--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱৰাত্ৰিৰ সময়ত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতত বতৰৰ ধৰণ সলনি হ’ব আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ১৭ অক্টোবৰলৈকে বহু ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। উত্তৰ ভাৰতৰ উপৰিও আই এম ডিয়ে দক্ষিণ ভাৰতৰ বহু ৰাজ্যত বৰষুণ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে উত্তৰাখণ্ডতো বতৰ সলনি হ’বলৈ আৰম্ভ কৰিছে আৰু বৰফ পৰিবলৈ আৰম্ভ কৰিছে৷ দেওবাৰে কেদাৰনাথ ধামত এই ঋতুৰ প্ৰথমটো বৰফ পৰিল।

উত্তৰ আৰু দক্ষিণ ভাৰতৰ বহু ৰাজ্যত বৰষুণৰ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে। আইএমডিৰ তথ্য অনুসৰি আজি (১৬ অক্টোবৰ) জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱত সামান্য বৰষুণ হ’ব পাৰে। ইয়াৰ উপৰিও ইউ পি আৰু ৰাজস্থানৰ কিছু অঞ্চলতো লঘু বৰষুণ হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগেও দক্ষিণ ভাৰতত বৰষুণৰ সন্দৰ্ভত সকীয়াই দিছে আৰু ১৭ অক্টোবৰলৈকে তামিলনাডু, পুডুচেৰী আৰু কেৰালাত প্ৰবল বৰষুণ হ’ব পাৰে বুলি জানিবলৈ দিছে।

দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সৰ্বোচ্চ উষ্ণতা ৩৪.৬ ডিগ্ৰী চেলছিয়াছ, গড় তাপমাত্ৰাতকৈ এক ডিগ্ৰী বেছি। ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মহানগৰীৰ সৰ্বনিম্ন তাপমাত্ৰা ২১.৬ ডিগ্ৰী চেলছিয়াছ, যিটো ঋতুৰ গড় উষ্ণতাৰ তুলনাত দুই ডিগ্ৰী বেছি। ইয়াৰ লগতে বতৰ বিজ্ঞান বিভাগে সোমবাৰে (১৬ অক্টোবৰ) দিল্লীত লঘু বৰষুণ বা বজ্ৰপাত আৰু আংশিকভাৱে ডাৱৰীয়া আকাশৰ ভৱিষ্যদ্বাণী কৰিছে, আনহাতে নূন্যতম আৰু সৰ্বোচ্চ তাপমাত্ৰা ক্ৰমে ২০ আৰু ৩২ ডিগ্ৰী চেলছিয়াছৰ ওচৰত হ’ব বুলি ধাৰণা কৰা হৈছে।

কেদাৰনাথকে ধৰি কেদাৰনাথৰ আশে-পাশে থকা ওখ পাহাৰত বৰষুণ আৰু বৰফ পৰাৰ ফলত অঞ্চলটোত ঠাণ্ডা বৃদ্ধি পাইছে। যোৱা কেইদিনমানৰ পৰা কেদাৰনাথৰ বতৰ বেয়া হোৱাৰ বাবেই ঠাণ্ডা বাঢ়িছে। দেওবাৰে বৰষুণ, শিলাবৃষ্টি আৰু তাৰ পিছত লঘু বৰফৰ ফলত কেদাৰপুৰীৰ বতৰ ঠাণ্ডা হৈ পৰে। তলৰ অঞ্চলত পাতল ৰ’দ পৰাৰ বিপৰীতে কোনো কোনো ঠাইত প্ৰচণ্ড বতাহৰ লগতে বৰষুণ  পৰিছিল। প্ৰচণ্ড বতাহৰ বাবে একাংশ অঞ্চলত পথত গছ বাগৰি পৰে, যিবোৰ আৰক্ষীয়ে আঁতৰাই যাতায়ত পুনৰ আৰম্ভ কৰে। ডেৰাডুন বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে ৰাজ্যৰ প্ৰায়বোৰ জিলাত একাংশ ঠাইত বজ্ৰপাত আৰু বজ্ৰপাতৰ লগতে শিলাবৃষ্টিৰ ভৱিষ্যদ্বাণী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক