--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ শিক্ষিত বয়োজ্যেষ্ঠ লোকসকল 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবে উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

ডিজিটেল ডেস্ক : দেশৰ শিক্ষিত বয়োজ্যেষ্ঠ লোকসকল 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবে উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দেশত 'ডিজিটেল এৰেষ্ট'ৰ বৰ্ধিত ঘটনাৰ বিষয়ত কয় যে চাইবাৰ অপৰাধীৰ ভুৱা দাবীক মানি লৈ আনকি শিক্ষিত আৰু অভিজ্ঞ লোকসকলো বিপথে পৰিচালিত হৈছে আৰু এইসকল বয়োজ্যেষ্ঠ লোকৰ পৰাই চাইবাৰ অপৰাধীয়ে কোটি কোটি টকা সৰকাই নিবলৈ সক্ষম হৈছে। 


উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰে গঠিত বিচাৰপীঠখনে আশ্চর্য প্রকাশ কৰি কয়, 'জ্যেষ্ঠ শিক্ষিত নাগৰিকসকলে কিয় এনে আচৰণ কৰে। কেনে ধৰণৰ ফ'ন কল তেওঁলোকলৈ আহে, আপোনালোকে কিয় সিঁহতৰ শ্রুতলিপি শুনে। সাধাৰণতে আপোনালোক বয়সৰ পৰা আপোনালোকে বহুত অভিজ্ঞতা লাভ কৰিছে,' বয়োজ্যেষ্ঠ শিক্ষিত লোকসকলক উদ্দ্যেশি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এইদৰে কয়। 


উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত নৰেশ মালহোত্রা নামৰ এজন ৭৮ বছৰীয়া বেংকাৰ ডিজিটেল এৰেষ্টৰ বলি হৈছিল আৰু তেওঁ ২৩ কোটি টকা হেৰুৱাইছিল। এই গোচৰৰ সংক্ৰান্ততে এখন আবেদন দাখিল কৰা হৈছিল যে এনেধৰণৰ কেলেংকাৰিৰ পৰা বয়োজ্যেষ্ঠ লোকসকলক সুৰক্ষা দিবৰ বাবে বেংকসমূহক উচ্চতম ন্যায়ালয়ে নির্দেশনা দিব লাগে। এই আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এইদৰে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু