--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৈধ হ’ব নেকি সমলৈঙ্গিক বিবাহ?এইবাৰ পুনৰ প্ৰসংগত সমলিংগ বিবাহৰ প্ৰসংগ৷ সমলিংগ বিবাহ সন্দৰ্ভত মঙলবাৰ অৰ্থাৎ ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান দিয়াৰ সম্ভাৱনা আছে।বিগতসময়চোৱাত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহত সমলিংগ বিবাহক বিশেষ বিবাহ আইনৰ অধীনত আনি পঞ্জীয়ন কৰাৰ দাবী উত্থাপন কৰা হৈছে।

আবেদনকাৰীসকলে কয় যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে আই পি চিৰ ৩৭৭ নং ধাৰাত সমকামিতাক অপৰাধী বুলি গণ্য কৰা এটা অংশ বাতিল কৰিছিল। ইয়াৰ বাবে দুজন প্ৰাপ্তবয়স্কৰ মাজত সন্মতিসূচক সমকামী সম্পৰ্কক এতিয়া অপৰাধ বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত সমকামী বিবাহৰ অনুমোদনৰ ক্ষেত্ৰত এতিয়া দাবী উত্থাপন হৈছে৷এই শুনানি সন্দৰ্ভত সংবিধান বিচাৰপীঠে মে’ মাহত নিজৰ সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ে সংৰক্ষণ কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠে ( ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, এছ ৰবীন্দ্ৰ ভাট, হিমা কোহলী আৰু পি এছ নৰসিংহক লৈ গঠিত) দহ দিনীয়া শুনানিৰ অন্তত চলিত বৰ্ষৰ ১১ মে’ত এই গোচৰৰ ৰায় সংৰক্ষিত কৰিছিল।

আদালতে কয় যে সমলিংগ সম্পৰ্কক স্বীকৃতি দিয়া বা নিদিয়াটো বিধায়িনী দলৰ কাম, কিন্তু চৰকাৰে নিশ্চিত কৰিব লাগিব যে এনে দম্পতীক বিবাহৰ স্বীকৃতি অবিহনে সামাজিক আৰু অন্যান্য সুবিধা আৰু আইনী অধিকাৰ প্ৰদান কৰা হ’ব নে নহ’ব৷ বিবাহ কেৱল আইনী নহয়,বৰঞ্চ সাংবিধানিক সুৰক্ষাৰো যোগ্য।কিন্তু শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সমকামী বিবাহৰ বিৰোধিতা কৰি কয় যে ই এক নগৰীয়া চিন্তাধাৰা, এনে বিবাহৰ ধাৰণাক বৃহৎ চহৰত বাস কৰা একাংশ অভিজাত লোকে দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ