--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪ চনত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়। সকলো বেংককে নিয়ন্ত্ৰণ কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহন কৰাৰ ক্ষমতা আৰবিআইৰ আছে ৷

নিয়ম উলংঘা কৰাৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংক ইউকো বেংকৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে বেংকিং নিয়ন্ত্ৰক ভাৰতীয় ৰিজাৰ্ভ বেংকে। বেংকিং ৰেগুলেচন এক্ট ১৯৪৯ আৰু ইয়াৰ নিৰ্দেশনা পালন নকৰাৰ বাবে আৰ বি আইয়ে ইউকো বেংকক ২,৬৮,৩০,০০০ টকাৰ জৰিমনা বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰেছ যোগে জাৰি কৰে এই তথ্য ৷


আৰ বি আইৰ মতে, ইউকো বেংকত বেংকিং ৰেগুলেচন এক্ট ১৯৪৯ৰ ধাৰা ২৬এ ৰ বিধান, আগধনৰ সুতৰ হাৰ, বেংকৰ চলিত একাউণ্টত অনুশাসন, জমা ধনৰ সুতৰ হাৰ আৰু বাণিজ্যিক বেংক আৰু নিৰ্বাচিত বেংকৰ জালিয়াতিৰ শ্ৰেণীবিভাজনৰ লগতে তথ্য জমা দিয়াৰ বিধান উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ৷ আৰ বি আইয়ে জাৰি কৰা নিৰ্দেশনাসমূহ অমান্য কৰাৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহে এই ব্যৱস্থা গ্ৰহণ কৰিছে । 

আৰ বি আইয়ে জনোৱা মতে, বেংকটোৰ তত্বাৱধায়কৰ তদন্তৰ পিছতে বেংকটোক কাৰণ দেখুৱাবৰ বাবে জাননীও জাৰি কৰা হৈছিল। বেংকে জাননীৰ উত্তৰ দিয়াৰ পাছত আৰ বি আইয়ে জৰিমনা বিহাৰ ব্যৱস্থা ল’ব লাগে বুলি থিৰাং কৰে, তাৰ পিছত বেংকৰ ওপৰত আৰ্থিক জৰিমনা বিহা হয়।


আৰ বি আইৰ তথ্য অনুসৰি ইউকো বেংকে নিজৰ ফ্লটিং ৰেট ব্যক্তিগত খুচুৰা ঋণ আৰু এমএছএমই (MSME)ক দিয়া ঋণৰ বাহ্যিক এক্সটাৰ্নেল বেঞ্চমাৰ্ক কৰাত ব্যৰ্থ হৈছে। এনে লোকৰ কাৰেন্ট একাউণ্ট খোলা হৈছিল য’ত বেংকিং ব্যৱস্থাৰ এক্সপ’জাৰ আছিল ৫ কোটিতকৈও অধিক। যোগ্য নহোৱা লোকৰ নামত চেভিং ডিপ’জিট একাউণ্ট খুলিছিল। কিছুমানৰ দাবী নকৰা ফিক্সড ডিপ’জিটৰ বেলেঞ্চ মেয়াদ উকলি যোৱাৰ তিনি মাহৰ ভিতৰত ডিপ’জিটৰ শিক্ষা আৰু সজাগতা পুঁজিলৈ স্থানান্তৰ কৰিব পৰা নাই, তাৰ পিছত ১০ বছৰতকৈ অধিক সময় ধৰি তেওঁলোকে দাবী নকৰাকৈয়ে আছে। লগতে বেংকে জালিয়াতিৰ গোচৰ বলবৎকাৰী সংস্থাক জনোৱাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল।


আৰ বি আইয়ে কয় যে, এই ব্যৱস্থা বিধিগত আৰু নিয়মাৱলী মানি চলাৰ অভাৱৰ বাবে গ্ৰহণ কৰা হৈছে আৰু বেংকে গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন বা চুক্তিত প্ৰভাৱ পেলোৱাৰ উদ্দেশ্য নহয়। আৰ বি আইয়ে কয় যে আৰ্থিক জৰিমনা আৰোপ কৰিলে বেংকৰ বিৰুদ্ধে আৰম্ভ কৰা আন কোনো ব্যৱস্থাৰ ওপৰত কোনো প্ৰভাৱ নপৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ