--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ক'ভিডৰ দ্বিতীয় ঢৌৰ লগত মোকাবিলা কৰি তৃতীয় ঢৌৰ শংকাত থকা ভাৰতে এতিয়ালৈ প্ৰায় ৬৭.৬৫ কোটি পালি ক'ভিড টিকা প্ৰদান কৰিছে। সমগ্ৰ দেশবাসীকে ক'ভিড ভেকচিন ল'বলৈ বিভিন্ন ধৰণে অনুৰোধ তথা অনুপ্ৰাণিত কৰি থকাৰ মাজতে এক বিশেষ কাৰণত ভেকচিন বিমুখ হ'ল এজন যুৱক। পশ্চিমবংগৰ এজন যুৱকে ভেকচিনেশ্যন চেণ্টাৰলৈ গৈ তবধ মানে যেতিয়া তেওঁক ক'ভিডৰ টিকা লোৱাত বাধা আৰোপ কৰা হয়। ঘটনাটো সংঘটিত হয় দক্ষিণ ২৪ পৰগনাৰ বোৰালৰ এক ভেকচিনেশ্যন চেণ্টাৰত।

শীৰ্ষা নাথ পণ্ডিত নামৰ যুৱকজনে মাতৃৰ সৈতে ৰাজপুৰ-সোণাৰপুৰ পৌৰনিগমৰ কাৰ্যালয়লৈ ক'ভিড ভেকচিন ল'বলৈ গৈছিল। শীৰ্ষাই এটা ভিন্নৰঙী হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰি গৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে কাৰ্যালয়টোৰ পৌৰকৰ্মীয়ে শীৰ্ষাক তেওঁ পৰিধান কৰা পোছাকৰ বাবে ভেকচিন কেন্দ্ৰত প্ৰৱেশৰ অনুমতি নিদিলে। যুৱকজনে পৌৰকৰ্মীসকলক বুজাবলৈ চেষ্টা কৰিছিল যে ভেকচিন লোৱাটো তেওঁৰ অধিকাৰ আৰু তাৰ বাবে পোছাক সম্বন্ধীয় কোনো নিৰ্দেশনা নাই।

কিন্তু আঁকোৰগোজ পৌৰকৰ্মীয়ে শীৰ্ষাক কোনোপধ্যে প্ৰৱেশৰ অনুমতি নিদিলে। পাছত তেওঁ বিভাগীয় বিষয়াক ঘটনাটো দৃষ্টিগোচৰ কৰায়। ৰাজপুৰ-সোণাৰপুৰ পৌৰনিগমৰ অধ্যক্ষ পল্লৱ দাসে জনায় যে, ঘটনাটো তেওঁৰ অৱগত নাছিল যদিও হাফপেণ্ট পৰিহিতক ভেকচিন নিদিবলৈ কোনো নিৰ্দেশনা তেওঁলোকৰ তৰফৰ পৰা দিয়া হোৱা নাই। ৰাজ্যিক স্বাস্থ্য সচিব নাৰায়ণস্বৰূপ নিগমে ঘটনা সন্দৰ্ভত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক