--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত মহিলা, শিশু তথা কিশোৰীৰ যৌন নিৰ্যাতনৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ সমান্তৰালকৈ কৰ্মস্থলীত যৌন উৎপীড়নৰ ঘটনাই সভ্যসমাজক লজ্জানতও কৰি আহিছে৷আমাৰ দেশত সাম্প্ৰতিক সময়ত বাতৰি কাকত, টেলিভিছন, বিভিন্ন সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰায়ে মহিলাক পদপথত, অফিচ-কাছাৰীত, হাস্পতালত, ব্যৱসায়িক প্ৰতিষ্ঠানত, বাছত, ৰে'লত, স্কুল-কলেজত, হোটেলত, ব্যক্তিগত প্ৰতিষ্ঠানত, ৰাজহুৱা বজাৰ আদিত নিৰ্যাতন, আতিশয্য কৰা আদি বিতৰ্কিত ঘটনা সম্পৰ্কীয় বাতৰি পঢ়িবলৈ অথবা চাবলৈ পোৱা যায়। উল্লেখ্য যে, বিগত বৰ্ষত যেতিয়া বিখ্যাত চলচ্চিত্র প্রযোজক হার্ভে ৱেইনস্টেইনৰ বিৰুদ্ধে ৭০ জনী মহিলাই যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই তাৰানা বার্কে আৰম্ভ কৰা #MeToo আন্দোলনে সংবাদ শিৰোনাম দখল কৰে আৰু বিশ্বজুৰি চৰ্চা লাভ কৰে।

এই বৰ্ষত ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে৷ এই বৰ্ষত কৰ্মস্থলীত হোৱা যৌন নিৰ্যাতনৰ ঘটনা কিছু পৰিমাণে হ্ৰাস পাইছে৷ ৪৪ টা নিফটি কোম্পানীৰ কৰ্মক্ষেত্ৰত মুঠ যৌন নিৰ্যাতনৰ অভিযোগৰ সংখ্যা বিত্তীয় বৰ্ষ ২১- ৩৮.২৬শতাংশলৈ হ্ৰাস পায়৷ কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনৰ পৰা যৌন উৎপীড়ন বিৰোধী পৰামৰ্শদাতা complykaro.com দ্বাৰা বিশ্লেষণ কৰা তথ্যই এই কথা সদৰী কৰিছে৷ বিগত বিত্তীয় বৰ্ষৰ পৰাই ভাৰতৰ সৰ্ববৃহৎ কোম্পানীবোৰৰ কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ ঘটনা তীব্ৰভাৱে হ্ৰাস পাইছিল৷

কিয়নো, কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাছত সকলো কৰ্মচাৰীকে ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিছিল। ৪৪ টা নিফটি কোম্পানীৰ কৰ্মক্ষেত্ৰত মুঠ যৌন নিৰ্যাতনৰ অভিযোগৰ সংখ্যা বিত্তীয় বৰ্ষ ২০২১-ত ৩৮.২৬% হ্ৰাস পাইছে৷ এই কোম্পানীবোৰে ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰত মুঠ ৪৫৫ টা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ তাৰবিপৰীতে ২০২০ বিত্তীয় বৰ্ষত ২৩৯টা ঘটনা আৰু ২০১৯-ত ৭৩৭ টা ঘটনা পোহৰলৈ আহিছিল। অৱশ্যে, ২০২১ বৰ্ষৰ শেষত যৌন নিৰ্যাতনৰ অভিযোগ ৫শতাংশ বৃদ্ধি পাইছে৷

কৰ্মস্থলীত যৌন নিৰ্যাতনৰ অভিযোগৰ ঘটনা আটাইতকৈ বেছি এইচডিএফচি বেংকৰ পৰা পোৱা গৈছিল৷ মুঠ ৪৭ জনে ইয়াৰ ওপৰত ৰুজু কৰিছিল গোচৰ৷ তথ্য অনুসৰি আগৰ বছৰতকৈ ১০শতাংশ কম আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পাছত ভাৰতীয় ষ্টেট বেংকে ৪৫ টা গোচৰ ৰুজু কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক