--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চুৰি কাৰ্য্যটো সন্মুখলৈ অহাৰ পিছতেই কাৰখানাটোৰ স্বত্বাধিকাৰীয়ে আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে এজাহাৰ দাখিলৰ তিনি দিনৰ ভিতৰত চুৰি কাৰ্য্যটোৰ সৈতে জড়িত চোৰকেইটাক আটক কৰে ।

ডিজিটেল ডেস্কঃ যোৱা কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ আগ্ৰাত সন্মুখলৈ আহিছিল এটা চুৰিৰ ঘটনা । ১৯ জানুৱাৰী তাৰিখে সংঘটিত হৈছিল চুৰি কাৰ্য্যটো । কাৰখানাটোৰ পৰা চুৰি হৈছিল ৭.৫‌ কোটি টকা। টকাৰ লগতে কাৰখানাটোৰ পৰা চোৰে লুটি নিছিল আয় অলংকাৰ।


চুৰি কাৰ্য্যটো সন্মুখলৈ অহাৰ পিছতেই কাৰখানাটোৰ স্বত্বাধিকাৰীয়ে আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে এজাহাৰ দাখিলৰ তিনি দিনৰ ভিতৰত চুৰি কাৰ্য্যটোৰ সৈতে জড়িত চোৰকেইটাক আটক কৰে । 


ৰ'জাৰ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডত সংঘটিত হোৱা চুৰিৰ সৈতে জড়িত ৭.৫ কোটি টকাৰ গহনা আৰু নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। এই গোচৰত আৰক্ষীয়ে অনুপম শৰ্মা, তেওঁৰ ভাতৃ আৰু বন্ধু ক্ৰমে অনুৰাগ আৰু সঞ্জয়ক গ্ৰেপ্তাৰ কৰিছে । সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আগ্ৰা আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কয় যে , "অনুপম শৰ্মাই বিগত চাৰি বছৰ ধৰি ৰ'জাৰ কাৰখানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আহিছিল। অনুপমে কাৰখানাটোৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু আনকি নগদ ধন আৰু মূল্যৱান গহনা ক’ত ৰখা হয় সেই কথাও জানিছিল। এই তথ্যৰ সুযোগ লৈয়েই তেওঁ ভাতৃ আৰু বন্ধুৰ সৈতে চুৰি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি চুৰি কাৰ্য্যটো সংঘটিত কৰে। "


চুৰি কাৰ্যৰ পিছতে অভিযুক্তই বাহৰ সমীপৰ এখন গাঁৱৰ এটা গাঁতত পুতি থয় সমগ্ৰ ধন। অৱশ্যে তদন্তৰ অন্তত আৰক্ষীয়ে আটাইখিনি ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তদন্তত পোহৰলৈ আহে যে অনুপমৰ এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ প্ৰেমিকা আছিল , যাৰ ব্যয়বহুল চখ পূৰণ কৰিবলৈ তেওঁ বেংগালুৰুলৈ স্থানান্তৰিত হ'ব বিচাৰিছিল আৰু তাতে ঘৰ কিনিব বিচাৰিছিল।এই উদ্দেশ্যে তেওঁ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল। 


এই ক্ষেত্ৰত কাৰখানাৰ স্বত্বাধিকাৰী দীপক বুদ্ধিৰাজাই আগ্ৰা আৰক্ষীৰ কাম-কাজৰ প্ৰশংসা কৰি আৰক্ষীৰ দলটোক ১০০ শতাংশ সফলতা লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। একে সময়তে দীপক বুদ্ধিৰাজাই ভবা নাছিল যে তেওঁৰ নিজৰ কৰ্মচাৰীয়ে এই সমগ্ৰ ঘটনা সংঘটিত কৰিব।

সম্প্ৰতি স্বত্বাধিকাৰী গৰাকীয়ে সমগ্ৰ বিষয়টো উদঙাই দিয়া আৰক্ষীৰ দলটোক ২৫ হাজাৰ টকাৰ পুৰস্কাৰো প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ