--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশৰ বাবে ‘পেলেষ্টাইন’ লিখা হেণ্ডবেগ লৈ সংসদ ভৱনত উপস্থিত হোৱাৰ পাছতে বিজেপিৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই ঘটানাৰ পাছতে বিজেপিৰ সাংসদ অপৰাজিতা সাৰংগীয়ে ১৯৮৪ চন লিখা বেগ এটা লৈ সংসদ ভৱনত উপস্থিত হৈছিল। ১৯৮৪ চনৰ অপাৰেচন ব্লোষ্টাৰ স্মৃতিৰ ফটো সম্বলিত এই বেগটো তেওঁ প্ৰিয়ংকা গান্ধীক উপহাৰ দিয়াৰ পছতে এই লৈ চৰ্চিত হৈছে৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশৰ বাবে ‘পেলেষ্টাইন’ লিখা হেণ্ডবেগ লৈ সংসদ ভৱনত উপস্থিত হয়। ইয়াৰ পিছতে বাংলাদেশৰ হিন্দুসকলক সমৰ্থন কৰা বেগ লৈ সাংসগৰকী সংসদত উপস্থিত হয়। প্ৰিয়ংকা গান্ধীক  ‘১৯৮৪’ লিখা বেগ এটা উপহাৰ দি বিজেপিৰ মহিলা সাংসদ অপৰাজিতা সাৰংগীয়ে কয় যে তেওঁ সংসদলৈ নতুন নতুন বেগ আনে, সেয়ে তেওঁক বেগ উপহাৰ দিয়াৰ কথা ভাবিলোঁ।

১৬ ডিচেম্বৰত প্ৰিয়ংকা গান্ধীয়ে সংসদ ভৱনত কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈউপস্থিত হোৱাৰ পাছত। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত মৌন হৈ থকাৰ বাবে অনুৰাগ ঠাকুৰে প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি লৈছিল। পিছদিনা প্ৰিয়ংকাই “বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ লগত থিয় দিব লাগে।” লিখা এটা বেগ লৈ সংসদত উপস্থিত হৈছিল।

সংসদত বাংলাদেশৰ বিষয়টো উত্থাপন কৰাৰ সময়তো প্ৰিয়ংকা গান্ধীয়ে বাংলাদেশত হিন্দু, খ্ৰীষ্টান আৰু সংখ্যালঘুৰ বিৰুদ্ধে অত্যাচাৰ চলি আছে আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰক মাত মাতিবলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ