--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱীয়তাৰ অৱক্ষয়ৰ নিত্য-নতুন স্বৰূপ এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া মানৱীয় সম্পৰ্কই ইয়াৰ চিৰাচৰিত পবিত্ৰতা হেৰুৱাই কলুষিত হ’বলৈ আৰম্ভ কৰিছে। কলংকিত হৈছে পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কও। এইবাৰ ৰাজস্থানত সংঘটিত হৈছে এক জঘন্য ঘটনা। ৰাজস্থানৰ জালোৰ জিলাত এজন লম্পট পিতৃয়ে ধৰ্ষণ কৰিলে নিজ কন্যাক। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে লোকজনৰ পুত্ৰয়ো আত্মহত্যা কৰে। আৰক্ষীয়ে আজি এই জঘন্য ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে।

কিশোৰীগৰাকীয়ে তেওঁৰ খুৰীয়েকক সমস্ত ঘটনা বিৱৰি কোৱাৰ এটা অডিঅ’ ক্লিপ পোহৰলৈ অহাৰ পাছতে লোকজনৰ পুত্ৰ তথা কিশোৰীগৰাকীৰ ভাতৃয়ে এই ঘটনাৰ বিষয়ে অৱগত হয়। শনিবাৰে এই অডিঅ’ পোহৰলৈ অহাৰ পাছত এই ৩২মিনিটৰ অডিঅ’ৰ আঁত ধৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কিন্তু শনিবাৰেই কিশোৰীগৰাকীৰ ভাতৃয়ে নৰ্মদা কেনেলত জাঁপ দি আত্মহত্যা কৰে। ইফালে অভিযুক্ত কলংকিত পিতৃজনে আৰক্ষীৰ দল তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই ঘৰৰপৰা পলায়ন কৰে।

পিতৃয়ে মোবাইল ফোন কিনি দিম বুলি গাড়ীত উঠাই লৈ গৈ নিজ কন্যাক ধৰ্ষণ কৰা বুলি তেওঁ নিজৰ খুৰীয়েকৰ আগত বিৱৰি কৈছিল। কিশোৰীগৰাকীয়ে কোৱা মতে, তেওঁ মাতৃয়ে সেইদিনা তেওঁ ভাতৃকো লগত নিবলৈ দেউতাকক কৈছিল যদিও তেওঁ সেইকথা অস্বীকাৰ কৰিছিল। পূৰ্বেও কিশোৰীগৰাকী শুই থকা সময়ত পিতৃয়ে অবাঞ্চিতভাৱে তেওঁক স্পৰ্শ কৰি যৌন আতিশয্য চলাইছিল বুলি কিশোৰীগৰাকীয়ে তেওঁৰ খুৰীয়েকৰ আগত বিবৰি কয়। কিশোৰীগৰাকীয়ে অভিযোগ কৰিছে যে, পিতৃৰ দুষ্কাৰ্যৰ কথা কোৱাৰ পাছত তেওঁৰ মাতৃয়ে তেওঁকহে ওলোটাই গালি পাৰিছিল। এনে জঘন্য ঘটনাই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক