--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱীয়তাৰ অৱক্ষয়ৰ নিত্য-নতুন স্বৰূপ এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া মানৱীয় সম্পৰ্কই ইয়াৰ চিৰাচৰিত পবিত্ৰতা হেৰুৱাই কলুষিত হ’বলৈ আৰম্ভ কৰিছে। কলংকিত হৈছে পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কও। এইবাৰ ৰাজস্থানত সংঘটিত হৈছে এক জঘন্য ঘটনা। ৰাজস্থানৰ জালোৰ জিলাত এজন লম্পট পিতৃয়ে ধৰ্ষণ কৰিলে নিজ কন্যাক। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে লোকজনৰ পুত্ৰয়ো আত্মহত্যা কৰে। আৰক্ষীয়ে আজি এই জঘন্য ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে।

কিশোৰীগৰাকীয়ে তেওঁৰ খুৰীয়েকক সমস্ত ঘটনা বিৱৰি কোৱাৰ এটা অডিঅ’ ক্লিপ পোহৰলৈ অহাৰ পাছতে লোকজনৰ পুত্ৰ তথা কিশোৰীগৰাকীৰ ভাতৃয়ে এই ঘটনাৰ বিষয়ে অৱগত হয়। শনিবাৰে এই অডিঅ’ পোহৰলৈ অহাৰ পাছত এই ৩২মিনিটৰ অডিঅ’ৰ আঁত ধৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কিন্তু শনিবাৰেই কিশোৰীগৰাকীৰ ভাতৃয়ে নৰ্মদা কেনেলত জাঁপ দি আত্মহত্যা কৰে। ইফালে অভিযুক্ত কলংকিত পিতৃজনে আৰক্ষীৰ দল তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই ঘৰৰপৰা পলায়ন কৰে।

পিতৃয়ে মোবাইল ফোন কিনি দিম বুলি গাড়ীত উঠাই লৈ গৈ নিজ কন্যাক ধৰ্ষণ কৰা বুলি তেওঁ নিজৰ খুৰীয়েকৰ আগত বিৱৰি কৈছিল। কিশোৰীগৰাকীয়ে কোৱা মতে, তেওঁ মাতৃয়ে সেইদিনা তেওঁ ভাতৃকো লগত নিবলৈ দেউতাকক কৈছিল যদিও তেওঁ সেইকথা অস্বীকাৰ কৰিছিল। পূৰ্বেও কিশোৰীগৰাকী শুই থকা সময়ত পিতৃয়ে অবাঞ্চিতভাৱে তেওঁক স্পৰ্শ কৰি যৌন আতিশয্য চলাইছিল বুলি কিশোৰীগৰাকীয়ে তেওঁৰ খুৰীয়েকৰ আগত বিবৰি কয়। কিশোৰীগৰাকীয়ে অভিযোগ কৰিছে যে, পিতৃৰ দুষ্কাৰ্যৰ কথা কোৱাৰ পাছত তেওঁৰ মাতৃয়ে তেওঁকহে ওলোটাই গালি পাৰিছিল। এনে জঘন্য ঘটনাই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান