--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশঃ সমাগত উত্তৰ প্ৰদেশৰ নিৰ্বাচন। নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিতৰ্কত সাঙোৰ খাই পৰিছে যোগী আদিত্যনাথৰ চৰকাৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জন্মাষ্টমী উপলক্ষে স্পৰ্শকাতৰ মন্তব্য প্ৰদান কৰিছে। মথুৰাত সুৰা আৰু মাংসৰ ব্যৱসায় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। জগতপালক শ্ৰীকৃষ্ণৰ স্মৃতিৰ সৈতে সম্পৰ্কিত মথুৰাত এই দুয়োবিধ সামগ্ৰীৰ কিনা-বেচাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।

চৰকাৰীপক্ষৰ ফালৰ পৰা সোমবাৰে বিষয়টো সন্দৰ্ভত এক নিৰ্দেশনাও জাৰি কৰা হৈছে । সম্প্ৰতি আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সমগ্ৰ দেশতে তিক্ত বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, সোমবাৰে লক্ষ্ণৌত কৃষ্ণোৎসৱৰ আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত উপস্থিত হৈ যোগী আদিত্যনাথে এই মন্তব্য কৰিছিল। তেওঁ কয়, ‘ইয়াত সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

মথুৰাত সুৰা আৰু মাংসৰ বিক্ৰী নিষিদ্ধ কৰা হ'ব।’ একে সময়তে, সুৰা আৰু মাংসৰ বিক্ৰী সৈতে জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও যোগীৰ সকীয়নি। সুৰা আৰু মাংসৰ ব্যৱসায়ৰ সৈতে জড়িতসকলক গাখীৰ বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে যোগীয়ে। এই ব্যৱসায়ে মথুৰাৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিব। গাখীৰ উৎপাদনৰ বাবে এসময়ত নাম আছিল মথুৰাৰ।’ আনহাতে ব্ৰজভূমি মথুৰাৰ উন্নয়নৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাই নিয়াৰ লগতে অঞ্চলটোৰ বিকাশৰ বাবে সাংস্কৃতিক-আধ্যাত্মিক তত্ত্বৰ লগতে আধুনিক প্ৰযুক্তিৰ সৈতে ব্ৰজভূমি বিকাশৰ অংগীকাৰ আদিত্যনাথৰ। ইফালে বিশ্বাসৰ প্ৰতীক এই ধৰ্মীয় স্থানসমূহ দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিছে। এতিয়া সেইবোৰ পুনৰুজ্জীৱিত কৰা হৈছে আৰু এই পবিত্ৰ ভূমিত সুৰা আৰু মাংস নিষিদ্ধ কৰা হ’ব বুলি প্ৰত্যয়েৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক