--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ এখন আদালতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৮ নৱেম্বৰত আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ অভিযোগৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক আদালতে প্ৰেৰণ কৰিছে চমন৷ 

উধম সিং নগৰ জিলাৰ আদালতত জনৈক গণেশ উপাধ্যায়ে দাখিল কৰা গোচৰৰ অধীনত ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ অধীনত দাখিল কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। গোচৰটোত দাবী কৰা হৈছে যে ২০২২ত উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কিছা বিধানসভা সমষ্টিত এক ৰাজহুৱা সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীৰ সন্দৰ্ভত অনুচিত আৰু অপমানজনক মন্তব্য কৰিছিল। গণেশ উপাধ্যায়ে ৰুদ্ৰপুৰ উধম সিং নগৰৰ জিলা আৰু সত্ৰ আদালতত কৰা অভিযোগত শৰ্মাৰ বক্তব্য সন্দৰ্ভত তেওঁৰ অভিযোগ ব্যক্ত কৰা বুলি জানিব পৰা গৈছে। উপাধ্যায়ৰ অভিযোগটোৱে এইটো সূচাই যে স্বাধীনতা সংগ্ৰামৰ পৰা দেশৰ উন্নয়নলৈকে তিনিটা প্ৰজন্মই নেহৰু আৰু গান্ধী পৰিয়ালৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰে মিলি দেশৰ বিকাশত অক্লান্ত অৰিহণা যোগাইছে।

লগতে অভিযোগ কৰা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণৰ সময়ত ৰাহুল গান্ধীৰ প্ৰতি বিদ্বেষ প্ৰদৰ্শন কৰিছিল, তেওঁৰ বংশক প্ৰত্যাহ্বান জনাই কৈছিল ‘আপুনি কোন পিতৃৰ পুত্ৰ আমি প্ৰমাণ বিচাৰিছোঁ নেকি?’

গোচৰটোত দাবী কৰা হৈছে যে ৰাজহুৱাভাৱে কৰা এই মন্তব্যবোৰে ৰাহুল গান্ধীৰ মাতৃ আৰু সংসদ সদস্য ছোনিয়া গান্ধীৰ চৰিত্ৰক পোনপটীয়াকৈ বদনাম কৰিছে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ মীনা দেওপাই এই পৰিপ্ৰেক্ষিততে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৮ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে৷ ৰাজীৱ নয়নৰ নেতৃত্বত দিল্লীৰ এটা আইনী দল আদালতত উপস্থিত আছিল। অহা ১৮ নৱেম্বৰৰ আদালতৰ তাৰিখত চলিত আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি প্ৰত্যক্ষ কৰা হ’ব বুলি প্ৰতিবেদনত কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement