--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা আফগানিস্তানত অনাকাংক্ষিত পৰিৱেশ বিৰাজ কৰিছে। দেশখন এই সমকালীন পৰিস্থিতিয়ে গৃহযুদ্ধৰ আগজাননী দিয়া বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া চীফ অৱ ষ্টাফৰ অধ্যক্ষ মাৰ্ক মিলিয়ে মন্তব্য কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মাৰ্ক মিলিয়ে। কাবুলৰ পতনৰ পাছত আফগানিস্তান তালিবানৰ নিয়ন্ত্ৰণলৈ আহিছিল যদিও তালিবানী আগ্ৰাসন কিম্বা সংঘৰ্ষ স্তিমিত হোৱা নাছিল। পঞ্জশীৰ দখলৰ উদ্দেশ্য তুমুল সংঘৰ্ষত লিপ্ত হৈছে তালিবান।

দেশখনৰ পঞ্জশীৰ প্ৰদেশত বিৰোধী পক্ষৰে এতিয়াও তীব্ৰ যুঁজ দি আছে তালিবানে। এই সমৰত কট্টৰপন্থী মৌলবাদী সংগঠনটোৰ সহস্ৰ তালিবানী সদস্য নিহত হোৱা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যুদ্ধ-বিধ্বস্ত আফগানিস্তানৰ অৰ্থনীতিও লাহে লাহে ধ্বংস হ'বলৈ ওলাইছে। দেশখনৰ বেংকবোৰ হৈ পৰিছে প্ৰায় অৰ্থহীন। বিভিন্ন বিত্তীয় পৰিসেৱাও বন্ধ কৰি দিয়া হৈছে। ইফালে, কাবুল, হেৰাটকে ধৰি বিভিন্ন অঞ্চলত আফগান মহিলাসকলে অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।

প্ৰতিবাদী সমদলক ছত্ৰভঙ্গ দিয়াবলৈ তালিবানে বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলিও পোহৰলৈ আহিছে। আফগানভূমিত তালিবানৰ স্ৱৈৰাছাৰী শাসন আৰু ক্ষমতা আঁজুৰি অনাৰ স্বাৰ্থত জাৰি ৰখা তিক্ত সংগ্ৰামৰ পৰ্যালোচনা কৰি মাৰ্ক মিলিয়ে আফগানিস্তানৰ পৰিস্থিতি গৃহযুদ্ধলৈ পৰ্যবসিত হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। এই গৃহযুদ্ধৰ ফলত আল-কায়েদা আৰু আইএছৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে পুনৰ সন্মুখ-সমৰত অৱতীৰ্ণ হ’ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে। অহা ১-৩ বছৰৰ ভিতৰত আফগানিস্তানত এক বৃহৎ সন্ত্ৰাসবাদী শক্তি পুনৰুজ্জীৱিত হৈ উঠাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি বুলিও তেওঁ সদৰী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?