--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত মহিলা, শিশু তথা কিশোৰীৰ যৌন নিৰ্যাতনৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ সমান্তৰালকৈ কৰ্মস্থলীত যৌন উৎপীড়নৰ ঘটনাই সভ্যসমাজক লজ্জানতও কৰি আহিছে৷আমাৰ দেশত সাম্প্ৰতিক সময়ত বাতৰি কাকত, টেলিভিছন, বিভিন্ন সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰায়ে মহিলাক পদপথত, অফিচ-কাছাৰীত, হাস্পতালত, ব্যৱসায়িক প্ৰতিষ্ঠানত, বাছত, ৰে'লত, স্কুল-কলেজত, হোটেলত, ব্যক্তিগত প্ৰতিষ্ঠানত, ৰাজহুৱা বজাৰ আদিত নিৰ্যাতন, আতিশয্য কৰা আদি বিতৰ্কিত ঘটনা সম্পৰ্কীয় বাতৰি পঢ়িবলৈ অথবা চাবলৈ পোৱা যায়। উল্লেখ্য যে, বিগত বৰ্ষত যেতিয়া বিখ্যাত চলচ্চিত্র প্রযোজক হার্ভে ৱেইনস্টেইনৰ বিৰুদ্ধে ৭০ জনী মহিলাই যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই তাৰানা বার্কে আৰম্ভ কৰা #MeToo আন্দোলনে সংবাদ শিৰোনাম দখল কৰে আৰু বিশ্বজুৰি চৰ্চা লাভ কৰে।

এই বৰ্ষত ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে৷ এই বৰ্ষত কৰ্মস্থলীত হোৱা যৌন নিৰ্যাতনৰ ঘটনা কিছু পৰিমাণে হ্ৰাস পাইছে৷ ৪৪ টা নিফটি কোম্পানীৰ কৰ্মক্ষেত্ৰত মুঠ যৌন নিৰ্যাতনৰ অভিযোগৰ সংখ্যা বিত্তীয় বৰ্ষ ২১- ৩৮.২৬শতাংশলৈ হ্ৰাস পায়৷ কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনৰ পৰা যৌন উৎপীড়ন বিৰোধী পৰামৰ্শদাতা complykaro.com দ্বাৰা বিশ্লেষণ কৰা তথ্যই এই কথা সদৰী কৰিছে৷ বিগত বিত্তীয় বৰ্ষৰ পৰাই ভাৰতৰ সৰ্ববৃহৎ কোম্পানীবোৰৰ কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ ঘটনা তীব্ৰভাৱে হ্ৰাস পাইছিল৷

কিয়নো, কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাছত সকলো কৰ্মচাৰীকে ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিছিল। ৪৪ টা নিফটি কোম্পানীৰ কৰ্মক্ষেত্ৰত মুঠ যৌন নিৰ্যাতনৰ অভিযোগৰ সংখ্যা বিত্তীয় বৰ্ষ ২০২১-ত ৩৮.২৬% হ্ৰাস পাইছে৷ এই কোম্পানীবোৰে ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰত মুঠ ৪৫৫ টা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ তাৰবিপৰীতে ২০২০ বিত্তীয় বৰ্ষত ২৩৯টা ঘটনা আৰু ২০১৯-ত ৭৩৭ টা ঘটনা পোহৰলৈ আহিছিল। অৱশ্যে, ২০২১ বৰ্ষৰ শেষত যৌন নিৰ্যাতনৰ অভিযোগ ৫শতাংশ বৃদ্ধি পাইছে৷

কৰ্মস্থলীত যৌন নিৰ্যাতনৰ অভিযোগৰ ঘটনা আটাইতকৈ বেছি এইচডিএফচি বেংকৰ পৰা পোৱা গৈছিল৷ মুঠ ৪৭ জনে ইয়াৰ ওপৰত ৰুজু কৰিছিল গোচৰ৷ তথ্য অনুসৰি আগৰ বছৰতকৈ ১০শতাংশ কম আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পাছত ভাৰতীয় ষ্টেট বেংকে ৪৫ টা গোচৰ ৰুজু কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক