--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ অশান্ত আফগানভূমিত শান্তি বিচাৰিছে মানৱকুলে। স্বাভাৱিক পৰস্থিতিৰ বিপৰীতে বাৰে বাৰে অশান্ত হৈ পৰিছে যুদ্ধ-বিধ্বস্ত আফগানিস্তান। তালিবানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুক্তি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই ৩১ আগষ্টত আফগানিভূমি ত্যাগ কৰে। ইয়াৰ জৰিয়তে, আমেৰিকা যুক্তৰাষ্ট্ৰই কুৰিবছৰীয়া এক দীঘলীয়া গৃহযুদ্ধৰ পৰা পৰিত্ৰাণ পোৱাৰ বিপৰীতে আফগান লোকসকলেও বিদেশী আধিপত্যৰ পৰা মুক্ত হৈ পৰিছে। আমেৰিকাৰ পৰা মুক্ত হলেও তালিবানীৰাজৰ পুনৰুত্থানে শংকিত কৰি তুলিছে আফগান নাগৰিকক। শেহতীয়াকৈ আফগান ভূমিত শুনিবলৈ পোৱা গৈছে গৃহযুদ্ধৰ দামামা। ইয়াৰ মাজতে সঘনাই সুৰ সলনি হৈছে আমেৰিকাৰ।

তালিবানৰ সৈতে একত্ৰিত হৈ আইএছক নিচিহ্ন কৰাৰ উদ্দেশ্যে আমেৰিকাই নৱ-কৌশল ৰচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰপতি বাইডেনক লৈ সৰব হৈ পৰিছে একাংশ নেতৃত্বই। বাইডেন প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক আফগানভূমিৰ পৰা সুৰক্ষিতভাৱে স্থানান্তৰ কৰাত ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰিছে একাংশ আমেৰিকানে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন শীৰ্ষ সামৰিক বিষয়াই আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ বিষয়টোৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। আফগানভূমিত যিধৰণে সন্ত্ৰাসবাদী গোটৰ উদ্ভৱ হৈছে, তাৰ প্ৰতি দৃষ্টি ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰবাৰ আফগানভূমিত পদাৰ্পণ কৰাৰ উপৰি অদূৰ ভৱিষ্যতে আক্ৰমণ চলাব পাৰে বুলিও জনাইছে সামৰিক বিষয়াজনে।

তেওঁ কয়, 'মই ভাবো আমি সোনকালেই আফগানিস্তানলৈ উভতি যাম। আফগানভূমিত ইছলামিক গোটৰ দ্বাৰা কূটনীতিৰ সাম্ৰাজ্য নিৰ্মাণ কৰা হৈছে। পৃথিৱীৰ শান্তি আৰু স্থিৰতাৰ বাবে ই শুভলক্ষণ নহয়।‘
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰতিৰক্ষা কমাণ্ডাৰ হিচাপে পেছাদাৰী কেৰিয়াৰত কেইবাজনো প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে কাম কৰিছে সামৰিক বিষয়াজনে। আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি বাইডেনকো তিক্ত সমালোচনা কৰিছে সেনা বিষয়াজনে। তেওঁ কয় , ‘বাইডেনে যিদৰে অপৰিপক্কতা আৰু অদূৰদৰ্শিতাৰ নিদৰ্শন দেখুৱাইছে, সেইটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ মানসপটত হাঁহি আতৰ পাত্ৰ কৰি তুলিছে।‘


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক