--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৈধ হ’ব নেকি সমলৈঙ্গিক বিবাহ?এইবাৰ পুনৰ প্ৰসংগত সমলিংগ বিবাহৰ প্ৰসংগ৷ সমলিংগ বিবাহ সন্দৰ্ভত মঙলবাৰ অৰ্থাৎ ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান দিয়াৰ সম্ভাৱনা আছে।বিগতসময়চোৱাত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহত সমলিংগ বিবাহক বিশেষ বিবাহ আইনৰ অধীনত আনি পঞ্জীয়ন কৰাৰ দাবী উত্থাপন কৰা হৈছে।

আবেদনকাৰীসকলে কয় যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে আই পি চিৰ ৩৭৭ নং ধাৰাত সমকামিতাক অপৰাধী বুলি গণ্য কৰা এটা অংশ বাতিল কৰিছিল। ইয়াৰ বাবে দুজন প্ৰাপ্তবয়স্কৰ মাজত সন্মতিসূচক সমকামী সম্পৰ্কক এতিয়া অপৰাধ বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত সমকামী বিবাহৰ অনুমোদনৰ ক্ষেত্ৰত এতিয়া দাবী উত্থাপন হৈছে৷এই শুনানি সন্দৰ্ভত সংবিধান বিচাৰপীঠে মে’ মাহত নিজৰ সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ে সংৰক্ষণ কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠে ( ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, এছ ৰবীন্দ্ৰ ভাট, হিমা কোহলী আৰু পি এছ নৰসিংহক লৈ গঠিত) দহ দিনীয়া শুনানিৰ অন্তত চলিত বৰ্ষৰ ১১ মে’ত এই গোচৰৰ ৰায় সংৰক্ষিত কৰিছিল।

আদালতে কয় যে সমলিংগ সম্পৰ্কক স্বীকৃতি দিয়া বা নিদিয়াটো বিধায়িনী দলৰ কাম, কিন্তু চৰকাৰে নিশ্চিত কৰিব লাগিব যে এনে দম্পতীক বিবাহৰ স্বীকৃতি অবিহনে সামাজিক আৰু অন্যান্য সুবিধা আৰু আইনী অধিকাৰ প্ৰদান কৰা হ’ব নে নহ’ব৷ বিবাহ কেৱল আইনী নহয়,বৰঞ্চ সাংবিধানিক সুৰক্ষাৰো যোগ্য।কিন্তু শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সমকামী বিবাহৰ বিৰোধিতা কৰি কয় যে ই এক নগৰীয়া চিন্তাধাৰা, এনে বিবাহৰ ধাৰণাক বৃহৎ চহৰত বাস কৰা একাংশ অভিজাত লোকে দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু