়েৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান