--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আফগানিস্তানত গঠন হ’ব তালিবানৰ চৰকাৰ। কিন্তু এই চৰকাৰ কেৱল তালিবানীৰেই নহয়। ইয়াত এক বৃহৎ ভূমিকা থাকিব পাকিস্তানৰো। ইতিমধ্যেই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী ফাইজ আহমেদ গৈ উপস্থিত হৈছে কাবুলত।তেওঁ সাক্ষাৎ কৰিছে তালিবানী নেতৃত্বক। চৰকাৰ গঠনৰ কুচকাৱাজ চলাৰ মাজতে কাবুলত ফাইজ আহমেদৰ উপস্থিতি নিসন্দেহে অতিকে মহত্বপূৰ্ণ।


আনহাতে ইতিমধ্যেই কাবুলত আছে পাকিস্তানী নেতৃত্বৰ প্ৰতিনিধি জেনেৰেল হামিদ।
ইফালে পাকিস্তান ভ্ৰমণকাৰী ব্ৰিটিছ বৈদেশিক সচিব ডমিনিক ৰাবক শনিবাৰে পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই কৈছিল যে কাবুলত সকলোকে সামৰি লৈ এখন সুদৃঢ় চৰকাৰ প্ৰতিষ্ঠা কৰাত তালিবানক তেওঁলোকে সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াব। আফগানিস্তানত শান্তি আৰু উন্নয়ন নিশ্চিত কৰাৰ বাবে পাকিস্তান দায়বদ্ধ বুলিও কৈছিল পাকিস্তানী সেনাপ্ৰধান গৰাকীয়ে।


উল্লেখ্য যে তালিবানে চৰকাৰ গঠনৰ সমস্ত প্ৰক্ৰিয়া পৰৱৰ্তী এটা সপ্তাহলৈ স্থগিত ৰাখিছে। আন্তৰাষ্ট্ৰীয় মঞ্চত স্বীকৃত হ’ব পৰাকৈ এখন চৰকাৰ বিধিসন্মতভাৱে প্ৰতিষ্ঠা কৰিব নোৱাৰা বাবেই তালিবানীয়ে এইক্ষেত্ৰত আগবাঢ়ি গৈও থমকি ৰ’বলগীয়া হৈছে। তালিবানৰ নিজৰ মাজৰ মতানৈক্যও এই বিলম্বৰ এক কাৰণ।
যি নহওঁক,আফগানিস্তানত তালিবান চৰকাৰ গঠনৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকা আৰু আগ্ৰহহে ভাৰতৰ বাবে অধিক লক্ষ্যণীয় বিষয় হ’ব। দেশখনৰ চৰকাৰত পাকিস্তানে নিজৰ নিয়ন্ত্ৰণ সুদৃঢ় কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰত পাকিস্তানৰ ওপৰত চীনৰ আশীৰ্বাদ থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। আৰু সঁচাকৈয়ে তালিবানীৰ ওপৰত চীন-পাকিস্তানৰ নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে প্ৰতিষ্ঠা হ’লে ভাৰতৰ বাবে বিষয়টো কিছু পৰিমাণে সংবেদনশীল হ’ব সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক