--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিয়ে বৰদিনৰ দিনা এআইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। এআই নিৰ্মিত এই ভিডিঅ'টোত চান্টাক্লজৰ ৰূপত দেখা গৈছে অৰবিন্দ কেজৰিৱালক। ভিডিঅ’টোৰ জৰিয়তে কেজৰিৱাল চৰকাৰে কি দৰে দিল্লীবাসীক চান্তাক্লজৰ দৰে আঁচনি উপহাৰ দি আহিছে তাক প্ৰতিফলিত কৰিছে৷ 

 ভিডিঅ’টোত প্ৰথমে অৰবিন্দ কেজৰিৱালক শিশুৰ সৈতে দেখা গৈছে। ইয়াৰ পিছত তেওঁ মহিলাসকলক ২১০০ টকা উপহাৰ দিয়া দেখা যায়। ইয়াৰ পিছত কেজৰিৱালক দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ বাহিৰত শিশুৰ সৈতে ভিডিও’টোত দেখুওৱা হৈছে। ইয়াৰ পাছতে কেজৰিৱালক গোলাপী ৰঙৰ টিকট লৈ বাছত উঠি যোৱা দেখা গৈছে, যিয়ে দিল্লীৰ বাছত মহিলাসকলৰ বিনামূলীয়া টিকটৰ ব্যৱস্থাক প্ৰদৰ্শন কৰিছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ হাতত সঞ্জীৱনী যোজনাৰ উপহাৰৰ বাকচ লৈ থকাও দেখা গৈছে ভিডিঅ’টোত। লগতে দিল্লীত উপলব্ধ ‘বিনামূলীয়া বিদ্যুৎ’ সেৱাৰ বিষয়েও প্ৰদৰ্শন কৰিছে ভিডিঅ’টোত।

এফালে মহিলা সন্মান আঁচনিৰ অধীনত মহিলাসকলক প্ৰতিমাহে ২১০০ টকা দিয়াৰ বিপৰীতে আনফালে সঞ্জীৱনী আঁচনিৰ অধীনত ৬০ বছৰৰ ওপৰৰ বৃদ্ধসকলক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান সন্দৰ্ভটো ভিডিঅ’টোত দেখুৱা হৈছে। আৱশ্যে সঞ্জীৱনী আঁচনিৰ বাবে আৱন্তিত ধনৰ বিষয়ত আপে একো উল্লেখ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ