--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ শিক্ষিত বয়োজ্যেষ্ঠ লোকসকল 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবে উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

ডিজিটেল ডেস্ক : দেশৰ শিক্ষিত বয়োজ্যেষ্ঠ লোকসকল 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবে উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দেশত 'ডিজিটেল এৰেষ্ট'ৰ বৰ্ধিত ঘটনাৰ বিষয়ত কয় যে চাইবাৰ অপৰাধীৰ ভুৱা দাবীক মানি লৈ আনকি শিক্ষিত আৰু অভিজ্ঞ লোকসকলো বিপথে পৰিচালিত হৈছে আৰু এইসকল বয়োজ্যেষ্ঠ লোকৰ পৰাই চাইবাৰ অপৰাধীয়ে কোটি কোটি টকা সৰকাই নিবলৈ সক্ষম হৈছে। 


উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰে গঠিত বিচাৰপীঠখনে আশ্চর্য প্রকাশ কৰি কয়, 'জ্যেষ্ঠ শিক্ষিত নাগৰিকসকলে কিয় এনে আচৰণ কৰে। কেনে ধৰণৰ ফ'ন কল তেওঁলোকলৈ আহে, আপোনালোকে কিয় সিঁহতৰ শ্রুতলিপি শুনে। সাধাৰণতে আপোনালোক বয়সৰ পৰা আপোনালোকে বহুত অভিজ্ঞতা লাভ কৰিছে,' বয়োজ্যেষ্ঠ শিক্ষিত লোকসকলক উদ্দ্যেশি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এইদৰে কয়। 


উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত নৰেশ মালহোত্রা নামৰ এজন ৭৮ বছৰীয়া বেংকাৰ ডিজিটেল এৰেষ্টৰ বলি হৈছিল আৰু তেওঁ ২৩ কোটি টকা হেৰুৱাইছিল। এই গোচৰৰ সংক্ৰান্ততে এখন আবেদন দাখিল কৰা হৈছিল যে এনেধৰণৰ কেলেংকাৰিৰ পৰা বয়োজ্যেষ্ঠ লোকসকলক সুৰক্ষা দিবৰ বাবে বেংকসমূহক উচ্চতম ন্যায়ালয়ে নির্দেশনা দিব লাগে। এই আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এইদৰে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ