--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : গৌৰী লংকেশ। দেশৰ সাংবাদিকতাৰ জগতখনৰ এটা অবিস্মৰণীয় নাম। মুক্তকণ্ঠী গৌৰী লংকেশ বলি হৈছিল দুৰ্বৃত্তৰ জিঘাংসাৰ। গুলীয়ে বুকু বিদাৰি গ’লেও কিন্তু গৌৰী লংকেশৰ আদৰ্শক হত্যা কৰাটো সম্ভৱ নহ’ল আততায়ীৰ বাবে। সাহসী আৰু আপোচবিহীন সাংবাদিকতাৰ প্ৰতিভূ হৈ ৰ’ল গৌৰী লংকেশ। এইবাৰ এইগৰাকী গৌৰী লংকেশৰ নামত উদযাপন কৰা হ’ব এটা দিৱস। ৫ ছেপ্টেম্বৰৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰিব এখন মহানগৰে। কানাডাৰ বাৰ্নবে মহানগৰে গৌৰী লংকেশ হত্যাৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰিছে।

গৌৰী লংকেশৰ ভগ্নী কবিতা লংকেশে এইকথা প্ৰকাশ কৰিছে। তেওঁ মহানগৰখনৰ পৰা এই দিৱস পালনৰ ঘোষণাৰ সবিশেষ লাভ কৰা বুলি সংবাদ প্ৰতিষ্ঠান পিটিআইক প্ৰকাশ কৰিছে। এই ঘোষণাৰ সবিশেষ প্ৰকাশ কৰা বাৰ্নবেৰ মেয়ৰ মাইক হাৰ্লেই প্ৰকাশ কৰে যে, গৌৰী লংকেশ আছিল এগাৰকী সাহসী ভাৰতীয় সাংবাদিক যিয়ে সত্য আৰু ন্যায়ৰ হকে ঠিয় দিছিল। অন্ধবিশ্বাস আৰু সামাজিক ব্যাধিক প্ৰত্যাহ্বান জনাইছিল আৰু দৰিদ্ৰ আৰু নিপীড়িতসকলৰ বাবে নিজৰ জীৱন উতসৰ্গা কৰিছিল। তেওঁ লগতে প্ৰকাশ কৰে যে, ২০১৭ চনত দমনৰ বিৰুদ্ধে আৰু মানৱ অধিকাৰৰ হকে যুঁজ কৰি লংকেশে নিজৰ প্ৰাণ বিসৰ্জন দিলে।

ভাৰতীয় ঐতিহ্যৰ সৈতে সম্পৰ্কীত কানাডিয়ানসকলে তেওঁ মৃত্যুৰ দিনটো গৌৰী লংকেশ দিৱস হিচাপে পালন কৰিব। এগৰাকী ভাৰতীয় সাংবাদিকৰ নামেৰে অন্য এখন দেশত এটা দিৱস পালন বিশেষ তাতপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কানাডাৰ মহানগৰখনৰ এই প্ৰয়াস নিসন্দেহে সততাপূৰ্ণ আৰু নীতিনিষ্ঠ সাংবাদিকতাৰ প্ৰতি এটা উল্লেখনীয় স্বীকৃতি। এই স্বীকৃতিয়ে গৌৰী লংকেশক ঘূৰাই আনিব নোৱাৰিলেও তেওঁৰ আদৰ্শৰ প্ৰসাৰত নিশ্চয় ভূমিকা পালন কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক