--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ অশান্ত আফগানভূমিত শান্তি বিচাৰিছে মানৱকুলে। স্বাভাৱিক পৰস্থিতিৰ বিপৰীতে বাৰে বাৰে অশান্ত হৈ পৰিছে যুদ্ধ-বিধ্বস্ত আফগানিস্তান। তালিবানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুক্তি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই ৩১ আগষ্টত আফগানিভূমি ত্যাগ কৰে। ইয়াৰ জৰিয়তে, আমেৰিকা যুক্তৰাষ্ট্ৰই কুৰিবছৰীয়া এক দীঘলীয়া গৃহযুদ্ধৰ পৰা পৰিত্ৰাণ পোৱাৰ বিপৰীতে আফগান লোকসকলেও বিদেশী আধিপত্যৰ পৰা মুক্ত হৈ পৰিছে। আমেৰিকাৰ পৰা মুক্ত হলেও তালিবানীৰাজৰ পুনৰুত্থানে শংকিত কৰি তুলিছে আফগান নাগৰিকক। শেহতীয়াকৈ আফগান ভূমিত শুনিবলৈ পোৱা গৈছে গৃহযুদ্ধৰ দামামা। ইয়াৰ মাজতে সঘনাই সুৰ সলনি হৈছে আমেৰিকাৰ।

তালিবানৰ সৈতে একত্ৰিত হৈ আইএছক নিচিহ্ন কৰাৰ উদ্দেশ্যে আমেৰিকাই নৱ-কৌশল ৰচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰপতি বাইডেনক লৈ সৰব হৈ পৰিছে একাংশ নেতৃত্বই। বাইডেন প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক আফগানভূমিৰ পৰা সুৰক্ষিতভাৱে স্থানান্তৰ কৰাত ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰিছে একাংশ আমেৰিকানে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন শীৰ্ষ সামৰিক বিষয়াই আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ বিষয়টোৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। আফগানভূমিত যিধৰণে সন্ত্ৰাসবাদী গোটৰ উদ্ভৱ হৈছে, তাৰ প্ৰতি দৃষ্টি ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰবাৰ আফগানভূমিত পদাৰ্পণ কৰাৰ উপৰি অদূৰ ভৱিষ্যতে আক্ৰমণ চলাব পাৰে বুলিও জনাইছে সামৰিক বিষয়াজনে।

তেওঁ কয়, 'মই ভাবো আমি সোনকালেই আফগানিস্তানলৈ উভতি যাম। আফগানভূমিত ইছলামিক গোটৰ দ্বাৰা কূটনীতিৰ সাম্ৰাজ্য নিৰ্মাণ কৰা হৈছে। পৃথিৱীৰ শান্তি আৰু স্থিৰতাৰ বাবে ই শুভলক্ষণ নহয়।‘
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰতিৰক্ষা কমাণ্ডাৰ হিচাপে পেছাদাৰী কেৰিয়াৰত কেইবাজনো প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে কাম কৰিছে সামৰিক বিষয়াজনে। আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি বাইডেনকো তিক্ত সমালোচনা কৰিছে সেনা বিষয়াজনে। তেওঁ কয় , ‘বাইডেনে যিদৰে অপৰিপক্কতা আৰু অদূৰদৰ্শিতাৰ নিদৰ্শন দেখুৱাইছে, সেইটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ মানসপটত হাঁহি আতৰ পাত্ৰ কৰি তুলিছে।‘


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান