--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চুৰি কাৰ্য্যটো সন্মুখলৈ অহাৰ পিছতেই কাৰখানাটোৰ স্বত্বাধিকাৰীয়ে আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে এজাহাৰ দাখিলৰ তিনি দিনৰ ভিতৰত চুৰি কাৰ্য্যটোৰ সৈতে জড়িত চোৰকেইটাক আটক কৰে ।

ডিজিটেল ডেস্কঃ যোৱা কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ আগ্ৰাত সন্মুখলৈ আহিছিল এটা চুৰিৰ ঘটনা । ১৯ জানুৱাৰী তাৰিখে সংঘটিত হৈছিল চুৰি কাৰ্য্যটো । কাৰখানাটোৰ পৰা চুৰি হৈছিল ৭.৫‌ কোটি টকা। টকাৰ লগতে কাৰখানাটোৰ পৰা চোৰে লুটি নিছিল আয় অলংকাৰ।


চুৰি কাৰ্য্যটো সন্মুখলৈ অহাৰ পিছতেই কাৰখানাটোৰ স্বত্বাধিকাৰীয়ে আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে এজাহাৰ দাখিলৰ তিনি দিনৰ ভিতৰত চুৰি কাৰ্য্যটোৰ সৈতে জড়িত চোৰকেইটাক আটক কৰে । 


ৰ'জাৰ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডত সংঘটিত হোৱা চুৰিৰ সৈতে জড়িত ৭.৫ কোটি টকাৰ গহনা আৰু নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। এই গোচৰত আৰক্ষীয়ে অনুপম শৰ্মা, তেওঁৰ ভাতৃ আৰু বন্ধু ক্ৰমে অনুৰাগ আৰু সঞ্জয়ক গ্ৰেপ্তাৰ কৰিছে । সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আগ্ৰা আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কয় যে , "অনুপম শৰ্মাই বিগত চাৰি বছৰ ধৰি ৰ'জাৰ কাৰখানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আহিছিল। অনুপমে কাৰখানাটোৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু আনকি নগদ ধন আৰু মূল্যৱান গহনা ক’ত ৰখা হয় সেই কথাও জানিছিল। এই তথ্যৰ সুযোগ লৈয়েই তেওঁ ভাতৃ আৰু বন্ধুৰ সৈতে চুৰি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি চুৰি কাৰ্য্যটো সংঘটিত কৰে। "


চুৰি কাৰ্যৰ পিছতে অভিযুক্তই বাহৰ সমীপৰ এখন গাঁৱৰ এটা গাঁতত পুতি থয় সমগ্ৰ ধন। অৱশ্যে তদন্তৰ অন্তত আৰক্ষীয়ে আটাইখিনি ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তদন্তত পোহৰলৈ আহে যে অনুপমৰ এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ প্ৰেমিকা আছিল , যাৰ ব্যয়বহুল চখ পূৰণ কৰিবলৈ তেওঁ বেংগালুৰুলৈ স্থানান্তৰিত হ'ব বিচাৰিছিল আৰু তাতে ঘৰ কিনিব বিচাৰিছিল।এই উদ্দেশ্যে তেওঁ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল। 


এই ক্ষেত্ৰত কাৰখানাৰ স্বত্বাধিকাৰী দীপক বুদ্ধিৰাজাই আগ্ৰা আৰক্ষীৰ কাম-কাজৰ প্ৰশংসা কৰি আৰক্ষীৰ দলটোক ১০০ শতাংশ সফলতা লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। একে সময়তে দীপক বুদ্ধিৰাজাই ভবা নাছিল যে তেওঁৰ নিজৰ কৰ্মচাৰীয়ে এই সমগ্ৰ ঘটনা সংঘটিত কৰিব।

সম্প্ৰতি স্বত্বাধিকাৰী গৰাকীয়ে সমগ্ৰ বিষয়টো উদঙাই দিয়া আৰক্ষীৰ দলটোক ২৫ হাজাৰ টকাৰ পুৰস্কাৰো প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু